জ্ঞান-মালা/উদ্ভিদ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস
[ ১০ ]

উদ্ভিদ।

 আমাৰ চাৰিওফালে যি বিলাক বস্তু দেখিবলৈ পাওঁ সকলো বিলাক তিন ভাগে বিভক্ত;- চেতন, অচেতন আৰু উদ্ভিদ। যিবিলাকৰ জীৱ আছে সেই বিলাক চেতন, যিবিলাকৰ জীৱ নাই সেই বিলাক অচেতন আৰু যিবিলাকৰ জীৱ আছে অথচ ইফাল সিফাল কৰিব নোৱাৰে সেই বিলাকক উদ্ভিদ বোলে। গছ লতাবিলাকেই উদ্ভিদৰ শাৰীত পৰিছে। য’তে থোৱা ত’তে থাকে, এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে দেখি বহুতে ভাবে গছ লতাৰ জীৱ নাই, কিন্তু সেইটো সঁচা নহয়। মানুহৰ দৰে সিহঁতো জীৱ থকা পদাৰ্থ। মানুহৰ যেনেকৈ জনম মৰণ হয়, গছৰো সেই দৰে জনম মৰণ হয়। মানুহৰ যিদৰে লৰাকাল, ডেকাকাল আৰু আবুঢ়াকাল আছে, গছৰো সেইদৰে লৰাকাল, ডেকাকাল, আৰু বুঢ়াকাল আছে। মানুহে যেনেকৈ সৰুৰ পৰা ডাঙ্গৰ হয়, গছও সেইদৰে সৰুৰ পৰাহে ডাঙ্গৰ হব পাৰে। আন আন প্ৰাণীৰ দৰে উদ্ভিদৰো আয়ুষ আছে। শাক, পাচলি ধানগছ আদিৰ আয়ুষ নিচেই চুটি আহঁত বৰ আদি গছৰ আয়ুৰ মানুহৰ আয়ুষতকৈ দুগুণ। [ ১১ ] তিনি গুণ দীঘল হব। উদ্ভিদ যিমান দিন জীয়াই থাকে সিমান দিন ৰসাল থাকে, বাঢ়ে আৰু নিজৰ বংশ পৰিয়ালো বঢ়ায়। আমাৰ মুখ এখন হে কিন্তু সিহঁতৰ মুখ সহস্ৰ খন। সিহঁতে শিপাৰেও খায় পাতেৰেও খায়। শিপাৰে মাটিৰ পৰা ৰসটানি লয়। সেই ৰস গোটেই গালৈ গৈ সিহঁতৰ শ্ৰী বঢ়ায়। অকল মাটিৰ ৰসেই উদ্ভিদৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰে। অনুবিক্ষণ যন্ত্ৰেৰে চালে বুজিব পাৰিবা যে গছ লতাৰ পাতত অসংখ্য সৰু সৰু বিন্ধা আছে। সেই বিলাক বিন্ধা উদ্ভিদৰ নাক বুলিব পাৰি। সেই বিন্ধা বিলাকৰ দ্বাৰা উদ্ভিদে সিহঁতৰ প্ৰধান আহাৰ বায়ুৰ পৰা সংগ্ৰহ কৰে। বৰ ৰদত মাটি শুকাই যোৱা বাবে ৰসৰ অভাৱত গছ গছনি বিলাক ৰঙ্গা পৰে; শাক পাচলি বিলাক শুকাই মৰি যায়। উদ্ভিদক জীয়াই থাকিবলৈ আৰু বাঢ়িবলৈ তাপ লাগে হয়, কিন্তু আমাৰ দৰে সিহঁতেও বেচি তাপ সহিব নোৱাৰে। চকি, মুঢ়া, ঘৰ সাজিবৰ সজুলি, কপোৰ ববলৈ কপাহ, খাবলৈ সুমিষ্ট ফল, মাহ সৰিয়হ চাউল জোগাই, ভাগৰুৱা পথিকক ছায়া দি, নৰিয়াত ঔষধৰূপে বিধে বিধে গছলতাই যে আমাৰ কিমান উপকাৰ সাধিব লাগিছে তাক কৈ ওৰ পেলোৱা অসম্ভৱ।
[ ১২ ]  উদ্ভিদ নানাবিধৰ। কেতবিলাক উদ্ভিদে মাটিতে শিপায়। কেতবিলাক উদ্ভিদে শূন্যতে থাকি শূন্যৰ বায়ুৰ ওপৰতে প্ৰাণ ধাৰণ কৰে। কেতবিলাক উদ্ভিদ পাণীত ভাহি থাকে। ৰঘুমলা আদি কৰি কিছুমান উদ্ভিদে আন এজোপা গছত শিপায় আৰু সেই গছৰ পৰা ৰস টানি জীয়াই থাকে। এবিধ বৰ আচৰিত গছ আছে। এই গছৰ পাতত পোক পৰুৱা পৰিলেই পাতটো জাপ খাই যায়। সেই পোক বা পৰুৱাটো জীৰ্ণ নেই মানে পাতটো মুকলি নহয়। এই বিধ উদ্ভিদক ‘ৰক্তাহাৰী গছ’ বোলে। আফ্ৰিকা দেশত এবিধ গছ আছে, সেই গছৰ গাত কুৰিয়ালে গাখীৰৰ নিচিনা এবিধ সোৱাদ বগা ৰস ওলায়। এই ৰস বহুত পৰ থৈ দিলে তাৰ ওপৰত সৰ বান্ধে; সেই সৰ খাবলৈ গাখীৰৰ সৰৰ নিচিনা সোৱাদ। এই দৰে নানা দেশত কত ৰকমৰ যে উদ্ভিদ আছে সেই বিলাক গছ লতাৰ কথা পঢ়িলে বা শুনিলে তধা লাগিব লাগে।