পৃষ্ঠা:জ্ঞান-মালা.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮
জ্ঞানমালা।

গাই মামৰে ধৰাইছা। কাজত লগাই খটালেহে বুদ্ধি বাঢ়ে। তুমি টান পালে বুদ্ধি নখটাই পঢ়া নকৰি এৰি দিলে তোমাৰ বুদ্ধি কেনেকৈ খুলিব।

 তুমি কৈছা পঢ়া বৰ টান আৰু বহুত, কিন্তু এই শিলটোত হাত দি চোৱাচোন কেনে টান ঘহোতে ঘহোতে ইয়ে কিমান ক্ষয় হৈছে। এই শিলটো ক্ষয় যোৱাৰ দৰে তোমাৰ পঢ়া বৰ টান হলেও নিয়মমতে পঢ়িলে অলপ দিনৰ ভিতৰতে শেষ কৰি পেলাব পাৰিবা। এতেকে বুকত বল বান্ধি আজিৰ পৰা পঢ়িবলৈ ধৰা।”

 বুঢ়ী গুচি যোৱাৰ পাচত হৰিয়ে মন দি পঢ়িব ধৰিলে। আগেয়ে যিবোৰ টান বুলি এৰি দিছিলে বুঢ়ীৰ কথামতে বুদ্ধি খটালত হৰিয়ে পানী যেন সহজ পালে। পূজাৰ আগেয়ে অলপ দিনৰ ভিতৰতে কিতাপ খন দুবাৰ লুটিয়াই পেলালে।

 দেউতাকে হৰিৰ পঢ়া লৈ বৰ সন্তোষিত হৈ কি উপায়েৰে ইমান সোনকালে ইমান সুন্দৰকৈ পঢ়া কৰিব পাৰিলে বুলি সোধাত হৰিয়ে সকলো কথা ভাঙ্গি কলে। হৰিৰ কথা শুনি পিতাকে কলে, “বাপা, সামান্য শিল আৰু কটাৰি এখনৰ পৰা সাহ পাই তুমি অলপ সময়ৰ