জ্ঞান-মালা/কৃপণতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস
[ ৪৩ ]

কৃপণতা।

 আমাৰ দেশত এটা কথা আছে, “আঞ্জাত নেখায় লোণ পিতিকাত যায় চাৰিগুণ” কথাসাৰ কিমান সঁচা তলৰ দৃষ্টান্তৰে তাৰ ফট্‌ফটীযা প্ৰমাণ পোৱা যায়।

 কোনো এক খেতিয়কৰ পদূলি মুখৰ জপনাখনি কাঠৰ আছিল। জপনা খন জপাই ৰাখিবলৈ দিয়া লোহাৰ হাকোতা দাল খহি পৰাত জপনাখন প্ৰায় মেলাই থাকে। জপনাখন খোলা পালেই ছাগলী, ভেৰা, গাধ আদি ঘৰৰ পোহনীয়া জন্তুবিলাকে একেবাৰে পথাৰ ওলায়গৈ। ঘৰৰ লৰা ছোৱালীবিলাকৰ আধা সময় এই বিলাকক আগোৰোতে আৰু বাহিৰৰ পৰা সোমোৱা গৰু, ম’হ খেদোতেই যায়। গৃহস্থনীয়ে জপনা খন খোলা থকা বাবে ইমান জাঞ্জাল হয় দেখি স্বামীক হাকোতা লগোৱাবলৈ সদায় কয়। কিন্তু গৃহস্থজনে উত্তৰ দিযে যে লোহাৰ হাকোতা দাল লগাওঁতে ছয় অনা খৰচ যাব। মিছাতে ছয় অনা পয়চা খৰচ কৰাৰ দৰকাৰ কি? লৰা ছোৱালী বিলাকৰ বিশেষ একো বন নাই যেতিয়া সিহঁতেই গৰু ছাগলী আগুৰিব আৰু খেদি দিব পাৰে। ঘৰৰ সকলোৱে অলপ মন দিলেই দুৱাৰ খন জপোৱা থাকিব।
[ ৪৪ ]  এইটো সঁচা যে খেতিয়ক জনে অহা যোৱা কৰোতে বৰ সাৱধানেৰে দুৱাৰ খন জপাই যায়। কিন্তু সৰু সৰু লৰা ছোৱালী আৰু চাকৰবিলাক গৃহস্থৰ নিচিনা সাৱধান নহয়। সেই কাৰণেই তেওঁ জপোৱাৰ পাচতো হয় দুবাৰখনি বতাহত এবাৰ জাপ এবাৰ মেল যায়, নহলে একেবাৰে খোলা হৈ থাকে।

 এদিন জপনাখন মেলা পাই গৃহস্থৰ এটা নোদোকা চন্দৰ গাধ বাহিৰ ওলালহি। চৰোতে চৰোতে এখোজ দোখোজ কৰি ওচৰতে থকা কাথনী হাবিত সোমাল গৈ। ইফালে লৰা ছোৱালীবিলাকে গাধ বিচাৰি নেপাই ঘৰত হুবা দুবা লগাই দিলে। খেতিয়ক জনে সেই সময়ত গোহালিত এটা হালোৱা গৰু বান্ধিব ধৰিছিল। হাই শুনিব পাই গৰু তাতে এৰি গাধ বিচাৰিবলৈ লবৰিলে। জীযেকে ৰান্ধনী ঘৰত ভাত বহাইছিল। জুইৰ ওপৰতে ভাত আঞ্জা এৰি তেওঁ বাপেকৰ লগ ললে গৈ। মাকে ধোৱাচাঙ্গত তিতা কাপোৰ আঁৰি জুইত শুকুৱাৰ ধৰিছিল তেও ও বন তাতে পেলাই গৃহস্থৰ পাচে পাচে লবৰিলে। চাকৰ-বাকৰ লৰা-ছোৱালী সকলো মিলি হেৰুৱা গাধৰ কাৰণে গোটেই খন হাবিত খলকনি লগাই দিলে। চাকৰ এটাই তত নোহোৱাকৈ গাধ বিচাৰিবলৈ লৱৰোতে ভৰি [ ৪৫ ] মোটোক খাই পৰি যন্ত্ৰণাত অস্থিৰ হোৱাত খেতিয়ক জনে তেতিয়া গাধৰ মায়া এৰি মানুহত লাগিব লগাত পৰিল। পুতেক বিলাকৰ সৈতে তাক ধৰাধৰি কৰি ঘৰৰ ভিতৰলৈ লৈ আহিলে। কোমল মনৰ মাক জীয়েকেও গাধ এৰি চাকৰৰ শুশ্ৰূষাৰ কাৰণে ঘৰলৈ উলটিল। কিন্তু ঘৰ পাই দেখে যে জুইৰ ওপৰৰ ভাত আঞ্জাদেই ছাই হৈ গৈছে। ধোৱাচাঙ্গৰ ওপৰত শুকাবলৈ অৰা কাপোৰবিলাকৰ পৰা পোৰাৰ গোন্ধ ওলাব ধৰিছে। গৃহস্থজনে অসাৱধান হৈ খোৱা বস্তু ও কাপোৰ নষ্ট কৰাৰ বাবে জীয়েক আৰু ভাৰ্য্যাক দবিয়াই গোহালিত সোমাল গৈ; কিন্তু সোমাই দেখে যে আধা বন্ধা কৰি এৰা বলদটোৰ ওচৰতে বান্ধি থোৱা দামুৰি এটাক শিঙেৰে খুচি গোটেই গাতে ঘা লগাই ভৰি ভাঙ্গি পেলাই থৈছে।

 চাকৰটো ভৰি ভাগি পৰি থকাত সেই বাৰ গৃহস্থজনৰ খেতিৰ বহুত ক্ষতি হল। সামান্য ছয় অনা পয়চা বচাবলৈ গৈ গৃহস্থজনে সুন্দৰ গাধ এটাটো হেৰুৱালেই তাৰ উপৰি কাপোৰ ভাত আদি কিমান বস্তু নষ্ট কৰিলে ভাবিচোৱাচোন।