দুখে সুখৰ মোল বুজায়।
এজন ৰজাই সাগৰৰ সৌন্দৰ্য্য চাবৰ মনেৰে জাহাজত উঠি সাগৰ ভ্ৰমণৰ কাৰণে বাহিৰ হল। তেওঁৰ লগত এটা বন্দী লৰা আছিল। সি আৰু কেতিয়াও সাগৰ দেখা আৰু জাহাজত উঠা নাছিল, সেই বাবে জাহজত উঠা মাত্ৰকে ইনায় বিনায় কান্দি ভয়ত অথিৰ হৈ কপিব ধৰিলে। জাহাজৰ আন আন মানুহবিলাকে তাক বুজনি দিবলৈ কিমান চেষ্টা কৰিলে কিমান সান্ত্বনাৰ কথা কলে কিন্তু তাৰ কান্দোন পাতল নপৰিল লাহে লাহে বেচি হে হব ধৰিলে।
সমুদ্ৰৰ শোভাত ৰজাৰ মন মুগ্ধ হল। তেওঁ ৰাজ সভাসদ বিলাকৰ সৈতে আমোদ প্ৰমোদত বহিল কিন্তু বন্দী ল’ৰাটোৰ কান্দোনৰ তাপত কাৰ সাধ্য শান্তিৰে সুখভোগ কৰে? তাৰ কান্দোনৰ তাপত জাহাজৰ আন আন আৰোহীবিলাকৰ সুখ শান্তি নোহোৱা হল। ৰজাই সমুদ্ৰ ভ্ৰমণৰ যি সুখ তাক বন্দী ল’ৰাটোৰ কাৰণে আৰু সুখেৰে ভোগ কৰিব নোৱাৰিব বুলি ভাবিলে। সেই জাহজত এজন বেজ আছিল তেওঁ ৰজাক সম্বোধন কৰি কলে, “হে মহাৰাজ, আপুনি কিয় চিন্তিত হৈছে? আপ