পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হৃদয়ৰ বেগ শোকে সহিব নোৱাৰি;
টপ টপ কৰে, হায়! পৰিলে মাটিত
তিয়াই তপত বুকু চকুলো দুধাৰি॥
মনেমনে ল’ৰাৰজা বুলিলে মিহিক
“এইটো নকয় আজি গদা কেনি গ’ল,
“লইযাছো পুনু তই বনৰ মাজত
“শোধগই, গদা ক’ত? কৰি নানা ছল॥
“ছলেৰে নোৱাৰ যদি উলিয়াব তই
“এইৰ মুখৰ পৰা কথা সোৱামীৰ,
“তেতিয়া কৰিবি বল দিবি নানা শাস্তি
“জানো কয় সঁচাকথা হই বা অস্থিৰ॥”
এই বুলি ল’ৰাৰজা মিহিৰ হাতত
অভাগিনী কুঁৱৰীক সমৰপি দিলে,
লগৰীয়া স’তে মিহি ল’ই কুঁৱৰীক
আকউ বনৰ ফালে খঙ্গে টানি নিলে॥