পৃষ্ঠা:জ্ঞান-মালা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
জ্ঞানমালা।

 উদ্ভিদ নানাবিধৰ। কেতবিলাক উদ্ভিদে মাটিতে শিপায়। কেতবিলাক উদ্ভিদে শূন্যতে থাকি শূন্যৰ বায়ুৰ ওপৰতে প্ৰাণ ধাৰণ কৰে। কেতবিলাক উদ্ভিদ পাণীত ভাহি থাকে। ৰঘুমলা আদি কৰি কিছুমান উদ্ভিদে আন এজোপা গছত শিপায় আৰু সেই গছৰ পৰা ৰস টানি জীয়াই থাকে। এবিধ বৰ আচৰিত গছ আছে। এই গছৰ পাতত পোক পৰুৱা পৰিলেই পাতটো জাপ খাই যায়। সেই পোক বা পৰুৱাটো জীৰ্ণ নেই মানে পাতটো মুকলি নহয়। এই বিধ উদ্ভিদক ‘ৰক্তাহাৰী গছ’ বোলে। আফ্ৰিকা দেশত এবিধ গছ আছে, সেই গছৰ গাত কুৰিয়ালে গাখীৰৰ নিচিনা এবিধ সোৱাদ বগা ৰস ওলায়। এই ৰস বহুত পৰ থৈ দিলে তাৰ ওপৰত সৰ বান্ধে; সেই সৰ খাবলৈ গাখীৰৰ সৰৰ নিচিনা সোৱাদ। এই দৰে নানা দেশত কত ৰকমৰ যে উদ্ভিদ আছে সেই বিলাক গছ লতাৰ কথা পঢ়িলে বা শুনিলে তধা লাগিব লাগে।