সিংহ।
তোমালোক সকলোৱে মেকুৰি দেখিছা নহয়। পণ্ডিত বিলাকে সিংহক মেকুৰিৰ জাতৰ এবিধ প্ৰাণী বুলি ঠিক কৰিছে। আকাৰত সিংহ মেকুৰিতকৈ বহুত ডাঙ্গৰ। সিহঁতৰ মূৰ আৰু ডিঙ্গি দীঘল দীঘল লোমেৰে ঢকা থাকে। এই লোমবিলাকৰ নাম ‘কেশৰ’ এই কেশৰৰ পৰা সিংহৰ আকৃতি বৰ সুন্দৰ আৰু গহীন দেখায়। খঙ্গ উঠলে সিংহই লোমবিলাক ফুলাই দিয়ে। বহুতে ভাবে বিশেষ একোগুণ নোহোৱাকৈ খালি এই কেশৰৰ কাৰণেই সি হই ‘পশুৰাজ’ এই নামটি পাইছে। তিৰুতা বিলাকৰ যেনে কৈ দাড়ি গোফ নগজে সেই দৰে সিংহীৰো কেশৰ নেথাকে। গৰুৰ দৰে সিংহৰ নেজৰ আগত এখোপ লোম হয়। সিহঁতৰ মাত দূৰৰ পৰা মেঘৰ গজনি যেন শুনায়।
সিংহৰ প্ৰধান আহাৰ মঙ্গহ। আন আন জন্তুৰ
তেজ মঙ্গহ খাই সিহঁতে প্ৰাণ ধাৰণ কৰে। সিংহৰ গাত বৰ
বল। মেকুৰিয়ে নিগনি নিয়াৰ দৰে গৰু ম’হ মাৰি মুখত
লৈ সিহঁতে অতি সহজে হাবিত সোমায়। ভোক নেলাগিলে
সিংহই প্ৰাণীবধ কৰিব নোখোজে, কিন্তু ভোকত
হলে সিহঁত বৰ ভয় লগা হৈ উঠে।