পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনি

চাৰি বন্ধুৰ সলিল সমাধি

 প্ৰথমেই মোৰ ধাৰণা হ'ল — মই যেন ভয়ংকৰভাৱে অকলশৰীয়া হৈ পৰিছোঁ। পানীত ওপঙি থাকিবলৈ চেষ্টা কৰি থাকোঁতেই আৰু এটা বিশাল ঢৌ ডেষ্ট্ৰয়াৰৰ ওপৰত জঁপিয়াই পৰিল। জাহাজখন দুশ মিটাৰ দূৰত পাক খাই পানীত পৰিল। তাৰ পাছত চকুৰ সন্মুখত অদৃশ্য হৈ গ'ল। হয়তো ডুব গ’ল সাগৰত। এক মুহূৰ্তৰ পাছতে যি ভাবিছিলোঁ, সেয়াই ঘটা দেখিবলৈ পালোঁ। যিমানবোৰ মালপত্ৰ জাহাজত তোলা হৈছিল, সকলো ওপঙি উঠিছে সাগৰৰ পানীত। এটা এটাকৈ আগুৱাই আহিছে মোৰ ওচৰলৈ। চাৰিওকাষে ঢৌৰ কোবত নাচি-বাগি ভাঁহি ভাঁহি উঠিছে কাপোৰৰ বাকচ, ৰেফ্ৰিজাৰেটৰকে আদি কৰি সমস্ত ঘৰুৱা আচবাব। মই সেইবোৰ খামুচি ধৰি ওপঙি থাকিবলৈ চেষ্টা কৰিলোঁ। এইবোৰ কি ঘটিব ধৰিছে মই যেন একো তত্‌ ধৰিব পৰা নাছিলোঁ। ভাসমান এটা বাকচত সাবটি ধৰি হতভম্ব হৈ চাই ৰ'লোঁ সাগৰৰ এই উত্তাল ৰূপ। দিনটো পৰিষ্কাৰ আছিল। মাথোঁ বিশৃংখল কোবাল বতাহ আৰু ঢৌ। সাগৰৰ বুকুত সিঁচৰতি হোৱা ভাসমান বয়-বস্তুবোৰৰ বাদে আৰু ক’তো একো চিন-চাব নাছিল।

 হঠাতে ওচৰত যেন কাৰোবাৰ চিৎকাৰ শুনিবলৈ পালোঁ। বতাহৰ তীব্ৰ সোঁ-সোঁৱনিৰ মাজত মই কণ্ঠস্বৰ চিনি পালোঁ— সেয়া প্ৰথম ৱাৰেণ্ট বিষয়া হুলিও আমাডোৰ কাৰবালোৰ মাত। তেওঁ যেন কাৰোবাক নিৰ্দেশ দিছে— ‘লাইফবেল্টৰ তলত খামুচি ধৰি থাকা।’ মই যেন এক মুহূৰ্তৰ গভীৰ নিদ্ৰাৰ পৰা জাগি উঠিলোঁ। সমুদ্ৰত তেন্তে মই অকলশৰীয়া নহয়। মাত্ৰ কেইমিটাৰমান আঁতৰত মোৰ সহকৰ্মীসকলে পৰস্পৰক উদ্দেশ্য কৰি চিঞৰ-বাখৰ কৰিছে— সকলোৱে চেষ্টা কৰিছে ওপঙি থাকিবলৈ। বুজি উঠিছোঁ— কোনো এটা নিৰ্দিষ্ট দিশলৈ সাঁতোৰ কটোৱা সম্ভৱ নহয়।কাৰটাজেনা এতিয়াও আৰু পঞ্চাছ মাইল দূৰত। তেতিয়াও মোৰ মনত ভয়ৰ সঞ্চাৰ হোৱা নাই। এনে লাগিছিল যেন অনন্ত কাললৈ এই বাকচটোত ধৰিয়েই কটাব পাৰিম, অন্ততঃ যেতিয়ালৈ উদ্ধাৰকাৰী আহি নাপায়। চতুৰ্দিশৰ অন্য নাৱিকসকলৰো একেই দুৰৱস্থা দেখি মোৰ আস্থা উভতি আহিছিল। ঠিক সেই মুহূৰ্ততে চকুত পৰিল পানীত উটি অহা

২৭