এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
জ্ঞানমালা।
নাৰ অনুমতি পালে তাক মই এতিয়াই শান্ত কৰিব পাৰোঁ।” ৰজাই উত্তৰ দিলে, “যদি তুমি তাক নিচুকাব পাৰা তেন্তে অকল মোৰ নহয় জাহাজৰ সকলো আৰোহীৰেই তুমি কৃতজ্ঞভাজন হবা।”
![জ্ঞান-মালা (page 49 crop).jpg](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9a/%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE_%28page_49_crop%29.jpg/300px-%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE_%28page_49_crop%29.jpg)
বেজ জনৰ কথামতে তাক সাগৰত পেলায় দিয়া হল। অলপ পৰ সাগৰৰ ঢউত তল ওপৰ কৰি থকাৰ পাচত তাক জৰীৰে তুলি টানি জাহাজৰ দাঁতিলৈ আনিলে সি তেতিয়া দুই হাতেৰে খামুচি লঙ্গৰ ডালত ধৰি জাহাজৰ ওপৰলৈ উঠি আহি জাহাজৰ এটা চুকলৈ গৈ কোচ মোচ খাই নিতাল মাৰি বহি থাকিলে। ৰজাই সকলো দেখা পাই সম্ভোষিত হৈ সুধিলে, “ইয়াত নো তুমি কি কৌশল খটালা?” বেজে উত্তৰ দিলে, “হে মহাৰাজ,