জ্ঞান-মালা/যিটো কাম আজি কৰিব পাৰা কালিলৈ পেলায় নথবা

ৱিকিউৎসৰ পৰা
[ ১৩ ]

৭। যিটো কাম আজি কৰিব পাৰা কালিলৈ পেলায় নথবা

 কোনো সময়ত এজন খেতিয়কে কোনো সকামত এবাৰ নগৰলৈ আহিছিল। কাম শেষ কৰি গাওঁলৈ উলটি যাবৰ সময়ত খেতিয়ক জনে ভাবিলে “নগৰলৈ আহিছোঁ যেতিয়া এজন জ্ঞানী উকিলৰ পৰামৰ্শ লৈ যোৱা উচিত।” ইয়াকে ভাবি এজন নামজলা উকিলৰ ওচৰলৈ গৈ কলে, “ডাঙ্গৰিয়া, মই গাৱলিয়া মানুহ। আপোনাৰ নাম শুনি আপোনাৰ ওচৰলৈ আহিছোঁ মোক এটা পৰামৰ্শ দিয়ক।” উকিল জনে খেতিয়ক জনক বহিবলৈ আসন দি কি দৰকাৰত কি পৰামৰ্শ লবলৈনো তেওঁৰ ওচৰলৈ আহিছে তাকে জানিবৰ মনেৰে সুধিলে, “তুমি ৰাজঘৰত আনৰ নামে ওজৰ কৰিবলৈ খুজিছা নে কি?” উকিলৰ প্ৰশ্ন শুনি খেতিয়ক জনে উত্তৰ দিলে, “ডাঙ্গৰীয়া, মই কাৰো নামে ওজৰ কৰিবলৈ অহা নাই, কাৰণ মই জগতৰ সকলোৰে সৈতে মিলা প্ৰীতিৰে থাকিবলৈ ভাল পাওঁ, সেই কাৰণে কাৰো সৈতে মোৰ দন্দ নাই।” উকিল জনে আকৌ [ ১৪ ] সুধিলে “তোমাক কোনো পৈতৃক সম্পত্তি ভগাই দিব লাগিব নেকি?” খেতিয়ক জলে কলে ডাঙ্গৰীয়া, সেইটো ও নহয়। মই দুখীয়া মানুহ। যি অলপ সম্পত্তি আছে সেই সম্পত্তিত আমাৰ সকলোৰে সমান অধিকাৰ।” তেতিয়া উকিল জনে কলে “তেনেহলেনো তোমাক কি লাগে?” খেতিয়ক জনে উত্তৰ দিলে, “কিয়, আপুনি মোৰ মনৰ ভাব বুজি পোৱা নাই নে? আপুনি জ্ঞানী মানুহ বহুত কথা জানে, সেই কাৰণে আপোনাৰ পৰা এটি উপদেশ লৈ ঘৰমুৱা হম, ইয়াকে ভাবি আপোনাৰ ওচৰলৈ আহিছোঁ। মই শুদা হাতে আপোনাৰ পৰা উপদেশ লবলৈ অহা নাই। আপোনাৰ উপদেশৰ কাৰণে আপোনাক অৱশ্যে মই মাননি দিম।” উকিল জনে তেতিয়া সকলো কথা বুজি পাই কাকত এখনত কিবা অলপ লেখি দি কলে, হোৱা এই খন লৈ যোৱা, যেতিয়া পৰামৰ্শ লবৰ দৰকাৰ হব তেতিয়া খুলি পঢ়ি চাবা।” খেতিয়ক জনে বৰ আনন্দ মনেৰে কাকত খন লৈ উকিলক উপযুক্ত বটা দি গুচি গল।

 তেওঁ ঘৰ পাই দেখিলে যে কটা ধান বোৰ যেনে দেখি গৈছিল তেনেই পথাৰতে পৰি আছে, ভেতিয়ালৈকে কোনেও ঘৰত আনি থোৱা নাই। [ ১৫ ] ধানবোৰৰ এনে বিলাই দেখি খেতিয়ক জনে মনে মনে ঘৰৰ ঘৈণী ও চাকৰ বোৰৰ ওপৰত বৰ বিৰক্ত হল; কিন্তু বৰ দুঃখে ভাগৰে ঘৰ পাই ভাবিলে “আজি আৰু থাকক, বৰ ভাগৰি পৰিছোঁ গধূলিও হল, কালি পুৱাই উঠিয়েই অনাম। প্ৰায় সকলোৰে ধান দেখোঁ পৰি আছে মোৰ বোৰ ইমান দিন পৰি আছিল যেতিয়া আৰু এৰাতি পৰি থাকিলে একো নহয়।” এই ভাবি খেতিয়ক জনে হাত ধুই অলপ বিশ্ৰাম লবৰ কাৰণে পাটী ঢৰা পাৰি ললে। এনেতে মনত হল উকিলেনো কাকতখনত কি উপদেশ লিখি দিছে চাওঁচোন এই ভাবি কাকতখন জেপৰ পৰা উলিয়াই চাই দেখে যে তাত ডাঙ্গৰ ডাঙ্গৰ আখৰেৰে লিখা আছে “যিটো কাম আজি কৰিব পাৰা কালিলৈ সেইটো কাম পেলাই নথবা।” কাকতৰ লিখা পঢ়িয়েই খেতিয়ক জনৰ মন উলটি গল। দুখ ভাগৰ সকলোকে কাতিকৈ,লগুৱাবিলাকক লগত লৈ ততালিকে ধান আনিবলৈ পথাৰলৈ লৱৰিলে। সকলোৱে গোট খাই কাম কৰাত এন্ধাৰ হোৱাৰ আগেয়েই সকলো ধান আনি শেষ কৰিলে।

 কিন্তু কি আচৰিত মানুহে গধূলিবেলা যদিও বৰষুণৰ একো চিন নেদেখিছিল, যদিও ডাৱৰৰ সঁচ [ ১৬ ] নাছিল সেই দিনা ৰাতি বৰ বৰষুণ আৰু ধুমুহা বতাহ আহিল। খেতিয়ক জনে পুৱা উঠি দেখে যে নৈৰ বান আহি গোটেইখন পথাৰ অপাৰ সাগৰ যেন কৰিছে। সেই পানীয়ে পথাৰত থকা ধান বোৰ কৰবালৈ উটাই নিছে। সকলোৰে বৰ ক্ষতি হল; কেবল উকিলৰ উপদেশ মতে কাম কৰাত আমাৰ এই খেতিয়ক জনৰহে একো হানি নহল। তেতিয়া তেওঁ আঠুলৈ উকিল জনৰ দীঘল আয়ুষ কামনা কৰি ঈশ্বৰক মনৰ কৃতজ্ঞতা জনালে। তেতিয়াৰ পৰা সেই উপদেশ মতে কাম কৰি খেতিয়ক জন অৱশেষত দেশৰ ভিতৰত এজন গণ্যমান্য মানুহ হৈ উঠিল।