পৃষ্ঠা:তৰা ফুল.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোৰ ঘৰ পোৰা দেখি
জ্বলে মোৰ শুকান বুকু
মোৰ দুখ দেখা পায়
তিতে তোৰ কৰুণ চকু
ভনীটি অ’ ককাই
নুবুজিলে মোক তই
বুজোঁতা কেও যে নাই।

সাৰুৱা পথাৰ তোৰ
যদি থাকে চনে পৰি
হতাশাৰ কেঞাবন
গজে মোৰ চোতাল ভৰি
ভনীটি অ’ ককাই
নুবুজিলে মোক তই
বুজোঁতা কেও যে নাই।

তাঁতখন বওঁতে তোৰ
যদি কেণা লাগে তাত
কি সতে পিন্ধোঁ সাজ
ৰ’দে পোৰা মোৰ গাত
ভনীটি অ’ ককাই
নুবুজিলে মোক তই
বুজোঁতা কেও যে নাই।•

- ১৯ -