কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ
কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ |
বুৰ্জোৱা আৰু সৰ্বহাৰা→ |
এঙ্গেলছ
কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ
সকলো দেশৰ শ্ৰমিক এক হওক!
কাৰ্ল মাৰ্ক্স
ফ্ৰিডৰিখ এঙ্গেলছ
কমিউনিষ্ট পাৰ্টিৰ
ইস্তাহাৰ
'স্পষ্টতা আৰু অত্যুজ্জ্বল প্ৰতিভাসম্পন্ন এই ৰচনাত প্ৰকাশ পাইছে নতুন বিশ্বদৃষ্টি, সমাজ জীৱনৰ শেষ সীমালৈকে বিস্তৃত সুসঙ্গত বস্তুবাদ, বিকাশৰ সৰ্বাঙ্গীন আৰু সুগভীৰ মতবাদস্বৰূপ দ্বন্দ্ববাদ, শ্ৰেণী-সংগ্ৰাম আৰু নতুন সাম্যবাদী সমাজৰ স্ৰষ্টা সৰ্বহাৰাসকলৰ বিশ্ব ঐতিহাসিক বৈপ্লৱিকভূমিকাৰ তত্ত্ব।'
ভি. আই. লেনিন
- কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ
- বুৰ্জোৱা আৰু সৰ্বহাৰা
- সৰ্বহাৰা আৰু কমিউনিষ্টসকল
- সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্য
- /বৰ্তমান বিভিন্ন চৰকাৰ-বিৰোধী দলসমূহৰ লগত কমিউনিষ্টসকলৰ সম্পৰ্ক
ইউৰোপে ভূত দেখিছে-- কমিউনিজমৰ ভূত। সাম্যবাদৰ এই ভূত খেদিবৰ কাৰণে পোপ আৰু জাৰ মেট্টেৰ্নিখ আৰু গিজো [২৩], ফৰাচী উগ্ৰপন্থী আৰু জাৰ্মানীৰ পুলিচ, চোৰাংচোৱা এই সকলোবিলাক, অৰ্থাত্ পুৰণি ইউৰোপৰ সকলো শক্তি এক পৱিত্ৰ মিত্ৰতা সূত্ৰত আবদ্ধ হৈছে।
ক্ষমতাৰ গাদীত থকা দলে কমিউনিষ্টভাৱাপন্ন বুলি নিন্দা নকৰা কোনোবা বিৰোধী দাল আজি আছে জানো? চৰকাৰ-বিৰোধী দলবিলাকৰ ভিতৰতো তেনে কোনো দল জানো আছে যি নিজৰ দলতকৈ আগ বঢ়া প্ৰতিনিধি বা নিজৰ দলক বিৰোধিতা কৰা প্ৰতিক্ৰিয়াশীল দলকো কমিউনিষ্ট বুলি ওলোটা অভিযোগ অনা নাই?
ইয়াৰপৰা দুটা কথা ওলাই পৰে--
১/ সাম্যবাদ নিজেই এটা সুকীয় শক্তি বুলি ইউৰোপৰ সকলো শক্তিয়ে ইতিমধ্যেই মানি লৈছে।
২/ আজি কমিউনিষ্টসকলে জগতৰ আগত খোলাখুলিভাৱে নিজৰ মতামত, নিজৰ উদ্দেশ্য, নিজৰ আন্দোলনৰ ধাৰা জনাই, সাম্যবাদী ইস্তাহাৰ প্ৰকাশ কৰি ল'ৰা নিচুকোৱা সাম্যবাদৰ ভূত সম্পকীয় সাধু কথাৰ যথাযথ উত্তৰ দিয়াৰ সময় আহি পৰিছে।
এই উদ্দেশ্যে বিভিন্ন জাতিৰ কমিউনিষ্টসকলে লণ্ডন চহৰত লগ লাগি তলত দিয়া ইস্তাহাৰ প্ৰস্তুত কৰিছে; ইংৰাজী, ফৰাচী, জাৰ্মান, ইটালীয়, ফ্লেমিছ আৰু ডেনিছ ভষাত প্ৰকাশৰ সিদ্ধান্ত লৈছে।