ডেচ্দিমোনা কাব্য/অঙ্গিলা
⸻●⸻ Then, I’ilgrim. turn, thy cares forego, “বনবাসী হেৰা যোগি! চোঁৱা মোৰ ফালে, |
( ২ )
“বাট হেৰুৱালো মই, অকলে অকলে
"ঘুৰি-পকি অৰণ্যত কৰিছোঁ ভ্ৰমন;
“গইছোঁ যিমানে মই, সিমানে বহল
“লাগিছে মনত মোৰ এই ঘোৰ বন॥”
( ৩ )
“ক্ষান্ত হোৱাঁ তুমি, সোণ!” ক'লে যোগীটিয়ে
“অকলে নালাগে যাব এই এন্ধাৰত;
“সেয়া "কালিকা”ৰ জুই, ছলিব’ তোমাক
“ভ্ৰমন কৰিছে সেই অৰণ্য-মাজত॥
( 8 )
“ঘৰবাৰী নাই যাৰ, যি অতি দুখীয়া,
“ইয়াত ( পজাত মোৰ ) তেঁও ঠাই পায়;
“খাবলই দ্ৰব্য মোৰ যদিও অলপ,
“তথাপি যি আছে তাকে দিওঁ উলিয়াই॥
( ৫ )
“তেন্তে, সোণ ! আজিলই ওলটা, ওলটা,
“নিৰ্ভয় মনেৰে আহাঁ যাওঁ কুটীৰত;
“যি পোৱা খোৱাঁহি তাকে, কৰাঁহি বিশ্ৰাম.
“কুশৰ শয্যাত বহি, সন্তোষ মনত॥
( ৬ )
“বনৰ মাজত চৰে হৰিণাৰ পাল,
“সিহঁতৰ প্ৰাণ মই পালেও নহৰোঁ,
“যি কৰে কৰুণা মোক, সেই ঈশ্বৰৰ
“শিকনিত, সিহঁতক সদা স্নেহ কৰোঁ॥
( ৭ )
“অৰণ্যৰ শাকপাত, গছগছনিৰ
“সামান্য আহাৰ মই নিতে আনি খাওঁ।
“ফলমূল আদি কৰি, ঝাৰণাৰ পানী
“কুটীৰত থওঁ আনি।যত্ যি যি পাওঁ॥
( ৮ )
“অতএব, হেৰা যাত্ৰি! ওলটা, ওলটা,
“চিন্তা এৰা, বৰ বেয়া চিন্তা সংসাৰৰ;
“জগতত মানুহৰ অলপ অভাৱ
“সি অভাবো, জানা, যাত্ৰি! মাথোঁ খন্তেকৰ॥”
( ৯ )
“পৰে যেনে পৃথিবীত ধীৰেৰে নিয়ঁৰ,
“তেনেকই যোগীটিৰ কথা শেষ হ’ল:
“তললই কৰি মুখ যাত্ৰিয়ে লাজত
“যোগীটিৰ পাছে পাছে কুটীৰত গ’ল।
( ১০ )
নিৰ্জ্জন যোগীৰ পজা, শান্তি নিকেতন
বনৰ মাজতে, -দূৰে, -আছিলে লুকাই
নিৰাশ্ৰয় বিদেশীৰ দীন দৰিদ্ৰৰ
পথভ্ৰষ্ট পথিকৰ আশ্ৰয়ৰ ঠাই॥
( ১১ )
কুটিৰত এনেকুৱা একোটিকে নাই,
চোৰে নিব বুলি যাক যোগীটিৰ ভয়,
ডাঙ্গমেলি দুৱাৰৰ সোমাল কুটীৰ
দুয়োটিয়ে একেলগে লাহে লাহে গই॥
( ১২ )
বিশ্ৰাম লইছে সবে এনুৱা কালত
শেষ কৰি কাজ কাম, পাই অৱসৰ;
যোগীটিয়ে কিন্তু তুষ্ট কৰিব’ যাত্ৰিক
খৰি আানি, জুই ধৰি দিলে জুহালৰ॥
( ১৩ )
যি আছিলে ফলমূল দিলে উলিয়াই,
খাব দিলে বিদেশীক সন্তোষ মনত
সাধুকথা কইমেলি সাধু যোগীটিয়ে
কটাব ধৰিলে কাল ৰঙ্গ অানন্দত॥
( ১৪ )
কুটীৰত ৰঙ্গ দেখি বিৰলী পোৱালি
ৰঙ্গত অধীৰ হই নাচিব’ ধৰিলে;
জিলীয়ে জুৰিলে গান, জুই ফিৰিঙ্গতি
জুহালৰ কেউফালে উফৰি পৰিলে॥
(১৫)
কিন্তু একোতেই যাত্ৰী নাপালে সন্তোষ,
নিৰানন্দ মন, হায়! বিদেশী যাত্ৰীৰ
অন্তৰ বিষাদে ভৰা, টোপাটোপে পানী
ওলালে চকুৰ পৰা দুখী বিদেশীৰ॥
What is friendship but a name,
A charm that lulls to sleep,
A shade that follows wealth & fame,
But leaves the wretch to weep?
And love is still an emptier sound
The modern fair one’s jest:
On earth unseen ..............”
GOLDSMITH.
( ১ )
যোগীটিয়ে বিদেশীৰ জানি মনোদুখ
দেখাই সহানুভূতি নিজ হৃদয়ৰ
শুধিলে গম্ভীৰ ভাবে “দুৰ্ভগীয়া ডেকা!
“কৰিছা কি হত দুখ? ই দুখ কি হব?
( ২ )
“ই দৰে ফুৰিছানেকি দ্বন্দ-হাই কৰি
“কাৰো স’তে, আপোনাৰ ঘৰবাৰী এৰি?
“সি বুলি তোমাৰ নেকি চকুলো ওলায়?
“কান্দিছা শোকত মুখ বুকুত লুকাই?
৩
বন্ধুত্বৰ প্ৰতিদান নাপালা হবলা?
ভালপোৱাপোৱি নেকি নহল নিচেই?
পাইছিলা যাক ভাল, তেঁওৱে সইতে
ঢালিছিলা ভালপোৱা মিছাতে তেনেই?
( ৪ )
“সম্পদৰ লগে লগে যিটো সুখ আহে,
“অতি তুচ্ছ সেই সুখ, শীঘ্ৰে পায় ক্ষয়,
“তাতোকই আৰু তুচ্ছ যিটে সি সুখক
মূল্যবান বস্তু ভাবি হাদয়ত লয়॥
( ৫ )
“বন্ধুত্ব কি? বন্ধুত্ব যে একোৱে নহয়,
“অস্তিত ইয়াৰ মাথোঁ “বন্ধু শবদত;
“জাদুমন্ত্ৰ মাত্ৰ ইটো টোপনি-নিওৱা
“ঐশ্বৰ্য্য যশৰ ছঁয়া সম্পদ কালত॥
( ৬ )
“ভালপোৱা কথাটিযে নিচেই অসাৰ,
“উঠি-অহা গাভৰুৰ মাত্ৰ উপহাস!
জগতৰ ভিতৰত নেদেখি ইয়াক,
“অলপো নাপায় ক'তো ইয়াৰ আভাস॥
( ৭ )
“লাজৰ বিষয় ইটো, হে নিৰ্ব্বোধ ডেকা!
“শোক দুখ এৰি দিয়াঁ তুমি হৃদয়ৰ!
“অদ্যাৱধি কৰাঁ ঘৃণা তিৰুতা জাতিক,
“বিষম সৌৰভ সেই মোহিনী ফুলৰ॥”
( ৮ )
এই বুলি যোগীটিয়ে ৰ’ল মনে মনে,
লাজত মু-খনী কিন্তু আৰক্তিম হই
এৰি-অহা মৰমৰ অতিথীৰ আগে
ধীৰে ধীৰে অন্তৰৰ দিলে ভাব কই॥
( ৯ )
বিস্ময় চকুৰে চাই, দেখিলে যোগীয়ে,
আকাশ-মাজত যেনে পুঁৱা সময়ত
বিবিধ বৰণ জ্বলে, জ্বলিলে সিৰূপে
বহু শোভা, নানা সাজে চকুৰ আগত॥
( ১০ )
লাজুকী মু-খনি আৰু ওখ বুকু খনি
যোগীটিৰ অন্তৰত সুমুৱালে ভয়,
সুন্দৰী বিদেশী যাত্ৰী পাছে ধীৰে ধীৰে
গাভৰু ছোৱালী বুলি দিলে পৰিচয়॥
( ১১ )
“বিদেশিনী মই, দেব! অতি অভাগিনী,
“ক্ষমা কৰাঁ দোষ মোৰ, মই অসহায়!
“সোমালো পাপিনী আহি পবিত্ৰ ঠাইত,
“কৰিলোহি অপবিত্ৰ উপাসনা-ঠাই॥
( ১২ )
“ক্ষেমা কিন্তু দোষ মোৰ, ভালপোৱায়েহে
“আনিছে ইয়াত যোক ঘূৰাই-ফুৰাই!
“ভ্ৰমিছোঁ ইদৰে মই, শান্তি বিচাৰিছোঁ
“নৈৰাশত বাজে কিন্তু শান্তি পোৱা নাই!!
( ১৩ )
“আছিল আমাৰ ঘৰ টাইনী-দাতিত*
“অতুল ঐশ্বৰ্য্য; ধন আছিল অপাৰ;
“সৰুতে মৰিল আই, মাউৰী ছোৱালী
“আলাশৰ লাড়ু মই আছিলো পিতাৰ॥
( ১৪ )
“বিয়া কৰাবলৈ মোক ধলেধলে ডেকা
“আহিছিল প্ৰতিদিন পিতাৰ কাষত;
*The river Tyne টাইন নামেৰে নইৰ দাতি; এই নই ইংলেণ্ডৰ
উত্তৰফালে অবস্থিত। [ ১০ ]“দেখুৱাই ছিলে মোক ভাব প্ৰণয়ৰ
“ভালে মানে, মোহ গই মোৰ সৌন্দৰ্য্যত॥
( ১৫ )
“বহুত ডেকাই লই মনি কেৰু ধন
“আহিছিল দিনে দিনে মোক নিবলই;
“আহিছিল এটি ডেকা নিচেই পাছত
“এডুইন্ নামেৰে, ভৰা প্ৰেমেৰে হৃদয়॥
( ১৬ )
“অন্তৰ সৰল; সেই সুন্দৰ মূ-খনি
“কপটতা বোলে কাক নাজানে অকনি;
“মোৰ আশাতেই তেঁও আহিছিল সদা,
“কোৱা নাই কিন্তু মোক একো প্ৰেমকথা॥
( ১৭ )
“পিন্ধে সাজ সাধাৰণ ( নহয় বিলাসী )
“দৰিদ্ৰ এডুইন্, নাই ঐশ্বৰ্য্যৰ বল;
“নিজৰ বিজ্ঞতা গুণ সম্পত্তি তেঁওৰ,
“ভাবিছিলো তাকে ময়ো প্ৰকৃত সম্বল॥
( ১৮ )
“মোৰ কোষৰত বহি ফুলনী মাজত
“গাইছিলে গীত যৱে সুললিত সুৰে,
“প্ৰেমগীতে ভৰিছিলে গোটেই ফুলনী,
“ভৰিছিল মৃদু বায়ু ফুলৰ গোন্ধেৰে॥
( ১৯ )
“ৰাতিপুৱা ফুলা ফুল, নিয়ঁৰৰ টোপা
“যদিওবা মনোহৰ, পবিত্ৰ নহয়;
“এডুইন্ৰ মন, সেই হৃদয়ৰ ভাব
“পবিত্ৰতা-ভৰা বুলি জানিছিলো মই॥
( ২০ )
“গোলাপৰ ফুল আৰু নিয়ঁৰৰ টোপা
“আপোন ৰূপত কৰে খন্তেক উজ্জ্বল!
“এডুইন্ৰো ৰূপ তেনে, কিনো দুৰাদৃষ্ট!
“হৃদয়ৰ ভাব মোৰ থিৰেৰে নৰ’ল॥
( ২১ )
“বৃথা গৌৰবত, হায়! গৰবিনী হই
“এডুইন্ৰ প্ৰস্তাবত নহ’লো স্বীকৃত!
“কৌশলে তেঁওক নানা ছলেৰে ভুলাই
“ফুৰিছিলো মাথোঁ দুয়ে ফুলনী-বাৰীত॥
( ২২ )
“নানা ৰূপে তেঁৱে স’তে কৰিছিলো ৰঙ্গ,
“কৰা নাই কিন্তু মোক এদিনকে খঙ্গ;
“যেতিয়া প্ৰণয়ে আহি পশিলে হৃদয়,
“তেঁওৰ দুখত ৰঙ্গ কৰিছিলো মই॥
( ২৩ )
“মোৰ উপেক্ষাতে হই বিষণ্ণ নৈৰাশ,
“সঁপি গ'ল তেঁও মোক দুখৰ হাতত;
“নিৰ্জ্জন ঠাইত গই গোপণে গোপণে
“ত্যাজিলে পৰাণ তেঁও দুখ বেজাৰত॥
( ২৪ )
“মোৰে সেই দোষ, হ’ল মোৰেই অহিত!
“নিজাপ্ৰাণে নিজদোষ কৰি পৰাচিত,
“যি ঠাইত কৰে তেঁও অনন্ত শয়ন,
“সি ঠাইত গই মই ত্যাজিম জীৱন।
( ২৫ )
“সি ঠাইত গই মই অকলে অকলে
"বিসৰ্জ্জিবলই প্ৰাণ থাকিম বিৰলে;
“মোৰ কাৰণেই তেঁও ত্যজিলে পৰাণ,
“তেঁওৰ নিমিত্তে ময়ো তিয়াগিম প্ৰাণ॥
No never from this hour to part,
we’ll live and love so true,
The sigh that rends thy constant heart.
Shall break thy Edwin’s too.
GOLDSMITH.
( ১ )
“নকৰে ঈশ্বৰে যেন এনুৱা তোমাৰ!”
এই বুলি যোগীটিয়ে তুলিলে কোলাত
সাদৰে ছোৱালীটিক। গালি দিও বুলি,
ৰঙ্গমনে চাই, তেও দেখিলে হঠাত;—
( ২ )
পৰাণতো বেচি প্ৰিয় হাতে এডুইন্ৰ
সাদৰে তেঁওক লই কৰিছে আদৰ॥
এডুইন্-মোহিনী, প্ৰিয়ে! এডুইন্ৰ প্ৰাণ,
চোঁৱাছোঁ ফুৰাই চকু, হেৰোৱা এডুইন
চেনেহি! —তোমাক লই সাদৰে কোলাত
“শোভিছে কিৰূপে আজি পবিত্ৰ গহীন॥
(৩)
“ই ৰূপে তোমাক আজি লই হৃদয়ত।
“দুখ শোক চিন্তা মোৰ দিওঁ বিসর্জন;
“পৰস্পৰে দুয়ো আৰু নোহো এৰা-এৰি,
“তুমিয়ে সৰ্ব্বস্ব মোৰ; তুমিয়ে জীৱন৷
( ৪ )
“ইৰূপে কটাম কাল, ইৰূপে উভয়ে
“ভালপাম ইটেসিটে, কোনো সময়ত
“নোহো যেন এৰা-এৰি, হুমুনিয়া যিটো
“অঙ্গিলা!* তোমাক শোক দিব হৃদয়ত,
“সেই হুমুনিয়া মোকো বিনাশ কৰিব
“তোমাৰ বিৰহ মই নোৱাৰোঁ সহিব।।
*Angeliaক অঙ্গিলা বোলা হৈছে।