পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই বুলি নিদ্ৰিতা, ডেচ্‌দিমোনাৰ গালত চুমা এটি খাই ওথেলোৱে আকৌ কবলৈ ধৰিলে,—

     One more, one more :—
 Be thus when thou art dead, and I will kill thee,
 And love thee after :- One more, and this the last,
 So sweet was ne'er so fatal, I must weep,
 But they are cruel tears: this sorrow's heavenly,
 It strikes, where it doth love.”

 উন্মাদ অৱস্থাৰ এনেকুৱা আবৃত্তি বিলাকৰ পৰা ওথেলোৰ সেই সময়ৰ মানসিক অৱস্থাৰ ভালকৈ পৰিচয় পোৱাযায়। ওথেলোৰ উন্মাদ অৱস্থা সাধাৰণ উন্মাদৰ দৰে নহয়; ওথেলোৰ উন্মত্ততাত বিশেষত্ব আছে, —এই উন্মত্ততা বিশেষৰূপে ভাবি চাবলগা।

 অৱশেষত দাৰুণ হিংসাৰ বশবৰ্ত্তী হই, ওথেলোৱে ডেচ্‌দিমোনাক, তাৰ পাছত, ইয়াগোক হত্যা কৰিলে, -আৰু নিজৰ ভ্ৰম বুজিব পাৰি, শেহত নিজেও আত্মঘাতী হ’ল!

   ভ্ৰান্তি!
 “নিৰ্ম্মল জোণৰ তুমি কলঙ্কৰ চিন!
 অজ্ঞান অবোধ, হায়! ভ্ৰান্তি কলঙ্কিনি!—
 কি যে ভাল, কি যে বেয়া, নাই একো ভিন!!
  *  *  *
  *  *  *
 তোমাৰ ছলতে ভুলি কত ভ্ৰান্ত জনে
 ধবংস কৰে আপোনাৰ সোণৰ সংসাৰ!!”

 ওথেলোৰ ভাগ্যতো সেয়েই হ’ল! ওথেলোই আজি ভ্ৰান্তিৰ ছলনাত পৰি আপোনাৰ সোনৰ সংসাৰ পুৰি ছাই কৰিলে! ইতি।

লিখোঁতা।