পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“প্ৰেমগীতে ভৰিছিলে গোটেই ফুলনী,
“ভৰিছিল মৃদু বায়ু ফুলৰ গোন্ধেৰে॥

   ( ১৯ )
 “ৰাতিপুৱা ফুলা ফুল, নিয়ঁৰৰ টোপা
“যদিওবা মনোহৰ, পবিত্ৰ নহয়;
“এডুইন্‌ৰ মন, সেই হৃদয়ৰ ভাব
“পবিত্ৰতা-ভৰা বুলি জানিছিলো মই॥

   ( ২০ )
 “গোলাপৰ ফুল আৰু নিয়ঁৰৰ টোপা
“আপোন ৰূপত কৰে খন্তেক উজ্জ্বল!
“এডুইন্‌ৰো ৰূপ তেনে, কিনো দুৰাদৃষ্ট!
“হৃদয়ৰ ভাব মোৰ থিৰেৰে নৰ’ল॥

   ( ২১ )
 “বৃথা গৌৰবত, হায়! গৰবিনী হই
“এডুইন্‌ৰ প্ৰস্তাবত নহ’লো স্বীকৃত!
“কৌশলে তেঁওক নানা ছলেৰে ভুলাই
“ফুৰিছিলো মাথোঁ দুয়ে ফুলনী-বাৰীত॥

   ( ২২ )
 “নানা ৰূপে তেঁৱে স’তে কৰিছিলো ৰঙ্গ,
“কৰা নাই কিন্তু মোক এদিনকে খঙ্গ;