পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

   ( ১১ )
 “বিদেশিনী মই, দেব! অতি অভাগিনী,
“ক্ষমা কৰাঁ দোষ মোৰ, মই অসহায়!
“সোমালো পাপিনী আহি পবিত্ৰ ঠাইত,
“কৰিলোহি অপবিত্ৰ উপাসনা-ঠাই॥

   ( ১২ )
 “ক্ষেমা কিন্তু দোষ মোৰ, ভালপোৱায়েহে
“আনিছে ইয়াত যোক ঘূৰাই-ফুৰাই!
“ভ্ৰমিছোঁ ইদৰে মই, শান্তি বিচাৰিছোঁ
“নৈৰাশত বাজে কিন্তু শান্তি পোৱা নাই!!

   ( ১৩ )
 “আছিল আমাৰ ঘৰ টাইনী-দাতিত*
“অতুল ঐশ্বৰ্য্য; ধন আছিল অপাৰ;
“সৰুতে মৰিল আই, মাউৰী ছোৱালী
“আলাশৰ লাড়ু মই আছিলো পিতাৰ॥

   ( ১৪ )
 “বিয়া কৰাবলৈ মোক ধলেধলে ডেকা
“আহিছিল প্ৰতিদিন পিতাৰ কাষত;

*The river Tyne টাইন নামেৰে নইৰ দাতি; এই নই ইংলেণ্ডৰ উত্তৰফালে অবস্থিত।