পৃষ্ঠা:জ্ঞান-মালা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
জ্ঞানমালা।

শাস্তি দিওতে তেওঁবিলাকে মনত কিমান কষ্ট পায় আমি তাক নুবুজিছিলোঁ। এই দৰে ভাবিচালে দেখিবা তেওঁ বিলাকে আমাৰ কাৰণে যি কৰিছিল তাৰ হাজাৰ ভাগৰো এভাগ সুজনি দিবলৈ আমি সমৰ্থ নহওঁ। কিন্তু তেওঁবিলাকৰ ভাল পোৱা স্বাৰ্থশূন্য। আমাৰ পৰা বেচি একো নিবিচাৰে। আমাৰ ভাল হলে, আমি কুশলে থাকিলেই তেওঁবিলাকৰ আনন্দ, আমাৰ মঙ্গলেই তেওঁবিলাকৰ অন্তৰৰ গভীৰ কামনা। ইয়াত বাজে আৰু কোনো স্বাৰ্থৰ কামনা তেওঁবিলাকৰ মনত ঠাই নেপায়।

 পূৰ্ব্বকালত আমাৰ পূৰ্ব্বপুৰুষবিলাকে পিতৃক দেৱতুল্য সন্মান কৰিছিল। ৰামচন্দ্ৰই পিতাৰ আজ্ঞাত ৰাজ্য এৰি বনবাস খাটিছিল। ভীষ্মই পিতাৰ সুখৰ কাৰণে ৰাজ-সুখ ত্যাগ কৰি চিৰকাললৈ ব্ৰহ্মচৰ্য্য ব্ৰত পালন কৰিছিল। পুৰুয়ে প্ৰফুল্ল মনেৰে নিজৰ যৌবন দান কৰি পিতাৰ বাৰ্দ্ধক্য নিজে লৈছিল। এই দৰে আমাৰ পূৰ্ব্বপুৰুষবিলাকে আমাৰ দেশৰ পূৰণি কালৰ ইতিহাস অসংখ্য পিতৃ-মাতৃ ভক্তিৰ দৃষ্টান্তেৰে অলঙ্কৃত কৰি গৈছে।

 হে সৰু লৰাছোৱালীবিলাক, তোমালোকে যদিও