জ্ঞান-মালা/উৰি ফুৰা মাছ
[ ১৯ ]
উৰি ফুৰা মাছ।
উৰি ফুৰা মাছৰ আগেয়ে বোলে পাখি নাছিল। সেই কাৰণে তাৰ মনত বৰ অসন্তোষ। সদায় পানীতে থাকি আমুৱাত আকাশত উৰিফুৰিবলৈ তাৰ বৰ হেপাহ হ’ল। মনে মনে ভাবিলে “হায়, হায়, মই উৰিব পৰা হলে এতিয়াতকৈ বেচি স্বভাৱৰ সৌন্দৰ্য্য দেখিবলৈ পালোঁহেতেন, আৰু এতিয়া যিবিলাক মাছে মোক খাবলৈ খেদি ফুৰি মোৰ জীৱনটোক দুঃখময় কৰিছে সেই বিলাকৰ হাতৰ পৰাও ৰক্ষা পাব পাৰিলোঁহেতেন। এই বিলাক কথা ভাবি পাখি দুখনৰ কাৰণে ইন্দ্ৰক বৰকৈ স্তৱ কৰাত তাৰ গাত থকা সৰু পাখি দুখন বাঢ়িব ধৰিলে; বাঢ়োতে বাঢ়োতে পাখি দুখন তাৰ [ ২০ ] গাৰ সমান দীঘল হলত সেই পাখিৰেই সি উৰিবলৈ পাৰগ হল। এই নতুন শক্তি পাই তাৰ মনত বৰ ৰঙ্গ আৰু অহঙ্কাৰ হল। সি আগৰ লগৰীৱা বিলাকক ঘিণৰ, চকুৰে চাব ধৰিলে।
কিন্তু অলপ দিনৰ ভিতৰতে বুজিব পাৰিলে যে সি নতুন নতুন বিপদকহে মাতি আনিছে। যেতিয়া, আকাশত উৰি ফুৰিবলৈ যায ডাঙ্গৰ ডাঙ্গৰ চৰাই বিলাকে তাক খাবলৈ পাচে পাচে খেদে। আৰু যেতিয়া সিহঁতৰ হাতৰ পৰা ৰক্ষা পাই পানীত পৰে তেতিয়া ইমান ভাগৰি যায় যে তাক খাবলৈ খেদি ফুৰা পানীৰ মাছ বিলাকৰ পৰা তাৰ প্ৰাণ ৰক্ষা কৰিবলৈ তিমান শক্তি নেথাকে। [ ২১ ] যেতিয়া দেখিলে যে নতুন শক্তি পাই সি বেচি হে অসুখী হৈছে, তেতিয়া এই দান ফিৰাই লবলৈ সি আকৌ ইন্দ্ৰক প্ৰাৰ্থনা কৰিলে। কিন্তু ইন্দ্ৰই উত্তৰ দিলে, “যেতিয়া মই তোৰ পাখি বঢ়াই দিছিলোঁ তেতিয়াই মই জানোঁ যে এই দান তোৰ বৰ নহই শাপহে, হব। কিন্তু তোৰ অহঙ্কাৰৰ আৰু নিজৰ অৱস্থাত সুখী নোহোৱাৰ কাৰণে এনে দশা তোৰ হবই লাগে। শুন্, তই যিটো আগেয়ে অনুগ্ৰহ বুলি খুজিছিলি এতিয়া সেইটো শাস্তি স্বৰূপে ৰাখিব লাগিব।”
সংসাৰৰ ধন সম্পদ একোৱেই অসুখীয়া মানুহৰ মনত সন্তোষ লগাব নোৱাৰে। মানুহৰ মনৰ ভিতৰতহে সন্তোষ থাকে। “সুখ” “সুখ” বুলি যি জনে সুখ বিচাৰি ফুৰে তেওঁৰ কাৰণে সুখ নহয়। যি জনে নিজৰ সুখ দুখলৈ নেচাই জীৱনৰ কৰ্তব্য কাম বিলাক কৰি যায় সুখ তেওঁৰ কাৰণেহে।