পৃষ্ঠা:জ্ঞান-মালা.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪০
জ্ঞানমালা।

বেমাৰ পৰিলে মানুহে যেনে স্বাস্থ্যৰ মূল্য বুজে সেই দৰে ই সাগৰত পৰাৰ আগেয়ে জাহাজৰ ভিতৰত যে নিৰাপদ হৈ আছে সেইটো তাৰ মনত একো যেন নেলাগিছিলে। দুখত নপৰিলে মানুহে সুখৰ মোল বুজিব নোৱাৰে সেই কাৰণে পৰমেশ্বৰে সুখৰ লগতে দুখৰো সৃষ্টি কৰিছে। হে মহাৰাজ, এতেকে সকলো বিপদকে ঈশ্বৰৰ দান বুলি ধৈৰ্য্যেৰে আমাৰ সহা উচিত।



সত্য কথা।

 কোনো এক পৰ্ব্বতৰ দাঁতিত এটা গৰখীয়া লৰাই, সদায় অকলে গৰু চৰাবলৈ যায়। এদিন সি ৰঙ্গ কৰিবৰ মনেৰে “বাঘ” “বাঘ” বুলি চিঞঁৰিব ধৰিলে। সঁচাকৈ বাঘ আহিছে ভাবি ওচৰৰ পথাৰত কাম কৰি থকা মানুহবিলাকে জাঠি জোং লৈ বাঘ মাৰিবলৈ লৱৰি গল। কিন্তু মানুহ বিলাকে গৈ দেখে যে বাঘ নাই লৰাটোয়ে সিহতক দেখি ইতিকিং কৰি হাঁহিবহে লাগিছে। মিছাতে বনখতি কৰাবাবে খেতিয়কবিলাকে তাক দবিয়াই খঙ্গত উলটি গুচি আহিল।