জয়মতী/দ্বিতীয় গৰ্ভাঙ্ক
জয়মতীৰ শোৱাকোঠা।
(জয়মতী আৰু গদাপাণি)
জয়া।—প্ৰাণেশ্বৰ!
পৰিছে মনত আজি, তাহানিৰ কথা—
তাহানি নিলগে দেখাঁ, নিলগতে হঁহা
পূৰ্ব্বৰাগে ওপচাই হিয়া।
গদা।—সঁচা প্ৰাণেশ্বৰি!
পৰিছে মনত মোৰো পোনে দেখা পোৱা
তোমাৰ লাৱণ্য প্ৰভা।
জয়া।—নোৱাৰোঁ ফুটাব
সিদিনাৰ ভাব আজি। কিনো ভাৱে হাঁয়,
নাচিছিল হিয়া মোৰ, কিবা উলাহত!—
উগুল-থুগুল প্ৰাণ কিবা ৰহস্যত!
নুবুজোঁ এতিয়া নিজে কিবা মোহনীত
পৰিলোঁ প্ৰেমত তৱ।
গদা।—ধ্ৰুৱ অনুভৱ তৱ।—
কৰিছিল মোকো তেনে; দুৰ্ব্বলৰ দৰে,
ভাবত কঁপিলো মই তোমাকে ডৰাই!
দেহাভাৰ সহিবৰ নাছিল শকতি।
নাৰী হই নচুৱালাঁ ঠেকত পেলাই;—
ৰণচণ্ডী তুমি!
জয়া।—আৰু নাথ! সিদিনাৰেপৰা চাওঁ মই
ধেমালি যুঁজত—থাকোঁ চাই নেদেখাত;—
হিয়া মোৰ ওপচে আনন্দে, দেখি নিতে
বিক্ৰম তোমাৰ।
গদা।—দেখা দিয়া হলে তুমি,
নেদেখা বিক্ৰম মোৰ; দেখিলাহেঁতেন
দুৰ্ব্বল কঁপনি মাথোঁ, জয়ঘামে ঘমা।
জয়া।—বিয়াত যিদিনা নাথ, দিলে লগ্নগাঁথি,
—নহয় বেকত এবে সিক্ষণৰ ভাব।
গদা।— তেতিয়া আবেগ যেন বিৰিঙ্গি উঠিল,
কপালত বিন্দু বিন্দু প্ৰেমৰস সাৰ।
দেখা যেন লাগে মোৰ, তোমাৰো তেতিয়া,
আবেগৰ চকু-লো আহোঁতে নিজৰি,
ওৰণীৰ আগটিত লাগি।
জয়া।—প্ৰাণেশ্বৰ!
সিদিনা যে পাতিছিলাঁ ৰোহ!
গদা।— প্ৰাণেশ্বৰি! ৰোহ নোহে,—
আবেগেৰে হিয়া মোৰ উপচি আছিল,
ভেটা লাগি প্ৰণয়-সোঁতত।
লেচাই।—আইতা! আইতা!
খোৰা-ৰজা কথা তুমি নকলাঁ দেখোন?
পাহৰিলাঁ কম বোলা?
জয়া।—শুনাম সোণাই, আলি ভীমৰ কাহিনী।
লাই।—দেউতা! দেউতা!
থাকিল নহয় বাকী, হনুমন্ত কথা?—
নপৰিল আধ্যা তাৰ।
গদা।—আছেনে মনত বাৰু, শুনিলাঁ যিখিনি?
জয়া।—হবাঁনে তুমিও পোনা, হনুমন্ত বীৰ?
লাই।—দেউতা-সমান হলে জিনিম ৰজাক।
গদা।—ৰাজদ্ৰোহ মহাপাপ, নকবাঁ সিকথা।
জয়া।—আপোন জীৱন-লক্ষ্য সুমৰিলে নাথ,
'ৰাজদ্ৰোহ মহাপাপ’ নোবোলাঁ জানোচা?
গদা।—ৰাজ্যহিত ৰাজদ্ৰোহ কদাপি নহয়।
পতন-উন্মুখী এই আহোম ৰাজ্যৰ
উদ্ধাৰ সাধন, জীৱন ব্ৰতৰ মোৰ
একমাত্ৰ ধ্ৰুৱতৰা; মন্ত্ৰী-ক্ষমতাই
বাহুৰপে কৰে গ্ৰাস ৰাজশক্তি হাঁয়;
পুনৰ্মুক্ত কৰা মোৰ পালিত বাসনা। (নীৰৱ)
প্ৰিয়া, বাৰু আহোঁচো এতিয়া। (উদ্যত)
জয়া।— প্ৰাণনাথ!
বেলি ভাটী দিলে আহি; ঘূৰিবা ত্বৰিতে। (গদাপাণিৰ প্ৰস্থান)
লেচাই।—আইতা!
কওঁ-বোলা কোৱাঁ তেন্তে এতিয়া।
জয়া।—(লাই-লেচাই দুইকো দুহাতে ধৰি উঠি)
বীৰৰ সন্তানে মোৰ বীৰৰ কাহিনী
অৱশ্যে শুনিব লাগে। আহাঁ পোনাহঁত,
ফুলনিত কওঁগই ফুৰি ফুৰি ফুৰি। (প্ৰস্থান)