জ্ঞান-মালা/মাক আরু জিয়েক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস

[ ৫৫ ]

মাক আরু জিয়েক।

 কমলা। আই তাঁত বই বই মোৰ হাত বিষাল ইয়াতে থওঁ দেই?

 মাক। চাওঁ নিচেই কম বইচা দেখোন মুঠেই তিনি আঙ্গুল হইছে তোমাক ময় মহুৰা গোটায় খিনি শেষ কৰিবলৈ কইছিলোঁ নহয়। [ ৫৬ ]  কমলা। আই ময় যে লেখিব আৰু কিতাপৰ পঢ়া শিকিব লাগিব যাওঁ তাকে কৰোঁ গৈ।

 মাক। তুমি যে কিমান পঢ়িবা লেখিবা ময় ভালকৈয়ে জানো; লগাই দিয়া কামত মন নবহে খালি ইটো কৰো সিটো কৰোঁ।

 কমলা। নহয় আই, তাঁত বোৱাৰ বাহিৰেও ময় আন আন কাম শিকিব লাগে নহয়, তুমি দেখোন দেখিছাই ময় কেনে সুন্দৰকৈ তাত বব পাৰোঁ। মোৰ সমনীয়া মালতীয়ে মাকুকে ধৰিব নেজানে কিন্তু সুন্দৰকৈ কাপোৰত গুণাৰে ফুল বাচিবলৈ উলৰ কাজ কৰিবলৈ শিকিছে, মালতীয়ে মোতকৈ বহুত বেশী পঢ়িবও পাৰে।

 মাক। কথকি, তুমি কথাৰহে চহকি ভালকৈ তাঁত বব জনা হলে ইমান পৰত তোমাৰ তিনি আঙ্গুল কাপোৰ নহয় আৰু ইমান বিলাক সূতাও নিছিগে, তুমি তোমাৰ কামৰ সৈতে মালতীৰ কাম ৰিজাইছা কিন্তু তোমাৰ মাৰে কোনটো বিদ্যা তোমাৰ বেচি লাগতীয়াল আৰু কোনটো বিদ্যা আগলৈ তোমাৰ বেচি উপকাৰত লাগিব তাক তোমাতকৈ জানে। [ ৫৭ ]  কমলা। কিন্তু, আই তুমিয়ে দেখোন সদায় কৈ থাকা সংসাৰত সকলো ৰকমৰ বিদ্যাকে শিকিব লাগে।

 মাক। সময় আৰু সুবিধা পালে সকলো ৰকমৰ বিদ্যাকে শিকিব লাগে সচাঁ কিন্তু আমাৰ নিচিনা মানুহৰ অৱস্থাত যিটো বিদ্যা বেচি লাগতীয়াল সেইটো বিদ্যাহে তোমাৰ আগেয়ে শিকা উচিত।

 কমলা। তাঁত বোৱা বিদ্যাটো নো কিয় আমাৰ বেচি লাগতীয়াল আৰু তাক নো কিয় সকলে বিদ্যাতকৈ আগেয়ে শিকা উচিত?

 মাক। উলৰ গুণাৰ কাম কৰা বিদ্যাতে যদি তোমাৰ ধাউতি বেচি হয়, এই বিলাক কামত যদি তোমাৰ সময়ৰ সৰহ ভাগ দিয়া পিন্ধা কাপোৰ কেতিয়া ব’বা? উলৰ গুণাৰ কাপোৰ আমাৰ বেশী লাগতীয়াল নে পিন্ধা কাপোৰ বেচি লাগতীয়াল? আমাৰ নিচিনা অবস্থাৰ মানুহে প্ৰথমতে পেটৰ ভাত, গাৰ কাপোৰ আৰু ভবিষ্যতৰ বিপদৰ কাৰণে কিছু টকা সঞ্চয় কৰি লোৱা এই তিনিটা ভাব মনত লৈহে সংসাৰত চলা উচিত। উলৰ কাপোৰ গুণাৰ কাপোৰ অলঙ্কাৰ আদিৰ নিচিনা সৌখিন বস্তুলৈ হেপাহ হোৱা একেবাৰে অনুচিত

 কমলা। কিয় আই? [ ৫৮ ]  মাক। এতিয়া দেউতাৰে ঘটি টকা আনি দিছেহি দেখি খাবলৈ পাইছা যদি অকস্মাৎ দেউতাৰ নৰিয়া বা কিবা দুৰ্ঘটনা হয় তেতিয়া সাচঁতিয়াৰ টকা নেথাকিলে কৰ পৰা খাবা? টকা নহলে বেজ ঔষধ আনি ৰোগীৰে বা নৰিয়া ভাল কৰিবা কেনেকৈ? সেই সময়ত ৰোগীৰ চিন্তাতে মন অস্থিৰ থাকিব তাৰ উপৰি টকাৰ চিন্তা খোৱাৰ চিন্তা সহা বৰ টান। সেই সময়ত ধুণীয়া কাপোৰ আৰু অলঙ্কাৰে তোমাৰ ভোক নুগুচায় তোমাৰ মনত সন্তোষ ও লগাব নোৱাৰে।

 কমলা। কিন্তু আই ময় যে ভাল বস্তু ভাল পাও।

 মাক। ভাল বস্তু কোনেনো ভাল নেপায? সকলো মানুহে ভাল পায়, কিন্তু সেই বুলি যিহকে ভাল পোবা আগ পিচ নেভাবি তাকে কৰা আমাৰ উচিত নহয। পৰা খিনিলৈহে হাত মেলিব লাগে ভাল বস্তুলৈ হেপাহ হল বুলি আমাৰ ঘৰুৱা অবস্থা পাহৰি যাব নেলাগে। যদি ময় নিজৰ গাৰ সুখৰ কাৰণে মালতীৰ মাকৰ দৰে এজন ৰান্ধনি তিনি চাৰিটাকৈ চাকৰ ৰাখোঁ, তোমাক ঘৰৰ বন নিশিকাই চাকৰৰ হতুয়াই আল ধৰাই মালতীৰ দৰে খালি কিতাপ পঢ়ুয়াই ফুল পাহিৰ দৰে আল ফুল কৰি থও মানুহে মোক বলিয়া বুলিব। [ ৫৯ ]  কমলা। কিয় আই?

 মাক। এতিয়াৰ পৰা যদি তুমি ঘৰৰ কাম কৰিবলৈ অভ্যাস নকৰা আগলৈ গৃহস্থালী ভালকৈ চাব নোৱাৰিবা। মানুহৰ অভ্যাসেই কথা। সৰুতে যি অজ্ঞাস কৰে সেই অজ্ঞাস এৰা বৰ টান; এতিয়া তোমাক ধিতিঙ্গালি কৰি ফুৰিবলৈ এৰি দিলে আগলৈ ইয়াৰ বাবে সেকা পাই তুমিৱে মোক দোষ দিবা। তেতিয়া কাম বা অভ্যাস নেৰাখি খালি ধিতিঙ্গালি কৰি ফুৰাৰ পৰা কিমান অনিষ্ট হয় তাক বুজিব পাৰিবা। কিন্তু সেই বেয়া অভ্যাসে লোহাৰ শিকলিৰ দৰে তোমাক মেৰাই ধৰি নিতে কষ্ট দিব, ইচ্ছা কৰিলেও সেই শিকলি জোকাৰি পেলাই দিব নোৱাৰিবা, ৰাতিয়ে দিনে তোমাৰ ইচ্ছাৰ বিৰুদ্ধে সেই শিকলিৰ অসহনীয় ভাৰ সব লাগিব, ইয়াতকৈ টান শাস্তি তোমাৰ আৰু কি হব পাৰে? যেতিয়া এখন ঘৰৰ গৃহিণী হবা তোমাৰ তলত তিনি চাৰিটা চাকৰ থাকিব ঘৰৰ কামত অভিজ্ঞতা নেথাকিলে গৃহস্থালি কেনেকৈ চলাবা, চাকৰবিলাকৰ দোষ নো কেনেকৈ বুজিবা? সুগৃহিণীৰ হাতত গৃহস্থালীৰ যেনে উন্নতি হয় কুগৃহিণীৰ হাতত গৃহস্থালীৰ তেনে সৰ্ব্বনাশ হয়। [ ৬০ ] ঘৰৰ গৃহিণীৰ ওপৰতে গোটেই পৰিয়ালৰ সুখ দুখ নিৰ্ভৰ কৰে। তেওঁৰ স্বভাবৰ চাব লৰা-ছোৱালী লগুৱা-লিগিৰী গৃহস্থ সকলোৰ ওপৰতে অলপ পৰে। যি গৃহিণীৰ ওপৰত ইমান বিলাক মানুহৰ সুখ দুখ নিৰ্ভৰ কৰে, যি জনৰ দায়িত্ব ইমান গুৰুতৰ তেওঁৰ স্বভাব অতি সাৱধানেৰে গঠিত কৰা উচিত। যদি তোমাৰ স্বভাব গঠন কৰা সম্পৰ্কে ময় উদাসীন হওঁ প্ৰথমতে তোমাৰ, তাৰ পাচত সমাজৰ আৰু তাৰ পাচত দেশৰ প্ৰতি কৰ্তব্য অবহেলা কৰা পাপে মোক চুব।