সকলোৱে তেওঁৰ উদ্ধাৰৰ আশা ত্যাগ কৰি ঘিণত তেওঁৰ কাষ নেচাপিছিল; কিন্তু অকল পুত্ৰপ্ৰাণা মণিকাৰ মনৰ পৰাহে কুপথগামী সন্তানৰ উদ্ধাৰৰ আশা একোৱে নুমুৱাব নোৱাৰিলে। তেওঁ তেওঁৰ চেষ্টাৰ পিচত চেষ্টা যে বিফলে গৈছে তালৈ আওকাণ কৰি সন্তানৰ শত বেয়া ব্যৱহাৰ ধৈৰ্য্যেৰে সহি অগষ্টিনক কুপুত্ৰ গুচাই সুপুত্ৰ কৰিলে। যি বিলাকে আগেয়ে অগষ্টিনক ঘিণ কৰি কাষ নেচাপিছিল এতিয়া তেওঁৰ যত্নতে সেই বিলাক মানুহেই অগষ্টিনৰ গুণত মুগ্ধ হৈ “সেন্ট্ অগষ্টিন্” অৰ্থাৎ “সাধু অগষ্টিন্” এই নাম দিলে।
হে সৰু লৰাছোৱালীবিলাক এতিয়া কোৱাচোন পিতৃ মাতৃয়ে যে ইমান আত্মত্যাগ কৰে তাৰ সলনি ডাঙ্গৰ হৈ আমি তেওঁবিলাকক কি সুজনি দিও? লৰাকালটো অজ্ঞান অৱস্থাতে যায়। তেওঁবিলাকৰ মোল বুজিব নোৱাৰোঁ। সেই অবোধ অৱস্থাত অবাধ্য হৈ আৰু নানা উপায়েৰে তেওঁ বিলাকৰ ওপৰত নিতৌ কত দৌৰাত্ম্য কৰিছিলোঁ। দোষ কৰি সংশোধনৰ কাৰণে শাস্তি পাই ভাবিছিলোঁ তেওঁবিলাক বৰ নিষ্ঠুৰ আমালৈ মৰম লেশ মাত্ৰ নাই, সেই কাৰণেহে নিদাৰুণ ভাবে এই দৰে আমাক শাস্তি দিছে। কিন্তু আমাক