সমললৈ যাওক

জ্ঞান-মালা/সিংহ

ৱিকিউৎসৰ পৰা
[ ৪৬ ]

সিংহ।

 তোমালোক সকলোৱে মেকুৰি দেখিছা নহয়। পণ্ডিত বিলাকে সিংহক মেকুৰিৰ জাতৰ এবিধ প্ৰাণী বুলি ঠিক কৰিছে। আকাৰত সিংহ মেকুৰিতকৈ বহুত ডাঙ্গৰ। সিহঁতৰ মূৰ আৰু ডিঙ্গি দীঘল দীঘল লোমেৰে ঢকা থাকে। এই লোমবিলাকৰ নাম ‘কেশৰ’ এই কেশৰৰ পৰা সিংহৰ আকৃতি বৰ সুন্দৰ আৰু গহীন দেখায়। খঙ্গ উঠলে সিংহই লোমবিলাক ফুলাই দিয়ে। বহুতে ভাবে বিশেষ একোগুণ নোহোৱাকৈ খালি এই কেশৰৰ কাৰণেই সি হই ‘পশুৰাজ’ এই নামটি পাইছে। তিৰুতা বিলাকৰ যেনে কৈ দাড়ি গোফ নগজে সেই দৰে সিংহীৰো কেশৰ নেথাকে। গৰুৰ দৰে সিংহৰ নেজৰ আগত এখোপ লোম হয়। সিহঁতৰ মাত দূৰৰ পৰা মেঘৰ গজনি যেন শুনায়।

 সিংহৰ প্ৰধান আহাৰ মঙ্গহ। আন আন জন্তুৰ তেজ মঙ্গহ খাই সিহঁতে প্ৰাণ ধাৰণ কৰে। সিংহৰ গাত বৰ বল। মেকুৰিয়ে নিগনি নিয়াৰ দৰে গৰু ম’হ মাৰি মুখত লৈ সিহঁতে অতি সহজে হাবিত সোমায়। ভোক নেলাগিলে সিংহই প্ৰাণীবধ কৰিব নোখোজে, কিন্তু ভোকত হলে সিহঁত বৰ ভয় লগা হৈ উঠে।
[ ৪৭ ]  নৈ, ঝৰণা বা অইন পানী থকা ঠাইৰ দাতিৰ বনত সিংহই শিকাবৰ কাৰণে লুকাই থাকে। যেতিয়া জন্তুবিলাকে পিয়াহত পানী খাবলৈ আহে জাপ মাৰি সিহঁতৰ ওপৰত পৰি প্ৰাণবধ কৰে। মানুহৰ দৰে সিহঁতৰ স্বভাবো সাঁচতিয়াৰ। ভোক গুচাৰ পিচত মঙ্গহ বাকী থাকিলে তাতে পেলাই নগৈ পাচত খাবৰ কাৰণে কোনো ঠাইত লুকাই থয়।

 কেতিয়াবা কেতিয়াবা সিংহই গাওঁত বৰ অত্যাচাৰ কৰে। এবাৰ পোহনীয়া গৰু ছাগলী বা মানুহ খাই সোবাদ পালে সিহঁতে সোনকালে সেই গাওঁ এৰি যাব নোখোজ। কিয় জানানে? গাওঁত শিকাৰ ধৰা যিমান সহজ বনত সিমান সহজ নহয়। বনত বহুত পৰিশ্ৰম লৰা ধপৰাৰ পাচত হে দুই দিনে তিন দিনে এটা শিকাৰ ধৰিবলৈ সমৰ্থ হয়। কেতিয়াবা বহুত দিন একেবাৰে অনাহৰত যায়। কেতিয়াবা ম’হ আদি জন্তুৰ শিঙৰ খোচত প্ৰাণও হেৰুৱাব লগাত পৰে। কিন্তু ৰাতিৰ এন্ধাৰক সহায় কৰি গাওঁত নিৰ্জ্জু গৰুটো বা ছাগলীটো লৈ যোৱা বৰ সহজ।

 সিংহৰ ভীষণ মূৰ্ত্তি দেখিলে সকলোৰে প্ৰাণ কঁপি উঠে। কিন্তু বহুত সময়ত সিহঁতৰ দয়া উদাৰতা দেখি [ ৪৮ ] আমি আচৰিত হব লগিয়াত পৰোঁ। মানুহৰ প্ৰেম উদাৰতাও সময়ত এই হিংস্ৰজন্তু বিলাকৰ প্ৰেম উদাৰতাৰ ওচৰত হাৰ মানে।

জ্ঞান-মালা (page 58 crop).jpg
জ্ঞান-মালা (page 58 crop).jpg

 বিলাতত বাঘ ভালুক সিংহ বন্দী কৰি থোৱা পশুশালা আছে। সেই পশুশালাত বন্ধ থকা জন্তুবিলাকক চাবলৈ বহুত সময়ত বহুত মানুহ যায়। এদিন এটা মানুহে সেই জন্তুবিলাক চাবলৈ যাওঁতে লগত এটা কুকুৰ লৈ গৈছিল। ৰঙ্গ চাবৰ মনেৰে লগত লৈ যোৱা কুকুৰটোক সি এটা সিংহৰ গৰালত পেলাই দিলে। ভীষণ মূৰ্তি সিংহৰ মুখত পৰি কুকুৰটো প্ৰাণৰ ভয়ত কঁপিবলৈ ধৰিলে। কিন্তু কি আচৰিত! যাৰ তেজ মঙ্গহ খাবলৈ সিংহ সততে ব্যস্ত, বনত যি শিকাৰ কৰি [ ৪৯ ] বলৈ দিনে ৰাতিয়ে খাপ দি হাৰাশাস্তি হয় এনে এটা শিকাৰ আগত পাইও এটা আছোৰ নলগালে। এবাৰমান নাকেৰে কুকুৰটোৰ গোন্ধ লৈ ভৰি মেলি সিংহটো তাৰ ওচৰতে শুই পৰিলে। কুকুৰটোৰ অসহায় অৱস্থায় ও ব্যাকুল ভাবে তাৰ মনলৈ যেন পুতৌহে আনিলে। তেতিয়া সেই মানুহ জনে নিজৰ অভীষ্ট পূৰণ কৰিবলৈ সিংহৰ আগত এডোখৰ মঙ্গহ পেলাই দিলে। কিন্তু সিংহই সেই মাংস ডোখৰলৈ উলটি নেচালে ইফালে সিংহৰ পৰা একো নিষ্ঠুৰ ব্যৱহাৰ নোপোৱা দেখি অলপ সাহ পাই কুকুৰটোৱে এখোজ দোখোজ কৈ মঙ্গহৰ ওচৰলৈ আহি খাবলৈ ধৰিলে। তেতিযা সিংহটোৱেও উঠি আহিল আৰু কুকুৰটোৰে সৈতে একেলগে সেই একে ডোখৰ মঙ্গহকে খাব ধৰিলে সেই দিনাৰ পৰা দুইৰো ভিতৰত বৰ প্ৰণয় হোৱা দেখা গল। ইটোক সিটোৱে এৰি থাকিবকে নোৱাৰে। সিংহই আদৰ কৰি কুকুৰটোৰ গা চেলেকি দিয়ে; কুকুৰটোৱে ও সিংহৰ নাক মুখ চেলেকি তাৰ মৰম দেখুৱায়। সিংহই শুলে সিংহৰ বুকৰ ওচৰতে সিও শুই থাকে। এই দৰে কুকুৰটোৱে সিংহৰ সৈতে একে লগে একে গৰালতে এবছৰ কটালে । দিনে দিনে সিহঁতৰ বন্ধুত্বৰ বান্ধোন [ ৫০ ] টান হৈ গল। কিন্তু হায়! সিহঁতে এই দৰে বন্ধুভাৱে আৰু বেচি দিন থাকিবলৈ নেপালে। কুকুৰটোৰ টান নৰিয়া হল। সেই নৰিয়াতে লাহে লাহে খিণায় শুকায় সি এদিন প্ৰাণ এৰিলে। তাৰ প্ৰিয় বন্ধুৱে যে চিৰ- কাললৈ তাক গৰালত অকলে এৰি গল সিংহই প্ৰথমে তাক বুজ নেপালে। কিন্তু বহুত পৰতো নুঠা দেখি ওচৰলৈ গৈ গা চেলেকি, আদৰ কৰি, নানা উপায়েৰে জগাবলৈ চেষ্টা কৰাতো যেতিয়া নুঠিল সিংহই তেতিয়া শোকত স্থিৰ হৈ গৰালত ইফাল সিফাল কৰি ঘনে ঘনে গৰজি ব্যাকুল ভাবে শোক কৰিবলৈ ধৰিলে। গৰালৰ গৰাকী জনে মৰা কুকুৰটোক বাহিৰ উলিয়াবলৈ চেষ্টা কৰাত সিংহই খঙ্গত উত্ৰাবল হৈ তেওঁক কামুৰিবলৈ খেদি আহি লোহাৰ গৰাল ডাঙ্গি পেলাবলৈ চেষ্টা কৰিলে। সিংহই তাৰ গৰ্জ্জনিৰে চাৰিওফাল কঁপায় অবশেষত অবশভাবে সেই মৰা কুকুৰটোৰ কাষতে শুই পৰিল। সেই দিনাৰ পৰা সি কোনো খোৱা বস্তু মুখলৈ নিনিয়ে, একেবাৰে অনাহাৰত দিন কটায়। জানোবা তেনে আৰু এটা কুকুৰ পালে সিংহৰ শোক পাতল পৰে এই ভাবি গৰাকী জনে সিংহৰ গৰালৰ ভিতৰত আৰু এটা কুকুৰ পেলাই দিলে। কিন্তু সিংহই [ ৫১ ] তাক ওচৰত পোৱা মাত্ৰে খণ্ড খণ্ড কৰি পেলালে তাৰ শোক একোৱে কমাব নোৱাৰিলে। তাৰ গৰাকী জনৰ হাজাৰ চেষ্টাতো তাৰ প্ৰিয় বন্ধুৰ শোক মনৰ পৰা নুগুচিল। এই দৰে অনাহৰ ও শোকত সি লাহে লাহে দুব্বল হৈ যাব ধৰিলে। অৱশেষত সেই মৰা কুকুৰটোৰ শবৰ কাষতে শুই সিংহটোৱেও প্ৰাণ এৰিলে।

 কেনে প্ৰবল ভাল-পোৱা! মানুহৰ মাজতো এনে বন্ধুত্ব বিচাৰি পোৱা টান। সিংহৰ গৰাকীজনৰ ইচ্ছামতে বন্ধুত্বৰ চিন স্বৰূপ দুইৰো একেলগে সমাধি হল।

—— ০ ——