কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/সামন্ত সমাজতন্ত্ৰ

ৱিকিউৎসৰ পৰা

আধুনিক বুৰ্জোৱা সমাজৰ বিৰুদ্ধে পুস্তিকা লিখাটো ফ্ৰান্স আৰু ইংলেণ্ডৰ অভিজাতসকলৰ এটা অভ্যাসত পৰিণত হৈছে আৰু তেওঁলােকৰ ঐতিহাসিক অৱস্থিতিয়েই ইয়াৰ কাৰণ৷ ১৮৩০ চনৰ জুলাই মাহত ফৰাচী দেশত হােৱা বিপ্লৱত আৰু ইংলেণ্ডত হােৱা সংস্কাৰসাধন আন্দোলনত এই অভিজাত সম্প্ৰদায়টোৱে পাবত গজা ঘৃণনীয় বুৰ্জোৱা দলৰ ওচৰত সেও মানিবলগাত পৰিছিল৷ তাৰ পিছৰপৰাই কোনাে গুৰুত্বপৰ্ণ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা চলােৱাৰ কথা একেবাৰে তল পৰি গ’ল৷ সম্ভৱপৰ আছিল মাথােন একমাত্ৰ সাহিত্যৰ সংগ্ৰাম৷ কিন্তু সাহিত্যৰ ক্ষেত্ৰতাে ৰেষ্টোৰেচন* যুগৰ পুৰণি কথাবিলাককে দোহাৰি থকা অসম্ভৱ হৈ পৰিছিল৷

এই অভিজাত সম্প্ৰদায়ে সহানুভূতি পােৱাৰ আশাত তেওঁলােকৰ নিজৰ স্বাৰ্থৰ প্ৰতিও অৱহেলা কৰা যেন দেখুৱাই শােষিত শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থত বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ অভিযােগ আনিবলৈ বাধ্য হয়৷ এনেদৰেই অভিজাত সম্প্ৰদায়ে তেওঁলােকৰ নতুন প্ৰভুৰ বিৰুদ্ধে চোকা চোকা কথাৰে ব্যঙ্গ-বিদ্ৰূপ কৰি, আগন্তুক ধ্বংসৰ ভয়াৱহ ভৱিষ্যৎবাণী নতুন প্ৰভুৰ কাণৰ ওচৰত ফুচফুচাই তেওঁলােকে ল’ব পৰা প্ৰতিশােধ ল’লে৷

সামন্ত সমাজবাদৰ জন্ম এনেদৰেই : ই আধা বিলাপ আৰু আধা তীব্ৰ বিদ্ৰূপ; আধা অতীতৰ প্ৰতিধ্বনি আৰু আধা ভৱিষ্যতৰ বিভীষিকা৷ কোনাে সময়ত ই তিতা লগা কথাৰে, ব্যঙ্গ ভাষাৰে আৰু চোকা সমালােচনাৰে বুৰ্জোৱা শ্ৰেণীৰ অন্তৰত তীব্ৰভাৱে আঘাত কৰিছিল৷ কিন্তু আজিৰ দিনৰ ইতিহাসৰ গতি বুজাৰ অক্ষমতাৰ কাৰণে এইবিলাকৰ ফলাফল আছিল সদায়ে হাঁহি-উঠা৷

জনসাধাৰণৰ সমৰ্থন পােৱাৰ আশাত অভিজাত শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীৰ ভিক্ষাৰ থৈলাকে তেওঁলােকৰ পতাকা হিচাপে ধৰি উৰৱালে৷ কিন্ত তেওঁলােকৰ লগত যোগ দিয়াৰ লগে লগেই তেওঁলােকৰ পিঠিৰ ফালে থকা সামন্ততান্ত্ৰিক সাজ-পােছাক জনসাধাৰণে দেখিবলৈ পালে আৰু তাচ্ছিল্যৰ হাঁহিৰ ৰগৰ তুলি তেওঁলােকক এৰি গুচি গ’ল৷

এনে প্ৰহসনটো দেখুৱাইছিল ফৰাচী লেজিটিমিষ্টসকলৰ একাংশ আৰু ‘নৱীন ইংলেণ্ড’ নামৰ গােষ্ঠীয়ে৷

বুৰ্জোৱা শােষণ ব্যৱস্থাৰ লগত নিজৰ শােষণৰ পাৰ্থক্য দেখুৱাবলৈ গৈ সামন্তপন্থীবিলাকে এই কথাটো পাহৰি গৈছিল যে তেওঁলােকে সম্পূৰ্ণ বেলেগ পৰিবেশ আৰু অৱস্থাৰ ভিতৰত শােষণ চলাইছিল আৰু বৰ্তমান সেই পৰিবেশ আৰু অৱস্থা অচল হৈ পৰিছে৷ তেওঁলোকৰ শাসনৰ তলত আজিৰ দৰে শ্ৰমিক শ্ৰেণীৰ অস্তিত্ব নথকাৰ কথাটো দেখুৱাবলৈ গৈ তেওঁলােকে পাহৰি যায় যে আজিৰ বুৰ্জোৱা শ্ৰেণীটো তেওঁলােকৰ নিজৰ সমাজব্যৱস্থাৰেই এটা অৱশ্যম্ভাৱী সন্তান৷

অন্যান্য বিষয়েও তেওঁলােকৰ সমালােচনাৰ প্ৰতিক্ৰিয়াশীল ৰূপটো তেওঁলােকে ইমান কমকৈ ঢাকি ৰাখিব পাৰিছিল যে বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে তেওঁলােকে অনা প্ৰধান অভিযােগৰ আচল অৰ্থ হয়গৈ বুৰ্জোৱা ৰাজত্বত পুৰণি সমাজব্যৱস্থাৰ পুলিয়ে-পােখাই উভালিবৰ কাৰণেই নিৰ্দিষ্ট বিধানেৰে এটা শ্ৰেণীক গঢ়ি তােলা হৈছে৷ বুৰ্জোৱা শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীৰ সৃষ্টি কৰাৰ কাৰণে এওঁলোকে বৰ বেছি দোষাৰােপ নকৰে, বেছিকৈ কৰে বৰং বিপ্লৱী শ্ৰমিক শ্ৰেণী সৃষ্টি কৰাৰ কাৰণেহে৷

সেইকাৰণে ৰাজনৈতিক কাৰ্যক্ষেত্ৰত শ্ৰমিক শ্ৰেণীৰ বিৰুদ্ধে লােৱা সকলাে দমনমূলক ব্যৱস্থাতে এওঁলােকে যােগ দিয়ে; আৰু সাধাৰণ জীৱনযাত্ৰাত মুখেৰে ডাঙৰ ডাঙৰ কথা কয় যদিও কামৰ বেলিকা তেওঁলােকে যন্ত্ৰশিল্পৰূপী গছজোপাৰপৰা সােণৰ আপেল ফল বুটলিবলৈ চাপৰে; আৰু উল, বীটৰপৰা তৈয়াৰ কৰা চেনি, আলুৰপৰা তৈয়াৰ কৰা মদৰ ব্যৱসায়ৰ** কাৰণে সত্য, প্ৰেম, আৰু সন্মান বিসৰ্জন দিবলৈকো সঙ্কোচবোধ নকৰে৷

ধৰ্ম যাজকসকলে যেনেকৈ জমিদাৰৰ লগত সদায়ে হাতত ধৰাধৰিকৈ চলে, ঠিক তেনেকৈয়ে পাদুৰিৰ সমাজতন্ত্ৰৰ লগত সামন্ত সমাজতন্ত্ৰ লগ লাগিছে৷

খ্ৰীষ্টান সন্ন্যাসবাদৰ গাত অলপ সমাজতন্ত্ৰৰ বােল লগাই দিয়াতকৈ সহজ কথা আৰু একো নাই৷ ব্যক্তিগত সম্পত্তি, বিবাহ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে খীষ্টান ধৰ্মই জানাে নাটকীয়ভাৱে বিষােদগাৰ কৰা নাই? এইবিলাকৰ পৰিৱৰ্তে খীষ্টান ধৰ্মই জানাে দান-দক্ষিণা আৰু দাৰিদ্ৰ্য, চিৰকুমাৰ ব্ৰত আৰু নিজৰ শৰীৰৰ ওপৰত নিৰ্যাতন, সন্ন্যাসী জীৱন আৰু গিৰ্জাৰ কথা প্ৰচাৰ কৰা নাই? এই খ্ৰীষ্টান সমাজতন্ত্ৰ, পুৰােহিতে অভিজাত শ্ৰেণীৰ বুকুৰ পােৰণি মাৰিবৰ কাৰণে দিয়া পৱিত্ৰ শান্তিয়নী পানীৰ বাহিৰে আন একো নহয়৷