পৃষ্ঠা:জ্ঞান-মালা.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰাম।

 তুমি নিজৰ প্ৰতি যেনেকুৱা ব্যৱহাৰ ভাল পোৱা লোকৰ প্ৰতিও তেনেকুৱা ব্যৱহাৰ কৰিবা।

 এদিন ৰামে পিতাকে সৈতে এখন বাগিচালৈ ফুৰিবলৈ গৈছিল। সেই বাগিচাৰ নানাবিধ ফল ফুলেৰে ভৰা সেউজীযা গছ লতায় ৰামৰ মন একেবাৰে মোহি পেলালে। তাত এজোপা গছত এটা চৰাইৰ বাহ আছিল। ৰামে বাগিচাৰ সৌন্দৰ্য্য চাই ফুৰোঁতে সেই বাহৰ পৰা লৰোঁতে এটা টটাটিঙ্গা চৰাই পোৱালি মাটিত ধুপুচ্‌ কৰে পৰি যোৱা দেখা পাই লৱৰি গৈ তাক বুকত সাবটি ধৰি আনি পিতাকক দেখুৱালে হি। পিতাকে দেখি কলে “বাপা তুমিনো চৰাইৰ পোৱালিটি কিয় আনিলা? ইয়াৰেনো তুমি কি কৰিবা?” ৰামে উত্তৰ দিলে “দেউতা, মই ঘৰলৈ নি সজাত ভৰাই পুহিম; আৰু ইয়াক কথা কবলৈ শিকাম।” পিতাকে কলে “বাপা, তোমাক এটা কোঁঠালীত সদায় বন্ধ কৰি থলে ভাল পাবানে?” ৰামে উত্তৰ দিলে “কেতিয়াও ভাল নেপাওঁ।” পিতাক কলে, “পিছে