জ্ঞান-মালা/পিতৃ মাতৃ

ৱিকিউৎসৰ পৰা

[ ৫১ ]

পিতৃ মাতৃ।

 শাস্ত্ৰত কৈছে “পিতৃ মাতৃয়ে সন্তানৰ স্বৰ্গ, পিতৃ মাতৃয়ে সন্তানৰ ধৰ্ম্ম, পিতৃ মাতৃয়ে সন্তানৰ তীৰ্থ।” শাস্ত্ৰকাৰ সকলে কিয় পিতৃ মাতৃক ইমান ওখ আসন দিছে জানানে? পিতৃ মাতৃৰ জহতে আমি এই সৌন্দৰ্য্যেৰে ভৰা পৃথিবীত জন্ম গ্ৰহণ কৰি দহজনৰ ভিতৰত এজন হবলৈ সমৰ্থ হৈছোঁ। একেবাৰে অস- হায় ফুটাই মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰা অৱস্থাত [ ৫২ ] তেওঁবিলাকৰ পোহ-পালতে আমি ইমান ডাঙ্গৰ দীঘল হলোঁ। আমি নৰিয়া পৰিলে পেটত ভাত চকুত টোপনি নোহোৱাকৈ নিজৰ শৰীৰক শৰীৰ যেন নেদেখি তেওঁবিলাকে দিনে ৰাতিয়ে আমাক শুশ্ৰুষা কৰে। সেই সময়ত আই বোপাইৰ চিন্তাকুল শুকান মুখ দেখিলে মনত হয় যে আমাৰ ৰোগৰ যন্ত্ৰণাতকৈ দহগুণ বেচি যন্ত্ৰণা যেন তেওঁবিলাকে ভোগ কৰিব লাগিছে। সংসাৰত এনে পিতৃ মাতৃয়ে তেনে ওখ আসনৰ যোগ্য নহৈ আৰু কোন হব পাৰে?

 সম্পদৰ সময়ত বন্ধু বান্ধৱ বহুত পোৱা যায় কিন্তু বিপদৰ সময়ত ভাই, ভনী, বন্ধু, বান্ধৱ, নিজৰ সহ- ধৰ্ম্মিনীয়ে পৰ্য্যন্ত এৰি যোৱা দেখা গৈছে। সকলো মানুহৰ ভাল-পোৱাতে সময়ত স্বাৰ্থৰ চিন পোৱা যায় কিন্তু পিতৃ মাতৃৰ মৰম একেবাৰে স্বাৰ্থশূন্য।

 মণিকাই কিমান চেষ্টা কিমান অধ্যৱসায়ৰ দ্বাৰা কুপথগামী পুত্ৰক পথলৈ আনি জগতৰ মহৎ লোকৰ মাজৰ এজন কৰিবলৈ সমৰ্থ হৈছিল তাৰ ইতিহাস জানিলে আমাৰ মুৰ আপোনো আপুনি তেওঁৰ চৰণত দো খাই যায়। যেতিয়া অগষ্টিনে নানা ৰকমৰ অসৎ কাম কৰি অধাৰ্ম্মিকৰ চিন দেখুৱাব ধৰিলে তেতিয়া [ ৫৩ ] সকলোৱে তেওঁৰ উদ্ধাৰৰ আশা ত্যাগ কৰি ঘিণত তেওঁৰ কাষ নেচাপিছিল; কিন্তু অকল পুত্ৰপ্ৰাণা মণিকাৰ মনৰ পৰাহে কুপথগামী সন্তানৰ উদ্ধাৰৰ আশা একোৱে নুমুৱাব নোৱাৰিলে। তেওঁ তেওঁৰ চেষ্টাৰ পিচত চেষ্টা যে বিফলে গৈছে তালৈ আওকাণ কৰি সন্তানৰ শত বেয়া ব্যৱহাৰ ধৈৰ্য্যেৰে সহি অগষ্টিনক কুপুত্ৰ গুচাই সুপুত্ৰ কৰিলে। যি বিলাকে আগেয়ে অগষ্টিনক ঘিণ কৰি কাষ নেচাপিছিল এতিয়া তেওঁৰ যত্নতে সেই বিলাক মানুহেই অগষ্টিনৰ গুণত মুগ্ধ হৈ “সেন্ট্‌ অগষ্টিন্” অৰ্থাৎ “সাধু অগষ্টিন্‌” এই নাম দিলে।

 হে সৰু লৰাছোৱালীবিলাক এতিয়া কোৱাচোন পিতৃ মাতৃয়ে যে ইমান আত্মত্যাগ কৰে তাৰ সলনি ডাঙ্গৰ হৈ আমি তেওঁবিলাকক কি সুজনি দিও? লৰাকালটো অজ্ঞান অৱস্থাতে যায়। তেওঁবিলাকৰ মোল বুজিব নোৱাৰোঁ। সেই অবোধ অৱস্থাত অবাধ্য হৈ আৰু নানা উপায়েৰে তেওঁ বিলাকৰ ওপৰত নিতৌ কত দৌৰাত্ম্য কৰিছিলোঁ। দোষ কৰি সংশোধনৰ কাৰণে শাস্তি পাই ভাবিছিলোঁ তেওঁবিলাক বৰ নিষ্ঠুৰ আমালৈ মৰম লেশ মাত্ৰ নাই, সেই কাৰণেহে নিদাৰুণ ভাবে এই দৰে আমাক শাস্তি দিছে। কিন্তু আমাক [ ৫৪ ] শাস্তি দিওতে তেওঁবিলাকে মনত কিমান কষ্ট পায় আমি তাক নুবুজিছিলোঁ। এই দৰে ভাবিচালে দেখিবা তেওঁ বিলাকে আমাৰ কাৰণে যি কৰিছিল তাৰ হাজাৰ ভাগৰো এভাগ সুজনি দিবলৈ আমি সমৰ্থ নহওঁ। কিন্তু তেওঁবিলাকৰ ভাল পোৱা স্বাৰ্থশূন্য। আমাৰ পৰা বেচি একো নিবিচাৰে। আমাৰ ভাল হলে, আমি কুশলে থাকিলেই তেওঁবিলাকৰ আনন্দ, আমাৰ মঙ্গলেই তেওঁবিলাকৰ অন্তৰৰ গভীৰ কামনা। ইয়াত বাজে আৰু কোনো স্বাৰ্থৰ কামনা তেওঁবিলাকৰ মনত ঠাই নেপায়।

 পূৰ্ব্বকালত আমাৰ পূৰ্ব্বপুৰুষবিলাকে পিতৃক দেৱতুল্য সন্মান কৰিছিল। ৰামচন্দ্ৰই পিতাৰ আজ্ঞাত ৰাজ্য এৰি বনবাস খাটিছিল। ভীষ্মই পিতাৰ সুখৰ কাৰণে ৰাজ-সুখ ত্যাগ কৰি চিৰকাললৈ ব্ৰহ্মচৰ্য্য ব্ৰত পালন কৰিছিল। পুৰুয়ে প্ৰফুল্ল মনেৰে নিজৰ যৌবন দান কৰি পিতাৰ বাৰ্দ্ধক্য নিজে লৈছিল। এই দৰে আমাৰ পূৰ্ব্বপুৰুষবিলাকে আমাৰ দেশৰ পূৰণি কালৰ ইতিহাস অসংখ্য পিতৃ-মাতৃ ভক্তিৰ দৃষ্টান্তেৰে অলঙ্কৃত কৰি গৈছে।

 হে সৰু লৰাছোৱালীবিলাক, তোমালোকে যদিও [ ৫৫ ] পিতৃ মাতৃৰ প্ৰতি ভক্তিত এই মহৎ পুৰুষ বিলাকৰ সমান হব নোৱাৰা তথাপি তোমালোকৰ ক্ষুদ্ৰ শক্তিৰে যিমান দূৰ পাৰা সিমান দূৰ সততে তেওঁবিলাকৰ অভাব দূৰ কৰিবলৈ চেষ্টা কৰা উচিত। তোমালোকৰ কাৰণে যৌবন কালৰ সকলো শক্তি ক্ষয় কৰি খাটি খাটি বুঢ়া অৱস্থা পায়। বাৰ্দ্ধক্যে ইন্দ্ৰিয়ৰ সকলো শক্তি কাঢ়ি লোৱাত খাটিবৰ শক্তি আৰু নেথাকে। এই অসহায় অৱস্থাত যি জনে পিতৃ মাতৃক অসম্মান দেখুৱাই আনন্দ যেন দেখি কষ্ট দিয়ে তেওঁৰ সমান পাপী আৰু কোনো হব নোবাৰে। আন আন হাজাৰ গুণত গুণী হলেও পিতৃ মাতৃলৈ ভক্তি নেথাকিলে পিতৃ মাতৃক কষ্ট দিলে সেই জন কেতিযাও মানুহৰ ভিতৰত গণ্য হব নোৱাৰে তাক ধুরুপ বুলি জানিবা।

————