পৃষ্ঠা:জ্ঞান-মালা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
জ্ঞানমালা।

ভিতৰতে ইমান সুন্দৰকৈ পঢ়া শেষ কৰিব পাৰিলা। ইয়াৰ পৰা বুজিবা সামান্য বস্তুৰ পৰাও আমি বহুত শিকিব পাৰোঁ।”



উৰি ফুৰা মাছ।

 উৰি ফুৰা মাছৰ আগেয়ে বোলে পাখি নাছিল। সেই কাৰণে তাৰ মনত বৰ অসন্তোষ। সদায় পানীতে থাকি আমুৱাত আকাশত উৰিফুৰিবলৈ তাৰ বৰ হেপাহ হ’ল। মনে মনে ভাবিলে “হায়, হায়, মই উৰিব পৰা হলে এতিয়াতকৈ বেচি স্বভাৱৰ সৌন্দৰ্য্য দেখিবলৈ পালোঁহেতেন, আৰু এতিয়া যিবিলাক মাছে মোক খাবলৈ খেদি ফুৰি মোৰ জীৱনটোক দুঃখময় কৰিছে সেই বিলাকৰ হাতৰ পৰাও ৰক্ষা পাব পাৰিলোঁহেতেন। এই বিলাক কথা ভাবি পাখি দুখনৰ কাৰণে ইন্দ্ৰক বৰকৈ স্তৱ কৰাত তাৰ গাত থকা সৰু পাখি দুখন বাঢ়িব ধৰিলে; বাঢ়োতে বাঢ়োতে পাখি দুখন তাৰ