পৃষ্ঠা:জ্ঞান-মালা.djvu/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৭
জ্ঞানমালা।

দেউতাই পূজাৰ আগেযে এই কিতাপ খনি মোক শেষ কৰিবলৈ কৈছে। এইবাৰ পূজাত মই অলপো ৰঙ্গ ধেমালি কৰিবলৈ নেপাম।”

 বুঢ়ী। “বাপা, কিয় নেপাবা মোক কবা নে?”

 হৰি। “দেউতাই কৈছে পূজাৰ আগেয়ে এই কিতাপ খনি শেষ কৰিব নোৱাৰিলে মই পূজাত নতুন পোষাক নেপাওঁ। আৰু পূজাত ৰঙ্গ ধেমালি কৰিবলৈও নিদিয়ে।'

 বুঢ়ী। “কিয়নো কিতাপ খন শেষ কৰিব নোৱাৰিবা?”

 হৰি। “মোৰ বুদ্ধি কম, কিতাপখনো বৰ টান, তাতে দেউতাই গোটেই খন কিতাপ শেষ কৰিবলৈ কৈছে।”

 বুঢ়ী। “বাপা, তুমি তোমাৰ বুদ্ধি কম বুলি নকবা ঈশ্বৰে সকলোকে সমান বুদ্ধি দিছে। তেওঁৰ ওচৰত সকলো সমান। ভাবি চোৱাচোন সকলো কটাৰিৰে গুণ কাটিব পৰা, কিন্তু এই মোৰ হাতৰ কটাৰি খনত কিয় মামৰে ধৰিছে? চোক নাই কিয়? কাৰণ মই কাজত নলগায় এই খন পেলাই থৈছিলোঁ। শিলত ধাৰ দিলেই আকৌ আন কটাৰিৰ দৰে উজ্জ্বল আৰু চোকা হৈ উঠিব। এই দৰে তুমিও তোমাৰ বুদ্ধি কাজত নল-