এখন লাইফ বোট।
দুখন বোট ভাঁহি আহিছে, সাত-আঠ মিটাৰ ওচৰা-উচৰিকৈ। ঢৌৰ খুন্দাত ভাঁহি উঠিছে বোট দুখন, দৃশ্যটো মোৰ বাবে আছিল অকল্পনীয়। ওচৰতে মোৰ সহকৰ্মীসকলে চিৎকাৰ কৰিছে। আশ্চৰ্যকৰ কথা এয়ে যে সেই লাইফ বোটখন কোনেও ধৰিব পৰা নাছিল। হঠাৎ এখন বোট পানীত ডুবি গ'ল। মই ঠিক কৰিব পৰা নাছিলোঁ— সাঁতুৰি গৈ বোটখন ধৰিবলৈ চেষ্টা কৰিম নে এনেদৰে বাকচটোকে খামোচ মাৰি ধৰি থাকিম। মৰণত শৰণ দি মই বোটখন ধৰিবলৈ সাঁতুৰিবলৈ ধৰিলোঁ, কিন্তু সেইখন যেন মোৰ পৰা ক্ৰমশঃ আঁতৰিহে যাবলৈ ধৰিছে। প্ৰায় তিনি মিনিট ধৰি সাঁতুৰি থাকিলোঁ। মোৰ চকুৰ সন্মুখৰ পৰা যেন বোটখন অদৃশ্য হৈ পৰিছে। কিন্তু মই মন বান্ধি ল'লোঁ— লক্ষ্য মই হেৰুৱাব নোৱাৰোঁ। বোটখন পাবই লাগিব। হঠাৎ এটা বিৰাট ঢৌৱে বোটখন মোৰ কাষলৈ ঠেলি লৈ আনিলে। এখন বিশাল উদং বোট। জঁপিয়াই উঠাৰ চেষ্টা চলালোঁ যদিও বাৰে বাৰে ব্যৰ্থ হ'লোঁ।অৱশেষত উঠিবলৈ সক্ষম হ'লোঁ মই। ফোঁপাই ফোঁপাই বোটত খামোচ মাৰি ধৰি থাকিলোঁ, বতাহৰ বেগ তেতিয়াও তীব্ৰ। ঠাণ্ডাত গোটেই শৰীৰ কঁপিছে। বহি থকাও অসম্ভৱ। দেখিবলৈ পালোঁ— মোৰ তিনিজন সহকৰ্মী বোটৰ ওচৰলৈ অহাৰ চেষ্টা চলাইছে।
চিনি পালোঁ তেওঁলোকক — কোৱাৰ্টাৰ মাষ্টাৰ এডোৱাৰ্ড কাস্তিলো, হুলিঅ' আমাডোৰ কাৰাবালো আৰু লুই ৰেনগিফো। এডোৱাৰ্ড কাস্তিলোই কাৰবালোৰ কান্ধত সজোৰে খামুচি ধৰিছিল। দুৰ্ঘটনাটো ঘটাৰ সময়ত কাৰবালো আছিল নিৰীক্ষণৰ দায়িত্বত। জীৱন ৰক্ষাৰ জেকেটো পিন্ধি আছিল তেওঁ।
‘কাস্তিলো, টানকৈ ধৰি থাকা।’— চিৎকাৰ কৰি উঠিল তেওঁ। কমেও দহ মিটাৰ দূৰত জাহাজৰ বয়-বস্তুবোৰ ওপঙি আছে।
ইফালে লুই ৰেনগিফো, মাত্ৰ কিছু সময় আগতে তাক ডেষ্ট্ৰয়াৰত দেখিছিলোঁ, সোঁহাত শূন্যলৈ তুলিছে হেডফোনটো বচোৱাৰ চেষ্টাৰে। তাৰ স্বভাৱসুলভ সুস্থিৰতা আৰু অভিজ্ঞ নাৱিকৰ আত্মবিশ্বাসৰ বাবেই হয়তো ক’ব পাৰিছিল যে তাৰ অসুস্থতাৰ আগতেই অসুস্থ হৈ পৰিব সমুদ্ৰ।সাঁতুৰিবলৈ যাতে অসুবিধা নহয়, সেইবাবে সি পিন্ধি থকা কাপোৰ-কানিও ফালি পেলাইছিল— কিন্তু হেৰুৱাই পেলাইছিল জীৱন ৰক্ষাৰ জেকেটটো। মই তাক দেখিবলৈ নাপালেও তাৰ কণ্ঠস্বৰ কাণত পৰিছিল। সি কৈছিল— ‘এইফালে ভৰি মাৰা।’
লৰালৰিকৈ ব’ঠাপাট তুলি ল'লোঁ। কাষ চাপিবলৈ চেষ্টা কৰিলোঁ সিহঁতৰ। হুলিঅ’ আমাডোৰৰ কান্ধত ধৰি আছে এডোৱাৰ্ড কাস্তিলো। সিহঁত বোটৰ কাষ পাইছে। কিছু দূৰত মোৰ চতুৰ্থ সহকৰ্মী ৰেমন হেৰোৰা। নিসংগ আৰু ক্ষুদ্ৰ যেন দেখাইছে তাক—