তিনি গুণ দীঘল হব। উদ্ভিদ যিমান দিন জীয়াই থাকে
সিমান দিন ৰসাল থাকে, বাঢ়ে আৰু নিজৰ বংশ পৰিয়ালো
বঢ়ায়। আমাৰ মুখ এখন হে কিন্তু সিহঁতৰ মুখ
সহস্ৰ খন। সিহঁতে শিপাৰেও খায় পাতেৰেও খায়।
শিপাৰে মাটিৰ পৰা ৰসটানি লয়। সেই ৰস গোটেই
গালৈ গৈ সিহঁতৰ শ্ৰী বঢ়ায়। অকল মাটিৰ ৰসেই উদ্ভিদৰ
প্ৰাণ ৰক্ষা কৰিব নোৱাৰে। অনুবিক্ষণ যন্ত্ৰেৰে চালে
বুজিব পাৰিবা যে গছ লতাৰ পাতত অসংখ্য সৰু সৰু
বিন্ধা আছে। সেই বিলাক বিন্ধা উদ্ভিদৰ নাক বুলিব
পাৰি। সেই বিন্ধা বিলাকৰ দ্বাৰা উদ্ভিদে সিহঁতৰ
প্ৰধান আহাৰ বায়ুৰ পৰা সংগ্ৰহ কৰে। বৰ ৰদত মাটি
শুকাই যোৱা বাবে ৰসৰ অভাৱত গছ গছনি বিলাক
ৰঙ্গা পৰে; শাক পাচলি বিলাক শুকাই মৰি যায়।
উদ্ভিদক জীয়াই থাকিবলৈ আৰু বাঢ়িবলৈ তাপ লাগে
হয়, কিন্তু আমাৰ দৰে সিহঁতেও বেচি তাপ সহিব
নোৱাৰে। চকি, মুঢ়া, ঘৰ সাজিবৰ সজুলি, কপোৰ
ববলৈ কপাহ, খাবলৈ সুমিষ্ট ফল, মাহ সৰিয়হ চাউল
জোগাই, ভাগৰুৱা পথিকক ছায়া দি, নৰিয়াত ঔষধৰূপে
বিধে বিধে গছলতাই যে আমাৰ কিমান উপকাৰ সাধিব
লাগিছে তাক কৈ ওৰ পেলোৱা অসম্ভৱ।
পৃষ্ঠা:জ্ঞান-মালা.djvu/২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
জ্ঞানমালা।