জ্ঞান-মালা/হেম
[ ৭ ]
হেম।
হেমৰ আজি বৰ ৰঙ্গ। পিতাকে এখনি সৰু কোৰ আৰু কিছুমান গছৰ গুটি দি হেমক বাগিচা কৰিবলৈ ঠাই দেখুৱাই দিছে। নতুন চকচকীয়া কোৰ আৰু নানাবিধ গছৰ গুটি পাই হেমৰ বুকুত আনন্দই নধৰা হৈছে। অলপ দিনৰ ভিতৰতে নানাবিধ গছেৰে বাগিচা [ ৮ ] খন ভৰাই পেলালে। উৎসাহেৰে সদাই কোৰ ধৰি বন জাবৰ নিৰাই পানী দি থকাত গছ গছনি বিলাক ডাল পাত মেলি বাঢ়ি আহিব ধৰিলে। হেমৰ যত্নত বাগিচা খনি এনেহে হল যে যেয়ে দেখে সেয়ে বাগিচাৰ গৰাকী জনৰ শত মুখেৰে প্ৰশংসা কাৰ। কিন্তু কিছুদিন পাচত এদিন পিতাকে বাগিচালৈ গৈ দেখিলে যে তাত বহুদিনৰ পৰা হেমৰ যত্নৰ অভাব হৈছে। পুতেকক ওচৰলৈ মাতি আনি কাৰণ সোধাত জানিব পাৰিলে যে লগৰ সমনীযাবিলাকে নিজ হাতে কোৰ ধৰি বাগিচা কৰাৰ গম পাই হেমক হালোৱা আৰু পিতাকক কিৰ্পিন বুলি হাঁহে সেই লাজতে পুতেকে বাগিচাৰ কামত আৰু হাত দিয়া নাই। এই বিলাক কথা শুনাৰ পাচত পিতাকে হেমৰ হাতত এখন ৰামায়ণ আৰু এখন ৰোম দেশৰ ইতিহাস দি কলে “বাপা সংসাৰত উন্নতি লাভ কৰিবৰ পৰিশ্ৰমেই একমাত্ৰ উপায়। মূৰ্খ মানুহে পৰিশ্ৰম কৰাক লাজৰ কথা বুলি ভাবে। মই কৃপণতাৰ কাৰণে তোমাক পৰিশ্ৰম কৰিবলৈ দিয়া নাই; তোমাৰ ভবিষ্যতৰ মঙ্গলৰ কাৰণেহে তোমাক এতিয়াৰ পৰা পৰিশ্ৰমী হবলৈ এই উপায়েৰে শিক্ষা দিব খুজিছোঁ। মই দিয়া এই কিতাপ দুখনি পঢ়িলে জানিব পাৰিবা যে হালোৱা [ ৯ ] নাম একো লাজৰ কথা নহয়। আমাৰ দেশৰ মহাৰাজা জনকে নিজে হালৰ মুঠিত ধৰিছিল। ৰোম দেশৰ স্বদেশ প্ৰেমিক মহাবীৰ লুচিয়াচ কুইঙ্কচাচে হালৰ মুঠি এৰিহে যুদ্ধত লাগিছিল। যেতিয়া তেওঁ বীৰত্ব প্ৰকাশ কৰি শত্ৰুৰ হাতৰ পৰা ৰোমক উদ্ধাৰ কৰিলে ৰোমবাসীবিলাকে কৃতজ্ঞতাৰ চিন স্বৰূপ তেওঁক ৰাজ সম্মান দি খেতি বাতি এৰি দিবলৈ অনুৰোধ কৰিলে। কিন্তু যুদ্ধ শেষ হলতেই তেওঁ ‘মোক ৰাজপদ নেলাগে। ৰাজপদৰ কাৰণে মই যুদ্ধ কৰা নাই। স্বদেশৰ মৰমতহে হালৰ মুঠি এৰি যুদ্ধত ধৰিছিলোঁ’। এই কথা কৈ ঘৰলৈ উলটি আহি আকৌ হালৰ মুঠিত ধৰিলেহি।
বৰ্ত্তমান সময়ত জ্ঞানীবিলাকে বহুত টকা খৰচ কৰি এই কৃষি বিদ্যা শিক্ষাৰ কাৰণে ডাঙ্গৰ ডাঙ্গৰ পঢ়াশালী পাতি দিছে। বাপা, যি কৃষি বিদ্যাক আৰু পৰিশ্ৰমক জ্ঞানী বিলাকে ইমান ওখ আসন দিছে মূৰ্খৰ কথা শুনি সেই কৃষি আৰু পৰিশ্ৰমক ঘিণ কৰি নিজৰ মূৰ্খতা প্ৰকাশ ও অনিষ্ট নকৰিবা।”