কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/বৰ্তমান বিভিন্ন চৰকাৰ-বিৰোধী দলসমূহৰ লগত কমিউনিষ্টসকলৰ সম্পৰ্ক

ৱিকিউৎসৰ পৰা

ইংলেণ্ডৰ চাৰ্টিষ্ট আৰু উত্তৰ আমেৰিকাৰ কৃষি সংস্কাৰক দলৰ দৰে যিবিলাক শ্ৰমিক শ্ৰেণীৰ পাৰ্টি বৰ্তমান অৱস্থাত আছে, সেইবিলাকৰ লগত কমিউনিষ্টসকলৰ সম্পৰ্ক দ্বিতীয় পৰিচ্ছেদত ব্যাখ্যা কৰা হৈছে৷

কমিউনিষ্টসকলে শ্ৰমিকসকলৰ আশু লক্ষ্যসাধনৰ কাৰণে সংগ্ৰাম কৰে যাতে তেওঁলােকৰ খন্তেকীয়া স্বাৰ্থও পূৰণ হয়৷ কিন্তু বৰ্তমানৰ আন্দোলনৰ মাজতাে তেওঁলােকে সেই আন্দোলনৰ ভৱিষ্যতৰ সম্পৰ্কেও যত্ন লয় আৰু তাৰ প্ৰতিনিধিত্ব কৰে৷ ফৰাচী দেশত কমিউনিষ্টসকলে ৰক্ষণশীল আৰু ৰেডিকেল বুৰ্জোৱা দলৰ বিৰুদ্ধে ছ’চিয়েল-ডেমােক্ৰেটিক পাৰ্টিৰ* লগত হাত মিলাইছে৷ অৱশ্যে মহান ফৰাচী বিপ্লৱৰ দিনৰপৰা ঐতিহ্য হিচাপে চলি অহা ৰাজনৈতিক ধ্বনি আৰু ভুল ধাৰণাবিলাকৰ সম্পৰ্কে সমালােচনা কৰাৰ অধিকাৰ কিন্তু এৰি দিয়া নাই৷

ছুইজাৰলেণ্ডত কমিউনিষ্টসকলে ৰেডিকেল দলক সমৰ্থন কৰে৷ কিন্তু পাহৰি নাযায় যে এই দলটো কিছু পৰিমাণে ফৰাচী অৰ্থত ডেমোক্ৰটিক ছ’চিয়েলিষ্টসকলক লৈ আৰু কিছু পৰিমাণে ৰেডিকেল বুৰ্জোৱা শ্ৰেণীক লৈ বহু পৰম্পৰবিৰােধী উপাদানেৰে গঠিত৷

পোলেণ্ডত কমিউনিষ্টসকলে জাতীয় মুক্তিৰ প্ৰথম চৰ্ত হিচাপে কৃষি বিপ্লৱত গুৰুত্ব দিয়া আৰু ১৮৪৬ চনৰ ক্ৰাকোভ বিদ্ৰোহ জগাই তােলা পাৰ্টিটোক সমৰ্থন কৰে৷

জাৰ্মানিত একচ্ছত্ৰী ৰাজতন্ত্ৰৰ বিৰুদ্ধে, গাঁৱৰ সামন্ত বৰমূৰীয়বিলাকৰ বিৰুদ্ধে আৰু পেটি-বুৰ্জোৱাৰ বিৰুদ্ধে বুৰ্জোৱা শ্ৰেণীয়ে যেতিয়াই বৈপ্লৱিক পথ গ্ৰহণ কৰিছে তেতিয়াই কমিউনিষ্টসকলে বুৰ্জোৱা শ্ৰেণীৰ লগতাে সহযােগ কৰিছে৷

সেইবুলি এক মুহূৰ্তৰ কাৰণেও কিন্তু তেওঁলােকে শ্ৰমিক শ্ৰেণী আৰু বুৰ্জোৱা শ্ৰেণীৰ মাজত থকা বৈৰিতাপূৰ্ণ বিৰােধৰ যথাসম্ভৱ সুস্পষ্ট স্বীকৃতিৰ কথা শ্ৰমিক শ্ৰেণীৰ মনত সুমুৱাই দিবলৈ পাহৰি নাযায়৷ তেওঁলােকে তেনে কৰাৰ উদ্দেশ্য হ’ল বুৰ্জোৱা শ্ৰেণী নিজৰ আধিপত্যৰ লগে লগে যি সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ সষ্টি কৰিবলৈ বাধ্য হয়, সেই সকলােখিনিকে যাতে জাৰ্মানিৰ শ্ৰমিকসকলে বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে পােনে পােনে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, আৰু জাৰ্মানিত প্ৰতিক্ৰিয়াশীল শ্ৰেণীবিলাকৰ পতন ঘটাৰ লগে লগেই বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে অবিলম্বে সংগ্ৰাম আৰম্ভ কৰিব পৰা যায়৷

কমিউনিষ্টসকলৰ মনােযােগৰ বৰ্তমান প্ৰধান লক্ষ্য হৈছে জাৰ্মানিৰ দিশে৷ কাৰণ জাৰ্মানিত আজি বুৰ্জোৱা বিপ্লৱৰ উৰুকা, ইউৰােপীয় সভ্যতাৰ আগতকৈ আগবঢ়া অৱস্থাৰ মাজেদি, সােতৰ শতিকাৰ ইংলেণ্ডৰ আৰু ওঠৰ শতিকাৰ ফ্ৰান্সৰ শ্ৰমিক শ্ৰেণীতকৈ আজি বহু আগবঢ়া শ্ৰমিক শ্ৰেণীক লৈ এই বিপ্লৱ হ’বলৈ বাধ্য; আৰু এই কাৰণেই যে জাৰ্মানিৰ এই বুৰ্জোৱা বিপ্লৱেই হ’ব তাৰ অলপ পিছতে আহিবলৈ ধৰা শ্ৰমিক শ্ৰেণীৰ বিপ্লৱৰ আগজাননী৷

মুঠতে কমিউনিষ্টসকলে সকলাে ঠাইতে বৰ্তমানৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ বিৰুদ্ধে হােৱা প্ৰত্যেকটো বৈপ্লৱিক আন্দোলনতেই সমৰ্থন জনায়৷

সম্পত্তিৰ বিকাশৰ পৰ্যায় যি অৱস্থাতেই নাথাকক কিয়, এই সকলাে সংগ্ৰামত কমিউনিষ্টসকলে সম্পত্তিৰ প্ৰশ্নকেই মূল প্ৰশ্ন হিচাপে সন্মুখত তুলি ধৰে৷

সৰ্বশেষত, কমিউনিষ্টসকলে সকলাে দেশৰে গণতান্ত্ৰিক দলসমূহৰ মাজত একতা লাভ আৰু মতৰ মিল যাতে হয় তাৰ কাৰণে সৰ্বত্ৰ কাম কৰে৷

নিজৰ মতামত আৰু উদ্দেশ্য গােপন ৰাখিবলৈ কমিউনিষ্টসকলে ঘূণা কৰে। তেওঁলােকে এই কথা স্পষ্টভাৱেই ঘােষণা কৰে যে বৰ্তমান প্ৰচলিত সামাজিক ব্যৱস্থাবিলাক বলপূৰ্বক উচ্ছেদ কৰাৰ যােগেদিহে তেওঁলােক লক্ষ্যসাধন সম্ভৱ৷ কমিউনিষ্ট বিপ্লৱৰ ভয়ত সকলাে শাসক শ্ৰেণী কঁপি উঠক৷ দাসত্বৰ শিকলিৰ বাহিৰে শ্ৰমিকসকলে নিজৰ হেৰুৱাবলৈ একো নাই৷ জয় কৰিবৰ কাৰণে আছে সম্পূৰ্ণ জগৎ৷

সকলাে দেশৰ শ্ৰমিক এক হওক!


ডিচেম্বৰ, ১৮৪৭ চনৰপৰা জানুৱাৰি, ১৮৪৮ চনলৈ মাৰ্ক্স আৰু এঙ্গেলছৰদ্বাৰা লিখিত

ফেব্ৰুৱাৰি ১৮৪৮ চনত লণ্ডনত প্ৰথম প্ৰকাশিত


টোকা :

  • পাৰ্লামেণ্টত তেতিয়া এই পাৰ্টিৰ প্ৰতিনিধিত্ব কৰে লেড্ৰু-ৰঁলাই, সাহিত্য ক্ষেত্ৰত লুই ব্লাঁই, দৈনিক বাতৰিকাকতত ‘Réforme’ কাকতে৷ ছ’চিয়েলিষ্ট-ডেমােক্ৰেট নামৰ উদ্ভাৱকসকলৰ ওচৰত নামটোৰ অৰ্থ আছিল গণতন্ত্ৰী বা প্ৰজাতন্ত্ৰী দলৰ একাংশ, যাৰ মাজত সমাজতন্ত্ৰৰ কম-বেছি ৰং লাগিছে৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা৷)

এই সময়ত ফ্ৰান্সত যি পাৰ্টিয়ে নিজক ছ’চিয়েলিষ্ট-ডেমােক্ৰেট বুলিছিল, সেইবােৰৰ ৰাজনৈতিক জীৱনত প্ৰতিনিধি আছিল লেড্ৰু-ৰলাঁ আৰু সাহিত্য জগতত লুই ব্লাঁ, সেয়ে আজিৰ দিনৰ জাৰ্মান ছ’চিয়েল-ডেমােক্ৰেচিৰে সৈতে ইয়াৰ বিৰাট পাৰ্থক্য৷ (১৮৯০ চনৰ জাৰ্মান সংস্কৰণত এঙ্গেলছৰ টীকা৷)