পৃষ্ঠা:জ্ঞান-মালা.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
জ্ঞানমালা।

 নৈ, ঝৰণা বা অইন পানী থকা ঠাইৰ দাতিৰ বনত সিংহই শিকাবৰ কাৰণে লুকাই থাকে। যেতিয়া জন্তুবিলাকে পিয়াহত পানী খাবলৈ আহে জাপ মাৰি সিহঁতৰ ওপৰত পৰি প্ৰাণবধ কৰে। মানুহৰ দৰে সিহঁতৰ স্বভাবো সাঁচতিয়াৰ। ভোক গুচাৰ পিচত মঙ্গহ বাকী থাকিলে তাতে পেলাই নগৈ পাচত খাবৰ কাৰণে কোনো ঠাইত লুকাই থয়।

 কেতিয়াবা কেতিয়াবা সিংহই গাওঁত বৰ অত্যাচাৰ কৰে। এবাৰ পোহনীয়া গৰু ছাগলী বা মানুহ খাই সোবাদ পালে সিহঁতে সোনকালে সেই গাওঁ এৰি যাব নোখোজ। কিয় জানানে? গাওঁত শিকাৰ ধৰা যিমান সহজ বনত সিমান সহজ নহয়। বনত বহুত পৰিশ্ৰম লৰা ধপৰাৰ পাচত হে দুই দিনে তিন দিনে এটা শিকাৰ ধৰিবলৈ সমৰ্থ হয়। কেতিয়াবা বহুত দিন একেবাৰে অনাহৰত যায়। কেতিয়াবা ম’হ আদি জন্তুৰ শিঙৰ খোচত প্ৰাণও হেৰুৱাব লগাত পৰে। কিন্তু ৰাতিৰ এন্ধাৰক সহায় কৰি গাওঁত নিৰ্জ্জু গৰুটো বা ছাগলীটো লৈ যোৱা বৰ সহজ।

 সিংহৰ ভীষণ মূৰ্ত্তি দেখিলে সকলোৰে প্ৰাণ কঁপি উঠে। কিন্তু বহুত সময়ত সিহঁতৰ দয়া উদাৰতা দেখি