পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 এই ঈৰ্ষাগ্নিৰ মূল হৈছে “ইয়াগো”- ইয়াগো স্বয়ং পাপ বা সয়তানৰ অৱতাৰ৷ ইয়াগাে এজন সৈনিক৷ কেচিও নামে ইয়াগােতকৈ বয়সে সৰু এজন সৎভাৱৰ সৈনিক আছিল৷ ওথেলোৱে ইয়াগােক তল কৰি কেচিওক পদোন্নতি দিলে, ইয়াতেই ইয়াগোৰ হিংসাৰ জুই দপ্ কৰি জ্বলি উঠিল! ইয়াগােৰ বিশ্বাস কেচিও তেওঁতকৈ অনেক গুণে নিকৃষ্ট, অথচ তেওঁৰ নিজৰ পদোন্নতি নহৈ কেচিওৰ হল, ই নিতান্ত অন্যায়৷ ইয়াগোৱে ভাবিলে যে তেওঁৰ পক্ষে এইটো মহৎ অন্যায় আচৰণ কৰা হৈছে, আৰু এই অন্যায় আচৰণৰ মূল হৈছে ওথেলো! কাজেই, ইয়াগোৱে এতিয়া ওথেলােৰ সৰ্ব্বনাশ কৰিবলৈ সুবিধা চাই ফুৰিবলৈ ধৰিলে৷

 সুবিধা চাই, ইয়াগোৱে এদিন ঘৈণীয়েকৰ হতুৱাই ডেচ্‌দিমােনাৰ ৰুমাল এখন চুৰকৰাই আনি, কেচিওৰ ছোলাৰ জেপত গােপনে সুমুৱাই থলেহি৷ এই ৰুমালখন ওথেলােৱে প্ৰেমৰ চিন স্বৰূপে ডেচ্‌দিমােনাক দিছিল৷ ইয়াগোৰ ঘৈণীয়েকৰ নাম এমিলীয়া, এমিলীয়া ডেচ্‌দিমােনাৰ সখী৷ ইফালে ইয়াগােৱে ডেচ্‌দিমােনাৰে কেচিওৰে ভিতৰত গুপ্ত প্ৰণয় আছে বুলি ওথেলােৰ মনত মিছামিছি কৈ বিষম সন্দেহ জন্মাই দিলে আৰু তাৰ প্ৰমাণ স্বৰূপে ওথেলােক মনেমনে মাতি নি, কেচিওৰ ছোলাৰ জেপত সেই ৰুমালখন দেখুৱাই দি কেচিওৰে সৈতে ডেচ্‌দিমােনাৰ অবৈধ প্ৰণয়ৰ প্ৰমাণ কৰি পেলালে৷

 হতভগীয়া ওথেলোৱে কিন্তু বুজিও যেন নুবুজিলে আৰু দেখিও নেদেখিলে৷ মন্ত্ৰমুগ্ধৰ দৰে, ইয়াগোৱে যিহকে কয়, তাকে ধ্ৰুব বিশ্বাস কৰিবলৈ ধৰিলে৷ ওথেলোৱে ভাবিলে, —ডেচ্‌দিমােনা তেওঁৰ প্ৰাণৰ ডেচ্‌দিমােনা অসতী! ওথেলোৰ প্ৰাণৰ প্ৰাণ ডেচ্‌দিমােনা অসতী হ’ল! ওথেলোৱে ভাবিলে, তেনেহ’লে এতিয়াও স্বৰ্গ আছে কিয়? এতিয়াও