সমললৈ যাওক

পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঙ্গিলা

   ( ৬ )
 “বনৰ মাজত চৰে হৰিণাৰ পাল,
“সিহঁতৰ প্ৰাণ মই পালেও নহৰোঁ,
“যি কৰে কৰুণা মোক, সেই ঈশ্বৰৰ
“শিকনিত, সিহঁতক সদা স্নেহ কৰোঁ॥

   ( ৭ )
 “অৰণ্যৰ শাকপাত, গছগছনিৰ
“সামান্য আহাৰ মই নিতে আনি খাওঁ।
“ফলমূল আদি কৰি, ঝাৰণাৰ পানী
“কুটীৰত থওঁ আনি।যত্ যি যি পাওঁ॥

   ( ৮ )
 “অতএব, হেৰা যাত্ৰি! ওলটা, ওলটা,
“চিন্তা এৰা, বৰ বেয়া চিন্তা সংসাৰৰ;
“জগতত মানুহৰ অলপ অভাৱ
“সি অভাবো, জানা, যাত্ৰি! মাথোঁ খন্তেকৰ॥”

   ( ৯ )
 “পৰে যেনে পৃথিবীত ধীৰেৰে নিয়ঁৰ,
“তেনেকই যোগীটিৰ কথা শেষ হ’ল:
“তললই কৰি মুখ যাত্ৰিয়ে লাজত
“যোগীটিৰ পাছে পাছে কুটীৰত গ’ল।