জ্ঞান-মালা/সত্য কথা

ৱিকিউৎসৰ পৰা

[ ৪০ ]

সত্য কথা।

 কোনো এক পৰ্ব্বতৰ দাঁতিত এটা গৰখীয়া লৰাই, সদায় অকলে গৰু চৰাবলৈ যায়। এদিন সি ৰঙ্গ কৰিবৰ মনেৰে “বাঘ” “বাঘ” বুলি চিঞঁৰিব ধৰিলে। সঁচাকৈ বাঘ আহিছে ভাবি ওচৰৰ পথাৰত কাম কৰি থকা মানুহবিলাকে জাঠি জোং লৈ বাঘ মাৰিবলৈ লৱৰি গল। কিন্তু মানুহ বিলাকে গৈ দেখে যে বাঘ নাই লৰাটোয়ে সিহতক দেখি ইতিকিং কৰি হাঁহিবহে লাগিছে। মিছাতে বনখতি কৰাবাবে খেতিয়কবিলাকে তাক দবিয়াই খঙ্গত উলটি গুচি আহিল।
[ ৪১ ]  এই ঘটনাৰ অলপ দিনৰ পাচতে এদিন সচাকৈয়ে বাঘ আহি সেই লৰাটোৰ গৰুৰ জাকত সোমালহি। সি ভয়ত অথিৰ হৈ আগৰ দৰে আকৌ ‘বাঘ’ ‘বাঘ’ বুলি চিঞঁৰিব ধৰিলে; কিন্তু কোনো মানুহ তাৰ এই বিপদৰ সমযত সহায় কৰিবলৈ নোযোৱা দেখি লৱৰি

জ্ঞান-মালা (page 51 crop).jpg
জ্ঞান-মালা (page 51 crop).jpg

আগৰ খেতিয়কবিলাকৰ ওচৰলৈ আহি কাবৌ কৰি কিমান মাতিলে, কিন্তু কোনেও তাৰ কথা বিশ্বাস নকৰিলে। ইফালে বাঘে যিমান পাৰে নিৰ্ব্বিঘ্নে তাৰ গৰু গাইৰ অনিষ্ট কৰি বনত সোমাল।
[ ৪২ ]  ভাবি চোৱাচোন খন্তেকীয়া সামান্য সুখৰ কাৰণে মিছা ধেমালি কৰি এই গৰখীয়া লৰা জনে নিজৰ কিমান দূৰ অনিষ্ট কৰিলে। হে সৰু লৰা ছোৱলী বিলাক সেই দেখি কওঁ মিছা কথা কেতিয়াও নকবা। যদি কেতিয়াবা দোষ কৰা দোষ গাত পাতি লবা। শাস্তিলৈ ভয় কৰি সেই দোষ লুকাবলৈ চেষ্টা নকৰিবা। যি জনে সঁচা কথা কবলৈ ভয় নকৰে তেওঁহে আচল বীৰ। শাস্তিলৈ ভয় কৰি যিবিলাকে মিছা কথা কয় সৰ্ব্বগুণী হলেও তেওঁবিলাকে কাপুরুষ নাম পায়।

 দোষ কৰি মিছা কথাৰে ঢাকিবলৈ চেষ্টা কৰা বৃথা। মিছা কথাৰ ঠেং চুটি; সময়ত আচল কথা ওলাবই। দোষ স্বীকাৰ কৰি ক্ষমা খুজিলে তোমাৰ অভিভাবকৰ পৰা ক্ষমা পাবৰ সম্ভব। কিন্তু মিছা কথা কই ধৰা পৰিলে এই গৰখীয়া লৰা জনৰ দৰে তোমাক সতকায় মানুহে পতিয়াব নুখুজিব। সংসাৰত বেয়া নাম আৰ্জ্জিবলৈ যেনে ঢিলা সুনাম পাবলৈ তেনে টান। চৰিত্ৰত এবাৰ কলঙ্কৰ চেকা লাগিলে হাজাৰ চেষ্টা কৰিও তাক এৰুৱা টান।