পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাষে বহি ৰ'লোঁ। অপেক্ষা মাথোঁ উদ্ধাৰৰ।

 ঠিক তেনে সময়তে সোঁ আঁঠুত বিষ এটা অনুভৱ কৰিলোঁ। পানীৰে তিতা পেণ্টটো কোঁচাবলৈ কষ্ট হ’ল। দেখিলোঁ আঁঠুৰ তলতে অৰ্ধচন্দ্ৰৰ দৰে এটুকুৰা গভীৰ ঘা। সম্ভৱতঃ জাহাজৰ ক'ৰবাত খুন্দা খাইছিলোঁ। তেজ ওলোৱা নাছিল। আঘাতটোনো লাগিল কেতিয়া, জাহাজৰ ক'ৰবাত খুন্দা খাই নে পানীত পৰাৰ পাছত? লাইফ বোটত বহাৰ আগতে বিষৰ উমানে পোৱা নাছিলোঁ।

 কি কৰিম, নকৰিম বুজিব নোৱাৰি মোৰ আচবাববোৰকে বিচৰাত লাগিলোঁ। সমুদ্ৰৰ এই নিসংগতাৰ মাজত কি আছে মোৰ। প্ৰথমেই ঘড়ীটোৰ কথা ভাবিলোঁ। এইটোক নিৰ্ভৰ কৰা যায়, এতিয়াও সঠিক সময় দি আছে। প্ৰতি দুই-তিনি মিনিটৰ মূৰে মূৰে ঘড়ীটোলৈ লক্ষ্য কৰিছোঁ। তাৰ পাছত মোৰ সোণৰ আঙঠি। কাৰটাজেনাত যোৱা বছৰ কিনিছিলোঁ। আৰু এডাল হাৰ, ভাৰ্জিল অৱ কাৰমেনৰ মেডেল এটা ওলোমোৱা আছে।এইডালো কাৰটাজেনাত পঁয়ত্ৰিছ পেগ্ৰোত এজন নাৱিকৰ পৰা কিনা। জেপত মাথোঁ ডেষ্ট্ৰয়াৰৰ মোৰ লকাৰৰ চাবি আৰু তিনিখন ব্যৱসায়িক কাৰ্ড— ( মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে ) মবিলৰ এজন দোকানীয়ে দিছিল মোক। কৰিবলৈ একোৱেই নাই, সেয়ে বাৰে বাবে কাৰ্ডকেইখনকে পঢ়িলোঁ। এয়াই নিজকে ব্যস্ত ৰখাৰ উপায়, যেতিয়ালৈ কোনেও মোক উদ্ধাৰ নকৰে। কিয় জানো ভাব হ’ল— জাহাজ ডুবিলে নাৱিকে বটলত ভৰাই যি বাৰ্তা উটুৱাই দিয়ে, এই কাৰ্ডবোৰো যেন সেয়াই। এটা বটল পোৱাহেঁতেন, ময়ো এই কাৰ্ডবোৰ ভৰাই সাগৰৰ পানীত উটুৱাই দিলোহেঁতেন। কাৰটাগেনাত লগ-সংগবোৰক ক’বলৈ এইটো নিশ্চয় ৰসাল ঘটনা।

৩১