জ্ঞান-মালা/দুই বন্ধু

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস
[ ২২ ]

দুই বন্ধু।


 আহিনা আৰু কাতিয়া নামেৰে দুই বন্ধুৱে কোনো সকামত দূৰদেশলৈ গৈছিল। যাওঁতে যাওঁতে বাটতে এখন হাবি পালে গৈ। তেওঁবিলাকে সেই হাবিৰ পৰা ওলাবলৈ নৌ পাওঁতেই সূৰ্যদেৱে পঞ্চিম ফালে ঢাল ললে; এন্ধাৰেও চল পাই লাহে লাহে আগবাঢ়ি আহিব ধৰিলে।

 বাটৰুৱা দুজনৰ ভিতৰত আহিনা বলী, কাতীয়া দুৰ্ব্বলী ও লাহি বিধৰ মানুহ আছিল। এন্ধাৰে ওচৰ চাপি অহা দেখি কাতীয়াই মাত লগালে, “সখি, গতি বেয়া দেখিছোঁ এন্ধাৰত বাট বুলিলে এই হাবিত নিশ্চয় আমাৰ কোনো বিপদ ঘটিব পাৰে; এতেকে আহা আজি ৰাতিৰ কাৰণে কোনো গছত আশ্ৰয় লওঁ কালিলৈ পুৱা আকৌ বাট বুলিবলৈ আৰম্ভ কৰিম।” আহিনাই গহীন ভাবে কলে, “সখি তুমি লাহি বিধৰ মানুহ দেখি বনৰীয়া জন্তুৰ সৈতে অকলে কেনেকৈ যুজিম বুলি ভয় পাইছা হবলা? ভয় নেপাবা। প্ৰাণ থাকে মানে কাপুৰুষৰ [ ২৩ ] দৰে তোমাক অকলে বিপদত পেলাই মই কেতিয়াও নপলাও তাক ঠিক জানিবা।” কাতিয়াই উত্তৰ দিলে, “সখি, তুমি নো মোক ভয় নেপাবলৈ কেনেকৈ কোৱা? বিপদৰ সময়ত সকলোৱে আপোনাৰ প্ৰাণ লৈয়ে বলিয়া হয়; বিপদে ভাই বন্ধু আই বোপাই সকলোকে পাহৰায়।” আহিনাই কলে, “ছিঃ সখি তুমিনো মোক ইমান অবিশ্বাস কৰাণে? মোৰ প্ৰাণ দিও তোমাক ৰক্ষা কৰিম।”

 কথাষাৰি মুখৰ পৰা শেষ হবলৈহে পালে এনেতে বনৰ মাজত খচ্‌ মচ্‌ শব্দ শুনা গল। চকখাই দুয়ো সেই পিনে চাই দেখিলে যে এটা প্ৰকাণ্ড বনৰীয়া ম’হে শিং জোকাৰি জোকাৰি সিহঁতৰ ফালে খেদি আহিছে; দেখি বাটৰুৱা দুজনৰ চুলিৰ আগে জীৱ গল। ম’হৰ হাত এৰাবলৈ দুয়ো যিমান পাৰে লৱৰিব ধৰিলে। লৱৰোতে লৱৰোতে এটা গাতত ভৰি সোমোৱাত কাতীয়াই হাম খুৰি খাই পৰিল। কতীয়াই এনে বিপদত পৰি “সখি, তোমাক কাবৌ কৰি মাতিছোঁ মোক ধৰা, মোক অকলে এৰি নপলাব।” বুলি চিঞৰিছে হয় কিন্তু সিমান পৰত আহিনাই এজোপা বৰ গছত উঠিৰ ধৰিছে। ভাগ্যে গাতটো দ নাছিলে আৰু গছ জোপা দহ খোজ মান আঁতৰতে আছিলে; কাতীয়াই কোনোমতে সেই [ ২৪ ] লেহেৰা ভৰিৰেই গছত উঠি নিজৰ প্ৰাণ ৰক্ষা কৰিলে।

 ম’হটোৱে শিকাৰ ধৰাত অপাৰগ হৈ গছ জোপাৰ তললৈ আহি শিং জোকাৰি হুকৰিব ধৰিলে। তাৰ হুকৰণি শুনি আহিনাই কপি কপি কলে, “ম’হটোৱে

জ্ঞান-মালা (page 34 crop).jpg

নো কি কব লাগিছে ঔ।” কাতীয়াই হাঁহি উত্তৰ দিলে, “সি ইয়াকে কব লাগিছে— বীৰত্ব আৰু বন্ধুত্ব কাজত প্ৰকাশ পায়, কথাত নহয়।”