জয়মতী/তৃতীয় গৰ্ভাঙ্ক
(ৰজা, মন্ত্ৰীসকল আৰু সভাসদবৰ্গ।)
ন্যায়সোধা ফুকন।—কি বুলি বিহিবাঁ দণ্ড, নিৰ্দোষী জনক?
গদাপাণি অপৰাধী নেদেখোঁ একোতে।
বু: গো:।—ৰাজাজ্ঞা পালন হেতু, দোষৰ বিচাৰ
নালাগে হে হেৰা!
ফুকন।—কিবা কোৱাঁ ডাঙ্গৰীয়া।
শাসন-বিধান এৰি, ৰাজাজ্ঞা কি বোলাঁ?
বৰবৰুৱা।— ৰজাৰ মঙ্গল হেতু, নহয় অবিধি;
নাভাবোঁ অকৰ্ম্ম একো।
বৰপাত্ৰগোহাঞি।—মোৰো সেয়ে মত।
ৰজাৰ মঙ্গলে জানাঁ, ৰাজ্যৰ মঙ্গল।
বু: গো:।—নামাতিবাঁ হেৰা আৰু; তোমাকে মাতিছোঁ।
নুতুলিবাঁ আপত্তি বিশেষ। ভাবি-চিন্তি
দিছোঁ মত, গদাপাণি অঙ্গক্ষত হেতু।
ফুকন।— নধৰিবাঁ মোক।
নোৱাৰিছোঁ দিব মত। নিৰ্দ্দোষী জনৰ
অবাবত অঙ্গক্ষত নহয় যুগুত;—
তাতে গদাপাণি হেন পুৰুষ প্ৰধান,
লভিছে জনম যি ঘোৰ সমস্যাত
ৰাজ্যৰ মঙ্গল হেতু।
ৰজা।— অবাবত?
কিয় কোৱাঁ অযুগুত কথা?
যি কাৰ্য্যে মঙ্গল মোৰ, ৰাজ্যত চৌপাশে
শান্তি স্থাপনা হয় বাহিৰে ভিতৰে;
কি বুলি অবিধি বোলাঁ, ৰাজনীতি মতে,
তেনে শুভ কাৰ্য্য তুমি?
ফুকন।— নুবুজিলোঁ মই,
নকৰিলে অঙ্গক্ষত গদাপাণি বীৰ।
কিবা অমঙ্গল আছে ভিতৰি ৰজাৰ,
কিয় বা অশান্তি বাঢ়ে ৰাজ্যত বাহিৰে।
ৰজা।— নকবাঁ বিস্তৰ।
অঙ্গক্ষত উজু কথা। বধৰ উপায়
আলচাঁ সভাত আজি। মহাশত্ৰু মোৰ
ই ৰাজ্যত গদাপাণি। নবধিলে তাক,
নুগুচে অশান্তি মোৰ।
বু: গো:।— ভাবি চোৱাঁ পুনৰপি,
স্বৰূপ কইছে স্বৰ্গদেৱে। গমি চোৱাঁ
অতীতৰ শোক-লগা কথা! অকালত
হেৰুৱালোঁ, কত জনা যোগ্য স্বৰ্গদেৱ!
ৰাজযোগ্য কোৱঁৰৰ পক্ষাপক্ষ হই,
আমিও হইছোঁ সেই পাপকৰ্ম্মভাগী।
সলোৱাঁ এতেকে, হেৰা, বিপৰীত ভাব
আহাঁ বাটলই।
ফুকন।— নহব ই কাৰ্য মোৰ;
নোৱাৰোঁ ঘুৰিব মই তেনে বাটলই।
অহ, গদাপাণি হেন বৰ অন্ত হেতু,
—বৰগোহাঞি ডাঙ্গৰীয়াৰ অবিহনে,—
ই হেন মন্ত্ৰণা-জাল! সাধাঁ তোমাসৱে
উদ্দেশ্য যি হয়! নোৱাৰোঁ থাকিব চাই
ইহেন ব্যৱস্থা।
(ন্যায়সোধা-গোহাঞি-ফুকনৰ প্ৰস্থান।)
ৰজা।— ই কি আচৰণ!
বুঢ়াগোহাঞি।— ভাল হল, স্বৰ্গদেৱ!
এৰিছে আপদে ভাল। যুগুত মীমাংসা
মিলিব এতিয়া ভালে।
বৰবৰুৱা।— মিলিছে সুযোগ।
আলচোঁ এতিয়া ধৰাঁ গদাৰ মৰণ।
বৰপাত্ৰ।— সঁচাকে' লাগিছে চল এতিয়াহে হয়।
ৰজা।— সেয়ে স্থিৰ।
কৰাঁ ভাল যিবা হব পাৰে।
গদাপাণি নাম যেন নালাগে শুনিব।
শুনোঁ যেন কালি তাৰ মৰণ-বাতৰি।
“শুভস্য শীঘ্ৰম্” মন্ত্ৰি, কৰিবাঁ স্মৰণ;
নানিবাঁ অশুভ মাতি নকৰাঁ পলম।
বু: গো:।— নকৰোঁ পলম।
চিন্তা নাই স্বৰ্গদেৱ।
গুপ্তভাৱে কৰিম যুগুতি যিবা হয়
সভাসদে মিলি। ফলিব সুফল জানাঁ
সাদিনৰ পাচে।
ৰজা।—মানিছোঁ আশ্বাস।
উঠো তেন্তে আজিলই; যোৱাঁ ঘৰাঘৰি।
সাদিনত কাৰ্য্য সিদ্ধি হয় যেন ভালে,
ৰাখিব মনত সৱে।
(প্ৰস্থান)