জ্ঞান-মালা/পৰিথকা বস্তুত মামৰে ধৰে

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস

[ ১৬ ]

পৰিথকা বস্তুত মামৰে ধৰে।

 ওচৰ চুবুৰীয়া এজনী বুঢ়ীয়ে হৰিহঁতৰ শিলটোত কটাৰি ধাৰ দিবলৈ গৈ দেখিলে যে হৰিয়ে বহি আগতে এখনি খোলা কিতাপ লৈ চকুলো মচিব লাগিছে। বুঢ়ীয়ে মৰমৰ মাতেৰে “বাপা কিয় কান্দিছা” বুলি সোধাত হৰিয়ে কলে “ওজাদেউয়ে পঢ়াশালিত এদিনো তেওৰ আগত মই পঢ়া দিব নোৱাৰা বুলি কোৱাত [ ১৭ ] দেউতাই পূজাৰ আগেযে এই কিতাপ খনি মোক শেষ কৰিবলৈ কৈছে। এইবাৰ পূজাত মই অলপো ৰঙ্গ ধেমালি কৰিবলৈ নেপাম।”

 বুঢ়ী। “বাপা, কিয় নেপাবা মোক কবা নে?”

 হৰি। “দেউতাই কৈছে পূজাৰ আগেয়ে এই কিতাপ খনি শেষ কৰিব নোৱাৰিলে মই পূজাত নতুন পোষাক নেপাওঁ। আৰু পূজাত ৰঙ্গ ধেমালি কৰিবলৈও নিদিয়ে।'

 বুঢ়ী। “কিয়নো কিতাপ খন শেষ কৰিব নোৱাৰিবা?”

 হৰি। “মোৰ বুদ্ধি কম, কিতাপখনো বৰ টান, তাতে দেউতাই গোটেই খন কিতাপ শেষ কৰিবলৈ কৈছে।”

 বুঢ়ী। “বাপা, তুমি তোমাৰ বুদ্ধি কম বুলি নকবা ঈশ্বৰে সকলোকে সমান বুদ্ধি দিছে। তেওঁৰ ওচৰত সকলো সমান। ভাবি চোৱাচোন সকলো কটাৰিৰে গুণ কাটিব পৰা, কিন্তু এই মোৰ হাতৰ কটাৰি খনত কিয় মামৰে ধৰিছে? চোক নাই কিয়? কাৰণ মই কাজত নলগায় এই খন পেলাই থৈছিলোঁ। শিলত ধাৰ দিলেই আকৌ আন কটাৰিৰ দৰে উজ্জ্বল আৰু চোকা হৈ উঠিব। এই দৰে তুমিও তোমাৰ বুদ্ধি কাজত নল[ ১৮ ] গাই মামৰে ধৰাইছা। কাজত লগাই খটালেহে বুদ্ধি বাঢ়ে। তুমি টান পালে বুদ্ধি নখটাই পঢ়া নকৰি এৰি দিলে তোমাৰ বুদ্ধি কেনেকৈ খুলিব।

 তুমি কৈছা পঢ়া বৰ টান আৰু বহুত, কিন্তু এই শিলটোত হাত দি চোৱাচোন কেনে টান ঘহোতে ঘহোতে ইয়ে কিমান ক্ষয় হৈছে। এই শিলটো ক্ষয় যোৱাৰ দৰে তোমাৰ পঢ়া বৰ টান হলেও নিয়মমতে পঢ়িলে অলপ দিনৰ ভিতৰতে শেষ কৰি পেলাব পাৰিবা। এতেকে বুকত বল বান্ধি আজিৰ পৰা পঢ়িবলৈ ধৰা।”

 বুঢ়ী গুচি যোৱাৰ পাচত হৰিয়ে মন দি পঢ়িব ধৰিলে। আগেয়ে যিবোৰ টান বুলি এৰি দিছিলে বুঢ়ীৰ কথামতে বুদ্ধি খটালত হৰিয়ে পানী যেন সহজ পালে। পূজাৰ আগেয়ে অলপ দিনৰ ভিতৰতে কিতাপ খন দুবাৰ লুটিয়াই পেলালে।

 দেউতাকে হৰিৰ পঢ়া লৈ বৰ সন্তোষিত হৈ কি উপায়েৰে ইমান সোনকালে ইমান সুন্দৰকৈ পঢ়া কৰিব পাৰিলে বুলি সোধাত হৰিয়ে সকলো কথা ভাঙ্গি কলে। হৰিৰ কথা শুনি পিতাকে কলে, “বাপা, সামান্য শিল আৰু কটাৰি এখনৰ পৰা সাহ পাই তুমি অলপ সময়ৰ [ ১৯ ] ভিতৰতে ইমান সুন্দৰকৈ পঢ়া শেষ কৰিব পাৰিলা। ইয়াৰ পৰা বুজিবা সামান্য বস্তুৰ পৰাও আমি বহুত শিকিব পাৰোঁ।”