জয়মতী/চতুৰ্থ গৰ্ভাঙ্ক
জয়া।—কিয় সখি,
আছাঁ মন মাৰি?
পদ্মা।—এৰা সখি,
আছোঁ হে এনেই।
জয়া।—নুগুচে লগৰ এটা;
চিন্তা-লগৰীয়া দেহি, চিন্তাময়ী সখী।
পদ্মা।—দুশ্চিন্তা লগৰী আজি।
অমঙ্গল ফল তাৰ গাতে ফলিয়ায়;—
কবলই সত যোৱা নাই।
জয়া।—অমঙ্গল!
কিবা অমঙ্গল সখি, ভাবিছাঁ মনত?
কোৱা ভাঙ্গি ততালিকে, গুচোৱাঁ মনৰ
উগুল-খুগুল ভাব।
পদ্মা।—স্থিৰ হোৱাঁ সখি।
বিপদ বাতৰি শুনাঁ, ধৈৰ্য্য ধৰি আগে।
শুনিলোঁ বিষম কথা দেউতাৰ মুখে;—
আপদে মেৰায় দেখোঁ তৱ পতিধন!
ৰাজাজ্ঞা হইছে বাজ, লাঙ্গি-কোৱঁৰক
নিবহি আটক কৰি অক্ষত হেতু।
জয়া।— বিষম বাতৰি দিলাঁ।
কোৱঁৰৰ অমঙ্গল, অশুভ আশঙ্কা,
বাজিছে বুকুত যেন বজ্ৰসম শেল!
কিন্তু সখি, বীৰবাহু পতিধন মোৰ;
অকলই নিপাতিব শত শত্ৰুজন।
কোৱাচোঁ তথাপি, অঙ্গক্ষত কৰি স্বামী,
কাৰ কিবা হব উপকাৰ?
পদ্মা।— জানোঁ সখি,
বিক্ৰম গদাৰ। ঘূৰিছিল গুপ্তচৰ;
নোৱাৰিলে কোঁৱৰৰ ছয়াঁকো পৰ্শিব।
কিন্তু, এবে আন বল,—প্ৰকাশ্যে আহিব
ৰাজ-সেনাদল; সহজে কৰিব বন্দী,
বিনাশিব প্ৰাণ নতু।—গদা-বিনাশনে
হেনো ৰজাৰ মঙ্গল।
জয়া।— কি হব উপায় সখি।
কোৱঁৰৰ প্ৰাণে মাথোঁ আছোঁ প্ৰাণ ধৰি,
সেই প্ৰাণ অবিহনে জীও কেনে কৰি?—
নেকাটি আগেয়ে লতা, কাটে কিয় গছ?
নেভাঙ্গি দেহাক আগে বধে প্ৰাণপখী,
কাৰ এনে মতি!
পদ্মা।— নহবাঁ উতলা।
বিপদত ধৈৰ্য্য ধৰা বীৰপত্নী-চিন্।
শুনা মোৰ যুগুত মন্ত্ৰণা;—ছদ্মবেশে
কোঁৱৰক বাজ কৰাঁ ৰাজ্যহন্তে ৰাতি।
থাকোক অজ্ঞাত ভাৱে, ঘূৰি কিছুকাল।
ঘূৰিব পুনৰ ভাগ্য, ঘটনা-চক্ৰত।
‘দিনে ক্ষণ, ক্ষণে কৰে অজৰ অমৰ'
—কালৰ কুটীলা গতি!
জয়া।— সাৰুৱা তোমাৰ যুক্তি; পালিম যতনে।
কিন্তু সখি! সংসাৰত নাই আৰু মায়া।
স্বামীৰ বিহনে মোৰ নৰব জীৱন;
বাঞ্ছা নাই তাত। উছৰ্গা কৰিছোঁ প্ৰাণ,
পতিৰ মঙ্গল হেতু, দিম পূৰ্ণাহুতি।
অনাথ সন্তান দুটি গতালোঁ তোমাক,
মাতৃৱত স্নেহিবাঁ দুটিক।
পদ্মা।— থোৱাঁ সখি!
নোবোৱাবাঁ মো ৰা হাঁয় শোকৰ নিজৰা।
পাহৰিছাঁ হিতাহিত উত্ৰাৱল হই,
কৰিছাঁ উতলা মোকো। জানাঁ সখি, নোহে
ইটো শোকৰ সময়। চিন্তোঁ এবে আহাঁ,
ধীৰ ভাৱে কোঁৱৰৰ উদ্ধাৰ উপায়;—
ঈশ্বৰ সহায় আছে।—মঙ্গল-আৰতি
ধৰোঁ সখাৰ কুশলে।
জয়া।— ধৰাঁ সখি।
সুপ্ৰসন্ন হয় যেন বিধি।—
গীত।
(বেহাগ)
প্ৰভো! দিয়াঁ দৰিশন।
মেলিছোঁ যতনে আমি, হৃদয়-দাপোন॥
অৱলা পৰাণ জুৰি, কৰিছোঁ কাকুতি হৰি,
এফেৰি কৰুণা প্ৰভো! কৰাঁ বিতৰণ॥
অনাথিনী নাৰী আমি, জানি নাথ অন্তৰ্য্যামী,
দিয়া নাথে কৃপা কৰি অভয়চৰণ॥
নৰ-শত্ৰু হাত সাৰি, হব স্বামী বনচাৰী,
ৰাখিবাঁ অপায় নাশি বিপদতাৰণ।