পৃষ্ঠা:জ্ঞান-মালা.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৯
জ্ঞানমালা।

বলৈ দিনে ৰাতিয়ে খাপ দি হাৰাশাস্তি হয় এনে এটা শিকাৰ আগত পাইও এটা আছোৰ নলগালে। এবাৰমান নাকেৰে কুকুৰটোৰ গোন্ধ লৈ ভৰি মেলি সিংহটো তাৰ ওচৰতে শুই পৰিলে। কুকুৰটোৰ অসহায় অৱস্থায় ও ব্যাকুল ভাবে তাৰ মনলৈ যেন পুতৌহে আনিলে। তেতিয়া সেই মানুহ জনে নিজৰ অভীষ্ট পূৰণ কৰিবলৈ সিংহৰ আগত এডোখৰ মঙ্গহ পেলাই দিলে। কিন্তু সিংহই সেই মাংস ডোখৰলৈ উলটি নেচালে ইফালে সিংহৰ পৰা একো নিষ্ঠুৰ ব্যৱহাৰ নোপোৱা দেখি অলপ সাহ পাই কুকুৰটোৱে এখোজ দোখোজ কৈ মঙ্গহৰ ওচৰলৈ আহি খাবলৈ ধৰিলে। তেতিযা সিংহটোৱেও উঠি আহিল আৰু কুকুৰটোৰে সৈতে একেলগে সেই একে ডোখৰ মঙ্গহকে খাব ধৰিলে সেই দিনাৰ পৰা দুইৰো ভিতৰত বৰ প্ৰণয় হোৱা দেখা গল। ইটোক সিটোৱে এৰি থাকিবকে নোৱাৰে। সিংহই আদৰ কৰি কুকুৰটোৰ গা চেলেকি দিয়ে; কুকুৰটোৱে ও সিংহৰ নাক মুখ চেলেকি তাৰ মৰম দেখুৱায়। সিংহই শুলে সিংহৰ বুকৰ ওচৰতে সিও শুই থাকে। এই দৰে কুকুৰটোৱে সিংহৰ সৈতে একে লগে একে গৰালতে এবছৰ কটালে । দিনে দিনে সিহঁতৰ বন্ধুত্বৰ বান্ধোন