পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু এপাহ বিদেশী ফুল

   ( ২ )
 “বাট হেৰুৱালো মই, অকলে অকলে
"ঘুৰি-পকি অৰণ্যত কৰিছোঁ ভ্ৰমন;
“গইছোঁ যিমানে মই, সিমানে বহল
“লাগিছে মনত মোৰ এই ঘোৰ বন॥”

   ( ৩ )
 “ক্ষান্ত হোৱাঁ তুমি, সোণ!” ক'লে যোগীটিয়ে
“অকলে নালাগে যাব এই এন্ধাৰত;
“সেয়া "কালিকা”ৰ জুই, ছলিব’ তোমাক
“ভ্ৰমন কৰিছে সেই অৰণ্য-মাজত॥

   ( 8 )
 “ঘৰবাৰী নাই যাৰ, যি অতি দুখীয়া,
“ইয়াত ( পজাত মোৰ ) তেঁও ঠাই পায়;
“খাবলই দ্ৰব্য মোৰ যদিও অলপ,
“তথাপি যি আছে তাকে দিওঁ উলিয়াই॥

   ( ৫ )
 “তেন্তে, সোণ ! আজিলই ওলটা, ওলটা,
“নিৰ্ভয় মনেৰে আহাঁ যাওঁ কুটীৰত;
“যি পোৱা খোৱাঁহি তাকে, কৰাঁহি বিশ্ৰাম.
“কুশৰ শয্যাত বহি, সন্তোষ মনত॥