পৃষ্ঠা:জ্ঞান-মালা.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
জ্ঞানমালা।

তেওঁবিলাকৰ পোহ-পালতে আমি ইমান ডাঙ্গৰ দীঘল হলোঁ। আমি নৰিয়া পৰিলে পেটত ভাত চকুত টোপনি নোহোৱাকৈ নিজৰ শৰীৰক শৰীৰ যেন নেদেখি তেওঁবিলাকে দিনে ৰাতিয়ে আমাক শুশ্ৰুষা কৰে। সেই সময়ত আই বোপাইৰ চিন্তাকুল শুকান মুখ দেখিলে মনত হয় যে আমাৰ ৰোগৰ যন্ত্ৰণাতকৈ দহগুণ বেচি যন্ত্ৰণা যেন তেওঁবিলাকে ভোগ কৰিব লাগিছে। সংসাৰত এনে পিতৃ মাতৃয়ে তেনে ওখ আসনৰ যোগ্য নহৈ আৰু কোন হব পাৰে?

 সম্পদৰ সময়ত বন্ধু বান্ধৱ বহুত পোৱা যায় কিন্তু বিপদৰ সময়ত ভাই, ভনী, বন্ধু, বান্ধৱ, নিজৰ সহ- ধৰ্ম্মিনীয়ে পৰ্য্যন্ত এৰি যোৱা দেখা গৈছে। সকলো মানুহৰ ভাল-পোৱাতে সময়ত স্বাৰ্থৰ চিন পোৱা যায় কিন্তু পিতৃ মাতৃৰ মৰম একেবাৰে স্বাৰ্থশূন্য।

 মণিকাই কিমান চেষ্টা কিমান অধ্যৱসায়ৰ দ্বাৰা কুপথগামী পুত্ৰক পথলৈ আনি জগতৰ মহৎ লোকৰ মাজৰ এজন কৰিবলৈ সমৰ্থ হৈছিল তাৰ ইতিহাস জানিলে আমাৰ মুৰ আপোনো আপুনি তেওঁৰ চৰণত দো খাই যায়। যেতিয়া অগষ্টিনে নানা ৰকমৰ অসৎ কাম কৰি অধাৰ্ম্মিকৰ চিন দেখুৱাব ধৰিলে তেতিয়া