উদ্ভিদ।
আমাৰ চাৰিওফালে যি বিলাক বস্তু দেখিবলৈ পাওঁ সকলো বিলাক তিন ভাগে বিভক্ত;- চেতন, অচেতন আৰু উদ্ভিদ। যিবিলাকৰ জীৱ আছে সেই বিলাক চেতন, যিবিলাকৰ জীৱ নাই সেই বিলাক অচেতন আৰু যিবিলাকৰ জীৱ আছে অথচ ইফাল সিফাল কৰিব নোৱাৰে সেই বিলাকক উদ্ভিদ বোলে। গছ লতাবিলাকেই উদ্ভিদৰ শাৰীত পৰিছে। য’তে থোৱা ত’তে থাকে, এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে দেখি বহুতে ভাবে গছ লতাৰ জীৱ নাই, কিন্তু সেইটো সঁচা নহয়। মানুহৰ দৰে সিহঁতো জীৱ থকা পদাৰ্থ। মানুহৰ যেনেকৈ জনম মৰণ হয়, গছৰো সেই দৰে জনম মৰণ হয়। মানুহৰ যিদৰে লৰাকাল, ডেকাকাল আৰু আবুঢ়াকাল আছে, গছৰো সেইদৰে লৰাকাল, ডেকাকাল, আৰু বুঢ়াকাল আছে। মানুহে যেনেকৈ সৰুৰ পৰা ডাঙ্গৰ হয়, গছও সেইদৰে সৰুৰ পৰাহে ডাঙ্গৰ হব পাৰে। আন আন প্ৰাণীৰ দৰে উদ্ভিদৰো আয়ুষ আছে। শাক, পাচলি ধানগছ আদিৰ আয়ুষ নিচেই চুটি আহঁত বৰ আদি গছৰ আয়ুৰ মানুহৰ আয়ুষতকৈ দুগুণ।