|
মহাকবি চেক্ষপীৰৰ কবি-প্ৰতিভা সাহিত্য জগতত অতুলনীয়৷
বিশেষকৈ ওেঁওৰ “মেকবেথ“ “হেমলেট“ “ওথেলো“ আৰু “কিং লিয়ৰ“
এই নাটক চাৰিখনি কবিৰ অপূৰ্ব্বসৃষ্টি৷
“ডেচ্ দিমোনা“— কবিৰ “ওথেলো নাটকৰ প্ৰধান নায়িকা, ৱেবান্তিও নামে ভেনিচৰ এজন মন্ত্ৰীৰ একমাত্ৰ ছোৱালী, অতুল ঐশ্বৰ্য্যৰ অধিকাৰিনী আৰু জগতত অতুলনায়া সুন্দৰা৷ ডেচ্ দিমোনা সুন্দৰী যেনে, তেওঁৰ ক্ষুদ্ৰ অন্তকৰণত প্ৰেমো তেনে অসীম—ভালপোৱাও তেনে গভীৰ৷ সেই প্ৰেম আৰু ভালপোৱা কিছু ওথেলো নামে এক কৃষ্ণকায় “মুৰ” বা কাফ্ৰিৰ ভাগ্যত৷ ওথেলো ভেনিচৰ প্ৰধান সেনাপতি৷ ডেচ্ দিমোনাৰেই দৰে ওথেলোও এজন প্ৰেমিক পুৰুষ, কিন্তু he loved too well but not wisely, অৰ্থাৎ ওথেলোৱে ডেচ্ দিমোনাক হৃদয়বান পুৰুষৰ দৰে ভাল পাইছিল সঁচা কিন্তু তেওঁৰ সেই ভালপোৱা জ্ঞানৱান পুৰুষৰ ভালপোৱাৰ দৰে নাছিলে৷
ওথেলোৰ ভাগ্য অনুকুল নহয়। ডেচ্ দিমোনাৰ সেই অসীম ভালপোৱা আৰু পবিত্ৰ প্ৰেম ওথেলোৰ ভাগ্যত সৰহ দিনলৈ নাথাকিল। মাজতে হঠাৎ ঈৰ্ষ্যাৰূপী বহ্ণি সোমাই হতভগীয়া ওথেলৰ জীৱনৰ সুখ শান্তি পুৰি ভস্মীভূত কৰিলে।