কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/ৰক্ষণশীল বা বুৰ্জোৱা সমাজতন্ত্ৰ

ৱিকিউৎসৰ পৰা

বুৰ্জোৱা সমাজৰ অস্তিত্ব যাতে অব্যাহত থাকে তাৰ কাৰণে বুৰ্জোৱা সমাজৰ এটা অংশই সমাজৰ অভাৱ-অভিযােগবিলাক লাঘৱ কৰিবলৈ বিচাৰে৷ অৰ্থনীতিবিদ, জনকল্যাণকামী, মানৱপ্ৰেমী, শ্ৰমিক শ্ৰেণীৰ অৱস্থাৰ উন্নতি কৰোতা, দুঃস্থ-ত্ৰাণ সমিতিৰ সংগঠক, পশু-পক্ষীৰ ওপৰত চলােৱা নিষ্ঠুৰতা ৰোধ কৰা সমিতিৰ সদস্য, মাদকতা নিবাৰণী সমিতিৰ একান্ত প্ৰচাৰক আৰু কল্পনা কৰিব পৰা সকলােধৰণৰ চুক-কাণ সংস্কাৰ সাধকসকলেই এই অংশৰ ভিতৰত পৰে৷ এই ৰূপৰ সমাজতন্ত্ৰক এক সম্পূৰ্ণ মতবাদ হিচাপে চলােৱাৰ চেষ্টাও কৰা হৈছিল৷

প্ৰুধোঁৰ ‘দাৰিদ্ৰ্যৰ দৰ্শন’ নামৰ কিতাপখন এই মতবাদৰ উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি৷

এই বুৰ্জোৱা সমাজতন্ত্ৰীসকলে আধুনিক সমাজব্যৱস্থাৰ সকলােবিলাক-সুবিধা ভােগ কৰিবলৈ বিচাৰে, কিন্তু তাৰ অপৰিহাৰ্য পৰিণতি হিচাপেই অহা সংগ্ৰাম আৰু বিপদৰ সন্মুখীন হ’বলৈ নিবিচাৰে৷ তেওঁলােকে বৈপ্লৱিক আৰু ধ্বংসকাৰী উপাদান নােহােৱাকৈ বৰ্তমান সমাজখনক পাবলৈ বিচাৰে৷ তেওঁলােকে শ্ৰমিক শ্ৰেণী নােহােৱাকৈ পুঁজিপতি শ্ৰেণীৰ কামনা কৰে৷ নিজৰ সম্পূৰ্ণ আধিপত্য থকা জগৎখনৰ শ্ৰেষ্ঠতাৰ কথাকে বুৰ্জোৱা শ্ৰেণীয়ে স্বভাৱতে কল্পনা কৰে; আৰু বুৰ্জোৱা সমাজতন্ত্ৰই এই সুবিধাজনক ধাৰণাটোকে বঢ়িয়াকৈ সজাই-পৰাই কম-বেছি পৰিমাণে সম্পূৰ্ণ নানান ব্যৱস্থাৰ ৰূপ দিয়ে৷ এই সমাজব্যৱস্থাক শ্ৰমিক শ্ৰেণীয়ে মানি চলাৰ প্ৰয়ােজনত আৰু তাৰ যােগেদি পােনে পােনে সামাজিক নতুন জেৰুজালেম পাবলৈ হ’লে শ্ৰমিক শ্ৰেণী বৰ্তমান সমাজৰ চাৰিসীমাৰ ভিতৰতে থাকিব লাগিব আৰু বুৰ্জোৱা শ্ৰেণীৰ সম্পৰ্কে সকলােবিলাক ঘৃণনীয় ধাৰণা মনৰপৰা দূৰ কৰিব লাগিব৷ আচলতে তেওঁলােকে কেৱল ইয়াকেই বিচাৰে৷

বেছি কাৰ্যকৰী অথচ কম প্ৰণালীবদ্ধ এটা দ্বিতীয় ৰূপ এই সমাজতন্ত্ৰৰ আছে৷ কেৱল ৰাজনৈতিক কোনাে সংস্কাৰে নহয়, বৰঞ্চ জীৱনধাৰণৰ বৈষয়িক অৱস্থাৰ পৰিৱৰ্তন আৰু আৰ্থিক সম্পৰ্কৰ পৰিৱৰ্তনেহে মাথােন শ্ৰমিকসকলৰ কাৰণে উপকাৰ সাধিব পাৰে বুলি প্ৰচাৰ কৰি প্ৰত্যেকটো বৈপ্লৱিক আন্দোলনকে শ্ৰমিক শ্ৰেণীৰ সন্মুখত হেয় প্ৰমাণ কৰিবলৈ ই চেষ্টা কৰিছিল৷ জীৱনধাৰণৰ বৈষয়িক অৱস্থাৰ পৰিৱৰ্তনৰ অৰ্থ যে বুৰ্জোৱা উৎপাদন সম্পৰ্কৰ উচ্ছেদ – যিটো সম্ভৱ একমাত্ৰ বিপ্লৱৰ যােগে – সেই কথা এইধৰণৰ সমাজতন্ত্ৰই কিন্তু কোনােপধ্যে বুজি নাপায়৷ এই সমাজতন্ত্ৰই বুজে মাথােন বৰ্তমান চলি থকা উৎপাদনী সম্পৰ্কবিলাকৰ ওপৰতে ভিত্তি কৰি হােৱা প্ৰশাসনিক সংস্কাৰ, গতিকে এনে যিবােৰ সংস্কাৰে পুঁজি আৰু শ্ৰমৰ মাজৰ সম্পৰ্ক কোনাে প্ৰকাৰে ব্যাহত নকৰিব, কিন্তু অন্ততঃ বুৰ্জোৱা চৰকাৰৰ শাসনব্যৱস্থা সহজ কৰি তুলিব আৰু খৰচ কমাই আনিব৷ কেৱল শুনিবলৈ ভাল লগা কথা কোৱাতেই বুৰ্জোৱা সমাজতন্ত্ৰৰ আচল প্ৰকাশ৷

অবাধ বাণিজ্য : সিও শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ কাৰণেই; সংৰক্ষণ শুল্ক : সিও শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ কাৰণেই; জে’লৰ সংস্কাৰ : সিও শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ কাৰণেই৷ বুৰ্জোৱা সমাজতন্ত্ৰৰ এয়ে হ’ল শেষ আৰু একমাত্ৰ গুৰুত্বসহকাৰে কোৱা কথা৷

বুৰ্জোৱা সমাজতন্ত্ৰক চমুকৈ ক’ব পাৰি এনেদৰে : বুৰ্জোৱাসকল শ্ৰমিক শ্ৰেণীৰ মঙ্গলৰ কাৰণেই বুৰ্জোৱা৷