কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্য

ৱিকিউৎসৰ পৰা

১৷ প্ৰতিক্ৰিয়াশীল সমাজতন্ত্ৰ

ক৷ সামন্ত সমাজতন্ত্ৰ

আধুনিক বুৰ্জোৱা সমাজৰ বিৰুদ্ধে পুস্তিকা লিখাটো ফ্ৰান্স আৰু ইংলেণ্ডৰ অভিজাতসকলৰ এটা অভ্যাসত পৰিণত হৈছে আৰু তেওঁলােকৰ ঐতিহাসিক অৱস্থিতিয়েই ইয়াৰ কাৰণ৷ ১৮৩০ চনৰ জুলাই মাহত ফৰাচী দেশত হােৱা বিপ্লৱত আৰু ইংলেণ্ডত হােৱা সংস্কাৰসাধন আন্দোলনত এই অভিজাত সম্প্ৰদায়টোৱে পাবত গজা ঘৃণনীয় বুৰ্জোৱা দলৰ ওচৰত সেও মানিবলগাত পৰিছিল৷ তাৰ পিছৰপৰাই কোনাে গুৰুত্বপৰ্ণ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা চলােৱাৰ কথা একেবাৰে তল পৰি গ’ল৷ সম্ভৱপৰ আছিল মাথােন একমাত্ৰ সাহিত্যৰ সংগ্ৰাম৷ কিন্তু সাহিত্যৰ ক্ষেত্ৰতাে ৰেষ্টোৰেচন* যুগৰ পুৰণি কথাবিলাককে দোহাৰি থকা অসম্ভৱ হৈ পৰিছিল৷

এই অভিজাত সম্প্ৰদায়ে সহানুভূতি পােৱাৰ আশাত তেওঁলােকৰ নিজৰ স্বাৰ্থৰ প্ৰতিও অৱহেলা কৰা যেন দেখুৱাই শােষিত শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থত বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ অভিযােগ আনিবলৈ বাধ্য হয়৷ এনেদৰেই অভিজাত সম্প্ৰদায়ে তেওঁলােকৰ নতুন প্ৰভুৰ বিৰুদ্ধে চোকা চোকা কথাৰে ব্যঙ্গ-বিদ্ৰূপ কৰি, আগন্তুক ধ্বংসৰ ভয়াৱহ ভৱিষ্যৎবাণী নতুন প্ৰভুৰ কাণৰ ওচৰত ফুচফুচাই তেওঁলােকে ল’ব পৰা প্ৰতিশােধ ল’লে৷

সামন্ত সমাজবাদৰ জন্ম এনেদৰেই : ই আধা বিলাপ আৰু আধা তীব্ৰ বিদ্ৰূপ; আধা অতীতৰ প্ৰতিধ্বনি আৰু আধা ভৱিষ্যতৰ বিভীষিকা৷ কোনাে সময়ত ই তিতা লগা কথাৰে, ব্যঙ্গ ভাষাৰে আৰু চোকা সমালােচনাৰে বুৰ্জোৱা শ্ৰেণীৰ অন্তৰত তীব্ৰভাৱে আঘাত কৰিছিল৷ কিন্তু আজিৰ দিনৰ ইতিহাসৰ গতি বুজাৰ অক্ষমতাৰ কাৰণে এইবিলাকৰ ফলাফল আছিল সদায়ে হাঁহি-উঠা৷

জনসাধাৰণৰ সমৰ্থন পােৱাৰ আশাত অভিজাত শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীৰ ভিক্ষাৰ থৈলাকে তেওঁলােকৰ পতাকা হিচাপে ধৰি উৰৱালে৷ কিন্ত তেওঁলােকৰ লগত যোগ দিয়াৰ লগে লগেই তেওঁলােকৰ পিঠিৰ ফালে থকা সামন্ততান্ত্ৰিক সাজ-পােছাক জনসাধাৰণে দেখিবলৈ পালে আৰু তাচ্ছিল্যৰ হাঁহিৰ ৰগৰ তুলি তেওঁলােকক এৰি গুচি গ’ল৷

এনে প্ৰহসনটো দেখুৱাইছিল ফৰাচী লেজিটিমিষ্টসকলৰ একাংশ আৰু ‘নৱীন ইংলেণ্ড’ নামৰ গােষ্ঠীয়ে৷

বুৰ্জোৱা শােষণ ব্যৱস্থাৰ লগত নিজৰ শােষণৰ পাৰ্থক্য দেখুৱাবলৈ গৈ সামন্তপন্থীবিলাকে এই কথাটো পাহৰি গৈছিল যে তেওঁলােকে সম্পূৰ্ণ বেলেগ পৰিবেশ আৰু অৱস্থাৰ ভিতৰত শােষণ চলাইছিল আৰু বৰ্তমান সেই পৰিবেশ আৰু অৱস্থা অচল হৈ পৰিছে৷ তেওঁলোকৰ শাসনৰ তলত আজিৰ দৰে শ্ৰমিক শ্ৰেণীৰ অস্তিত্ব নথকাৰ কথাটো দেখুৱাবলৈ গৈ তেওঁলােকে পাহৰি যায় যে আজিৰ বুৰ্জোৱা শ্ৰেণীটো তেওঁলােকৰ নিজৰ সমাজব্যৱস্থাৰেই এটা অৱশ্যম্ভাৱী সন্তান৷

অন্যান্য বিষয়েও তেওঁলােকৰ সমালােচনাৰ প্ৰতিক্ৰিয়াশীল ৰূপটো তেওঁলােকে ইমান কমকৈ ঢাকি ৰাখিব পাৰিছিল যে বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে তেওঁলােকে অনা প্ৰধান অভিযােগৰ আচল অৰ্থ হয়গৈ বুৰ্জোৱা ৰাজত্বত পুৰণি সমাজব্যৱস্থাৰ পুলিয়ে-পােখাই উভালিবৰ কাৰণেই নিৰ্দিষ্ট বিধানেৰে এটা শ্ৰেণীক গঢ়ি তােলা হৈছে৷ বুৰ্জোৱা শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীৰ সৃষ্টি কৰাৰ কাৰণে এওঁলোকে বৰ বেছি দোষাৰােপ নকৰে, বেছিকৈ কৰে বৰং বিপ্লৱী শ্ৰমিক শ্ৰেণী সৃষ্টি কৰাৰ কাৰণেহে৷

সেইকাৰণে ৰাজনৈতিক কাৰ্যক্ষেত্ৰত শ্ৰমিক শ্ৰেণীৰ বিৰুদ্ধে লােৱা সকলাে দমনমূলক ব্যৱস্থাতে এওঁলােকে যােগ দিয়ে; আৰু সাধাৰণ জীৱনযাত্ৰাত মুখেৰে ডাঙৰ ডাঙৰ কথা কয় যদিও কামৰ বেলিকা তেওঁলােকে যন্ত্ৰশিল্পৰূপী গছজোপাৰপৰা সােণৰ আপেল ফল বুটলিবলৈ চাপৰে; আৰু উল, বীটৰপৰা তৈয়াৰ কৰা চেনি, আলুৰপৰা তৈয়াৰ কৰা মদৰ ব্যৱসায়ৰ** কাৰণে সত্য, প্ৰেম, আৰু সন্মান বিসৰ্জন দিবলৈকো সঙ্কোচবোধ নকৰে৷

ধৰ্ম যাজকসকলে যেনেকৈ জমিদাৰৰ লগত সদায়ে হাতত ধৰাধৰিকৈ চলে, ঠিক তেনেকৈয়ে পাদুৰিৰ সমাজতন্ত্ৰৰ লগত সামন্ত সমাজতন্ত্ৰ লগ লাগিছে৷

খ্ৰীষ্টান সন্ন্যাসবাদৰ গাত অলপ সমাজতন্ত্ৰৰ বােল লগাই দিয়াতকৈ সহজ কথা আৰু একো নাই৷ ব্যক্তিগত সম্পত্তি, বিবাহ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে খীষ্টান ধৰ্মই জানাে নাটকীয়ভাৱে বিষােদগাৰ কৰা নাই? এইবিলাকৰ পৰিৱৰ্তে খীষ্টান ধৰ্মই জানাে দান-দক্ষিণা আৰু দাৰিদ্ৰ্য, চিৰকুমাৰ ব্ৰত আৰু নিজৰ শৰীৰৰ ওপৰত নিৰ্যাতন, সন্ন্যাসী জীৱন আৰু গিৰ্জাৰ কথা প্ৰচাৰ কৰা নাই? এই খ্ৰীষ্টান সমাজতন্ত্ৰ, পুৰােহিতে অভিজাত শ্ৰেণীৰ বুকুৰ পােৰণি মাৰিবৰ কাৰণে দিয়া পৱিত্ৰ শান্তিয়নী পানীৰ বাহিৰে আন একো নহয়৷

খ৷ পেটি-বুৰ্জোৱা সমাজতন্ত্ৰ

একমাত্ৰ সামন্ত অভিজাত শ্ৰেণীকেই যে বুৰ্জোৱাসকলে ধ্বংস কৰিছে এনে নহয়, কেৱল এই শ্ৰেণীটোৱেই যে তাৰ অস্তিত্ব-চৰ্ত আধুনিক বুৰ্জোৱা সমাজৰ পৰিবেশত খোঁচ খাই দুৰ্বল আৰু মৃত্যুমুখী হৈছে তেনে নহয়৷ মধ্য যুগৰ নাগৰিক দল আৰু মাটিৰ সৰু সৰু কৃষক মালিকসকলেই আছিল বৰ্তমান বুৰ্জোৱা শ্ৰেণীৰ আগৰণুৱা৷ শিল্প আৰু বাণিজ্যৰ উন্নতি এতিয়াও যিবিলাক দেশত হােৱা নাই সেইবিলাক দেশত বাঢ়ি অহা বুৰ্জোৱা শ্ৰেণীৰ লগে লগেই এই দুই শ্ৰেণী এতিয়াও নিষ্ক্ৰিয় হৈ বাস কৰিছে৷

আধুনিক সভ্যতাৰ পৰিপূৰ্ণ বিকাশ হােৱা দেশসমূহত পেটি-বুৰ্জোৱাৰ এটা নতুন শ্ৰেণী সৃষ্টি হৈছে৷ বুৰ্জোৱা আৰু শ্ৰমিক শ্ৰেণী – এই দুয়ােৰে মাজতে এই পেটি-বুৰ্জোৱা শ্ৰেণীটোৱে এবাৰ ইফালে এবাৰ সিফালে লুটি-বাগৰ দি থাকে আৰু বুৰ্জোৱা সমাজৰ আনুষঙ্গিক অংশ হিচাপেই নিজকে সদায়ে সজীৱ কৰি ৰাখে৷ এই শ্ৰেণীৰ বহুতেই অৱশ্যে প্ৰতিযােগিতাত টিকিব নােৱাৰি ব্যক্তিগতভাৱে শ্ৰমিক শ্ৰেণীলৈ ক্ৰমান্বয়ে বাগৰি পৰিবলগা হৈছে, আৰু যিমানেই আধুনিক শিল্প উন্নতি হ’বলৈ ধৰিছে সিমানেই এই শ্ৰেণীটোৱে আনকি দেখিবলৈ পাইছে যে আধুনিক সমাজৰ এটা স্বাধীন অংশ হিচাপে তেওঁলােকৰ অস্তিত্ব একেবাৰে চিন নােহােৱা হৈ যােৱাৰ দিন চমু চাপি আহিছে আৰু কাৰখানা, কৃষি আৰু বাণিজ্যত তেওঁলােকৰ ঠাই দখল কৰিব কাম চোৱা বিষয়া, গােমােস্তা আৰু ভেৰোণীয়া চাকৰিয়ালে৷

কৃষকৰ জনসংখ্যা অধাতকৈ বেছি থকা ফ্ৰান্সৰ দৰে দেশত এইটো অতি স্বাভাৱিক কথা যে বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীৰ লগতে থিয় দিয়া লিখকসকলে বুৰ্জোৱা আমােলৰ সমালােচনা কৰোতে কৃষক আৰু মধ্যৱৰ্তী শ্ৰেণীৰ জোখ-কাঠিকেই ব্যৱহাৰ কৰিছিল আৰু এই পেটি-বুৰ্জোৱা শ্ৰেণীসমূহৰ দৃষ্টিভঙ্গীৰপৰাই শ্ৰমিক শ্ৰেণীৰ পক্ষে টাঙোন লৈ থিয় দিছিল৷ এনেদৰেই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰৰ উদয় হ’ল৷ কেৱল ফৰাচী দেশতে নহয়, ইংলেণ্ডতো; এনেদৰে চিন্তা কৰোতাসকলৰ নেতা আছিল চিচমণ্ডি।

আধুনিক উৎপাদন অৱস্থাৰ ভিতৰত থকা বিৰোধবিলাক এনেধৰণৰ সমাজতন্ত্ৰই বঢ়িয়াকৈ ফঁহিয়াই দেখুৱাইছে৷ ই অৰ্থনীতিৰ পণ্ডিতসকলৰ কপটীয়া যুক্তিবােৰৰ মুখা খুলি দিছিল৷ ই অবিসম্বাদীৰূপে কল-কাৰখানা স্থাপন আৰু শ্ৰম বিভাজনৰ, পুঁজি আৰু ভূসম্পত্তি এমুঠি লােকৰ হাতলৈ আহি পৰাৰ, অতি উৎপাদন আৰু সংকটৰ সৰ্বনশীয়া ফলাফলৰ কথা প্ৰমাণ কৰিছিল৷ এই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰই ক্ষুদ্ৰ-বুৰ্জোৱা আৰু কৃষক সম্প্ৰদায়ৰ অনিবাৰ্য ধ্বংসৰ কথা, শ্ৰমিক শ্ৰেণীৰ অবৰ্ণনীয় দুখ-দুৰ্দশাৰ কথা, উৎপাদন ব্যৱস্থাৰ বিশৃংখলাৰ কথা, সম্পদ বিতৰণত চলা তীব্ৰ অসমান ব্যৱস্থাৰ কথা, জাতিসমূহৰ মাজত সৰ্বধ্বংসী শিল্প যুদ্ধৰ কথা, পুৰণি নৈতিক বান্ধোন, পুৰণি পাৰিবাৰিক সম্পৰ্ক আৰু পুৰণি জাতিসমূহৰ ভাঙোনৰ কথা – এই সকলােবােৰলৈ আঙুলিয়াই দিছিল৷

কিন্তু ইতিবাচক উদ্দেশ্যৰ ক্ষেত্ৰত এইধৰণৰ সমাজতন্ত্ৰই হয় উৎপাদন আৰু বিনিময়ৰ পুৰণি উপায়ৰে পুনৰ প্ৰৱৰ্তন কৰি তাৰ যােগেই সম্পত্তিৰ পুৰণি সম্পৰ্ক আৰু পুৰণি সমাজখনৰ পুনৰ প্ৰৱৰ্তন কৰিব খােজে; নহয়, ইতিমধ্যেই আধুনিক উৎপাদন ব্যৱস্থাৰ হেঁচাত ফাটি চিৰাচিৰ হৈ উফৰি পৰা আৰু পৰিবলৈ বাধ্য হােৱা সম্পত্তিৰ সেই পুৰণি সম্পৰ্কবিলাকৰ গাঁথনিৰ মাজত উৎপাদন আৰু বিনিময়ৰ আধুনিক উপায়বােৰক হেঁচি-ঠেলি সুমুৱাই ৰাখিব খােজে৷ যিয়েই নহওক, উভয় ক্ষেত্ৰতে এই সমাজতন্ত্ৰ প্ৰতিক্ৰিয়াশীল আৰু ইউটোপীয়৷

এই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰৰ শেষ কথা হ’ল – কাৰখানা শিল্পৰ কাৰণে সংঘবদ্ধ গিল্ড স্থাপন আৰু কৃষিত পিতৃপ্ৰধান সম্পৰ্কৰ প্ৰচলন কৰা৷

অৱশেষত ইতিহাসৰ নিষ্ঠুৰ সত্যই যেতিয়া আত্মপ্ৰৱঞ্চনাৰ ৰাগিবােৰ আঁতৰাই দিলে, তেতিয়া অতি শােচনীয় হতাশাত ডুব গৈ এই সমাজতন্ত্ৰৰ ৰূপটোৰ অৱসান ঘটিল৷

গ৷ জাৰ্মান বা ‘নিভাঁজ’ সমাজতন্ত্ৰ

ক্ষমতাৰ গাদীত থকা বুৰ্জোৱা শ্ৰেণীৰ হেঁচাত জন্ম পােৱা আৰু ক্ষমতাৰ বিৰুদ্ধে সংগ্ৰাম হিচাপেই আত্মপ্ৰকাশ কৰা ফৰাচী দেশৰ সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্য জাৰ্মানিতো চলিবলৈ ধৰে৷ সেই সময়ত জাৰ্মানিত স্বেচ্ছাচাৰী সামন্ততন্ত্ৰৰ বিৰুদ্ধে বুৰ্জোৱা শ্ৰেণীৰ সংগ্ৰামৰ আৰম্ভহে মাথােন হৈছিল৷

জাৰ্মানিৰ দাৰ্শনিকসকলে, দাৰ্শনিক হ’বলৈ বিচৰাসকলে আৰু চিন্তা কৰোতাসকলে এই সাহিত্য আগ্ৰহেৰে সৈতে আদৰি ল’লে৷ তেওঁলােকে মাথােঁ এই কথাটো পাহৰি গৈছিল যে ফ্ৰান্সৰপৰা এই সাহিত্য জাৰ্মানিলৈ অহাৰ লগে লগে ফৰাচী সামাজিক অৱস্থাটোও উঠি অহা নাছিল৷ জাৰ্মানিৰ সামাজিক অৱস্থাৰ সংস্পৰ্শলৈ আহি এই ফৰাচী সাহিত্যই তাৰ অবিলম্বে কামত লগাবলগীয়া বিষয়ৰ বাস্তৱ তাৎপৰ্য হেৰুৱাই পেলায় আৰু কেৱল মাত্ৰ সাহিত্য বিলাসত পৰিণত হয়৷ সেই কাৰণেই ওঠৰ শতিকাৰ জাৰ্মান দাৰ্শনিকসকলৰ কাৰণে প্ৰথম ফৰাচী বিপ্লৱৰ দাবীসমূহ সাধাৰণভাৱে ‘ব্যৱহাৰিক প্ৰজ্ঞা’ৰ দাবীৰ বাহিৰে আন একো নাছিল, আৰু তেওঁলােকৰ দৃষ্টিত ফ্ৰান্সৰ বিপ্লৱী বুৰ্জোৱা শ্ৰেণীৰ ইচ্ছাশক্তিৰ ঘােষণাসমূহৰ তাৎপৰ্য আছিল পৱিত্ৰ সংকল্পৰ নীতিবিধান, অপৰিহাৰ্য অভিপ্ৰায় আৰু প্ৰকৃত মানৱীয় অভিপ্ৰায়ৰ বিধান৷

নিজৰ পুৰণিকলীয়া দাৰ্শনিক বিৱেকৰ লগত নতুন ফৰাচী ভাবধাৰণাক খাপ খুৱাই লােৱাৰ চেষ্টাই আছিল সেই সময়ৰ জাৰ্মান সাহিত্যসেৱীসকলৰ একমাত্ৰ কাম, অৰ্থাৎ তেওঁলােকে নিজৰ দাৰ্শনিক দৃষ্টিভঙ্গী পৰিত্যাগ নকৰাকৈ ফৰাচী আদৰ্শক সামৰি লােৱাৰ চেষ্টা কৰিছিল৷ এটা বিদেশী ভাষাক যেনেদৰে নিজৰ হিচাপে ব্যৱহাৰ কৰা যায়, অৰ্থাৎ অনুবাদৰদ্বাৰা ফৰাচী ভাবধাৰণাক জাৰ্মানিত সামৰি লােৱাৰ কথাটোও আছিল ঠিক তেনেকুৱাই৷

প্ৰাচীন অ-খ্ৰীষ্টান জগতৰ ধৰ্মগ্ৰন্থসমূহ ৰচিত হােৱা সেই হাতেলিখা পুথিবিলাকৰ ওপৰত ভিত্তি কৰিয়েই খ্ৰীষ্টান পাদুৰিবিলাকে কেনেদৰে কেথলিক সাধুৰ তৰল জীৱনী ৰচনা কৰিছিল সেইটো ভালদৰে জনা কথা৷ ধৰ্মবিবৰ্জিত ফৰাচী সাহিত্য সম্পৰ্কে জাৰ্মান সাহিত্যসেৱীসকলে এই পদ্ধতিকে বিপৰীত ফালৰপৰা গ্ৰহণ কৰিলে৷ মূল ফৰাচী ভাবধাৰণাৰ তলত তেওঁলােকে নিজৰ অৰ্থহীন দাৰ্শনিক কথা লিখিলে। উদাহৰণস্বৰূপে, ধন-মুদ্ৰাৰ আৰ্থিক প্ৰয়ােগৰ সম্পৰ্কে ফৰাচী সমালোচনাৰ তলত তেওঁলােকে লিখিলে ‘মানৱতাৰ বিচ্ছেদ’; বুৰ্জোৱা ৰাষ্ট্ৰৰ সম্পৰ্কে ফৰাচী সমালোচনাৰ তলত তেওঁলোকে লিখিলে ‘সাধাৰণ ধৰণাৰ সিংহাসন-বিচ্যুতি’ ইত্যাদি৷

ফৰাচী ঐতিহাসিক সমালোচনাৰ পিঠিৰ ফালে এনেধৰণৰ কিছু দাৰ্শনিক খণ্ডবাক্য সাঙুৰি দি তেওঁলােকে ইয়াৰ নাম দিছিল ‘কৰ্মৰ দৰ্শন’, ‘নিভাঁজ সমাজতন্ত্ৰ’, ‘সমাজতন্ত্ৰৰ জাৰ্মান বিজ্ঞান’, ‘সমাজতন্ত্ৰৰ দাৰ্শনিক ভিত্তি’ আৰু এনে বহুতো৷

ফৰাচী সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্যক এনেদৰেই সম্পূৰ্ণভাৱে পংগু কৰি তােলা হ’ল৷ জাৰ্মান পণ্ডিতৰ হাতত পৰি যেতিয়া এই সাহিত্যই এক শ্ৰেণীৰ বিৰুদ্ধে আন এক শ্ৰেণীৰ সংগ্ৰামৰ কথা প্ৰকাশ কৰিব নােৱৰা হৈ পৰিল, তেতিয়া তেওঁলােকে এই ভাবি গৰ্ববােধ কৰিছিল যে তেওঁলােকে ‘ফৰাচী একদেশদৰ্শিতা’ক পৰাস্ত কৰিছিল, বাস্তৱ জীৱনত যি লাগে তাৰ পৰিৱৰ্তে সত্যৰ কাৰণে কি প্ৰয়ােজন তাৰ তেওঁলােকে প্ৰতিনিধিত্ব কৰিছিল, শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থ নহয়, বৰং মানৱ প্ৰকৃতিৰ স্বাৰ্থ তেওঁলােকে ৰক্ষা কৰিছিল; কিন্তু এই নিৰ্বিশেষ মানৱৰ কোনাে শ্ৰেণী নাই, বাস্তৱ অস্তিত্ব নাই আৰু দাৰ্শনিক কল্পনাৰাজ্যৰ অস্পষ্ট কুঁৱলিৰ মাজতেই মাথােন যাৰ অস্তিত্ব তাৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰিছিল৷

এই জাৰ্মান সমাজতন্ত্ৰই স্কুলীয়া ছাত্ৰৰ দৰেই অতি গম্ভীৰ আৰু পৱিত্ৰ সংকল্পেৰে কাম আৰম্ভ কৰি আৰু নিজৰ নগণ্য বিদ্যাকে ঢাক-ঢােল কোবাই এনেদৰে জাহিৰ কৰিছিল যে ইতিমধ্যে তেওঁলােকৰ সেই সৰল মদগৰ্বী পণ্ডিতালিও লাহে লাহে নােহােৱা হৈ যাবলৈ ধৰিলে৷

সামন্ত আভিজাত্য আৰু একচ্ছত্ৰী ৰাজতন্ত্ৰৰ বিৰুদ্ধে জাৰ্মান, বিশেষকৈ প্ৰাছিয়ান বুৰ্জোৱা শ্ৰেণীৰ সংগ্ৰাম অৰ্থাৎ উদাৰনৈতিক আন্দোলন ক্ৰমে বেছি তীব্ৰ হৈ উঠিল৷

এই অৱস্থাই ‘নিভাঁজ’ সমাজতন্ত্ৰক ৰাজনৈতিক আন্দোলনৰ সন্মুখত সমাজতান্ত্ৰিক দাবীবােৰ উত্থাপন কৰিবলৈ বহু দিন আশা পালি থকা সুযোগ আনি দিলে; উদাৰনীতি, প্ৰতিনিধিত্বমূলক শাসনব্যৱস্থা, বুৰ্জোৱা প্ৰতিযোগিতা, বুৰ্জোৱা সংবাদপত্ৰৰ স্বাধীনতা, বুৰ্জোৱা আইন-কানুন, বুৰ্জোৱা স্বাধীনতা আৰু সাম্যভাবৰ বিৰুদ্ধে চিৰাচৰিত অভিশাপ নিক্ষেপ কৰাৰ সুযােগ আনি দিলে; এই বুৰ্জোৱা আন্দোলনৰপৰা যে সাধাৰণ মানুহৰ একো লাভ হােৱাৰ সম্ভাৱনা নাই, বৰং সকলাে হেৰুৱাৰহে সম্ভাৱনা আছে সেই কথা প্ৰচাৰ কৰাৰ সুযােগ আহি পৰিল৷ কিন্তু ঠিক এই সময়তেই জাৰ্মান সমাজতন্ত্ৰই এই কথাটো পাহৰি গ’ল যে এই কাম ফৰাচী সমালােচনাৰ নিৰ্বোধ প্ৰতিধ্বনি মাথােন, কাৰণ ফৰাচী দেশত এই সমালােচনা যেতিয়া হৈছিল তাৰ বহু আগতেই সেই দেশত আনুষঙ্গিক অৰ্থনৈতিক অৱস্থিতিৰ ব্যৱস্থা আৰু তাৰ উপযােগী ৰাষ্ট্ৰীয় গঠনতন্ত্ৰসহ আধুনিক বুৰ্জোৱা সমাজে থিতাপি লৈছিল, আনহাতে জাৰ্মানিত আসন্ন সংগ্ৰামৰ উদ্দেশ্য আছিল ঠিক এইবিলাকৰে নতুন প্ৰতিষ্ঠা৷

পুৰােহিত, অধ্যাপক, গাঁৱৰ বৰমূৰীয়া, চৰকাৰী কৰ্মচাৰী আদি অনুচৰবিলাকেৰে সৈতে জাৰ্মান একচ্ছত্ৰী চৰকাৰবিলাকে অৱশ্যে এই সমাজতন্ত্ৰক যেন আদৰি লৈছিল; কাৰণ সিবােৰৰ পক্ষে আতঙ্কস্বৰূপ হৈ বাঢ়ি অহা বুৰ্জোৱা শ্ৰেণীক ভয় খুৱাবৰ কাৰণে যুঁজৰ সাজ পিন্ধাই থিয় কৰি থােৱা খেৰৰ জুমুঠিৰ দৰে এই সমাজতন্ত্ৰক তেওঁলােকে ব্যৱহাৰ কৰিব পাৰিছিল৷

ঠিক একে সময়তে এই একেই চৰকাৰবােৰে জাৰ্মানিৰ শ্ৰমিক শ্ৰেণীৰ আন্দোলনক লাঠি-গুলীৰ তিতা ঔষধ খুউৱাৰ পিছত এই সমাজতন্ত্ৰই অলপ মৌ চেলেকিবলৈ দিয়াৰ কাম কৰিছিল৷

এই ‘নিভাঁজ’ সমাজতন্ত্ৰই এহাতে এনেদৰে জাৰ্মান বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে যুঁজ কৰা অস্ত্ৰ হিচাপে চৰকাৰবােৰৰ স্বাৰ্থ পূৰণ কৰিছিল, আনহাতে ই দেখাদেখিভাৱে প্ৰতিক্ৰিয়াশীল স্বাৰ্থ, জাৰ্মান কূপমণ্ডূকবিলাকৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰিছিল৷

জাৰ্মানিৰ পেটি-বুৰ্জোৱা শ্ৰেণীটো হ’ল ষােল শতিকাৰ ৰৈ যােৱা অৱশিষ্ট৷ তেতিয়াৰেপৰাই অনবৰত বহু ৰূপত এই শ্ৰেণীয়ে আত্মপ্ৰকাশ কৰি আহিছে৷ বৰ্তমান অৱস্থাটোৰ আচল সামাজিক ভিত্তি হ’ল এই শ্ৰেণীটোৱেই৷

এই শ্ৰেণীটোক ৰক্ষা কৰাৰ অৰ্থ হ’ল জাৰ্মানিৰ বৰ্তমান অৱস্থাটোকেই টিকি থাকিবলৈ দিয়া৷ ৰাজনীতি আৰু শ্ৰমশিল্পৰ ক্ষেত্ৰত বুৰ্জোৱা শ্ৰেণী আধিপত্যই এই শ্ৰেণীক অনিবাৰ্য ধ্বংসৰ ভয়ত অস্থিৰ কৰি তুলিছে৷ ইয়াৰ কাৰণ এহাতে পুঁজিৰ কেন্দ্ৰীকৰণ, আনহাতে বিপ্লৱী শ্ৰমিক শ্ৰেণীৰ অগ্ৰগতি৷ এই ‘নিভাঁজ’ সমাজতন্ত্ৰই একেটা ফৰ্মুটিৰেই যেন দুটা চৰাই মাৰিব তেনেভাৱে সাজু হ’ল৷ মহামাৰী বিয়পি পৰাৰ দৰে ‘নিভাঁজ’ সমাজতন্ত্ৰ বিয়পি পৰিল৷

জাৰ্মান সমাজতন্ত্ৰীসকলে তেওঁলােকৰ হাড়-ছাল মাত্ৰ সম্বল থকা ‘চিৰন্তন সত্য’ক দুৰ্বল আৱেগৰ নিয়ৰৰ ঢৌপালেৰে তিয়াই, শুনিবলৈ ভাল লগা ফুলজাৰি তােলা কথাৰে কল্পনাৰ মকৰা জালৰ পােছাক পিন্ধাইছিল আৰু সেই স্বৰ্গীয় পােছাকৰ কাৰণেই সেই সময়ৰ লোকসমাজত তেওঁলোকৰ বস্তুৰ বিক্ৰী অসম্ভৱধৰণে বাঢ়ি গৈছিল৷

জাৰ্মান সমাজতন্ত্ৰই নিজৰ ফালৰপৰাই লাহে লাহে বুজি উঠিল যে তাৰ আচল কাম হৈছে কূপমণ্ডূক পেটি-বুৰ্জোৱাৰ ডাংকোপ মৰা কথাৰ প্ৰতিনিধিত্ব কৰা৷

জাৰ্মান সমাজতন্ত্ৰই ঘােষণা কৰিলে জাৰ্মান জাতিয়েই হৈছে আদৰ্শ জাতি আৰু কূপমণ্ডূক পেটি-বুৰ্জোৱা হৈছে প্ৰকৃত মানুহ৷ এই আদৰ্শ মানুহৰ প্ৰত্যেকটো জঘন্য, হীন কামকে জাৰ্মান সমাজতন্ত্ৰই তাৰ স্বভাৱৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ এক গােপন, মহান, সমাজতান্ত্ৰিক ব্যাখ্যা দিবলৈ ধৰিলে৷ আনকি কমিউনিষ্ট মতবাদৰ ‘পাশৱিক ধংসকাৰী’ প্ৰৱণতাৰ প্ৰত্যক্ষ বিৰােধিতা আৰু সকলাে শ্ৰেণী-সংগ্ৰামৰ প্ৰতিয়ে অতি তীব্ৰ আৰু নিৰপেক্ষ ঘৃণাৰ মনােভাব ঘােষণা কৰাৰ চৰম পৰ্যায়পৰ্যন্ত ইয়াক লৈ গৈছিল৷ অতি কমসংখ্যক কিতাপৰ বাহিৰে আজি জাৰ্মানিত চলি থকা সকলােবিলাক তথাকথিত সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্যই এনেধৰণৰে দূষিত আৰু ক্ষতিকাৰক সাহিত্যৰ পৰ্যায়ত পৰে৷***

২। ৰক্ষণশীল বা বুৰ্জোৱা সমাজতন্ত্ৰ

বুৰ্জোৱা সমাজৰ অস্তিত্ব যাতে অব্যাহত থাকে তাৰ কাৰণে বুৰ্জোৱা সমাজৰ এটা অংশই সমাজৰ অভাৱ-অভিযােগবিলাক লাঘৱ কৰিবলৈ বিচাৰে৷ অৰ্থনীতিবিদ, জনকল্যাণকামী, মানৱপ্ৰেমী, শ্ৰমিক শ্ৰেণীৰ অৱস্থাৰ উন্নতি কৰোতা, দুঃস্থ-ত্ৰাণ সমিতিৰ সংগঠক, পশু-পক্ষীৰ ওপৰত চলােৱা নিষ্ঠুৰতা ৰোধ কৰা সমিতিৰ সদস্য, মাদকতা নিবাৰণী সমিতিৰ একান্ত প্ৰচাৰক আৰু কল্পনা কৰিব পৰা সকলােধৰণৰ চুক-কাণ সংস্কাৰ সাধকসকলেই এই অংশৰ ভিতৰত পৰে৷ এই ৰূপৰ সমাজতন্ত্ৰক এক সম্পূৰ্ণ মতবাদ হিচাপে চলােৱাৰ চেষ্টাও কৰা হৈছিল৷

প্ৰুধোঁৰ ‘দাৰিদ্ৰ্যৰ দৰ্শন’ নামৰ কিতাপখন এই মতবাদৰ উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি৷

এই বুৰ্জোৱা সমাজতন্ত্ৰীসকলে আধুনিক সমাজব্যৱস্থাৰ সকলােবিলাক-সুবিধা ভােগ কৰিবলৈ বিচাৰে, কিন্তু তাৰ অপৰিহাৰ্য পৰিণতি হিচাপেই অহা সংগ্ৰাম আৰু বিপদৰ সন্মুখীন হ’বলৈ নিবিচাৰে৷ তেওঁলােকে বৈপ্লৱিক আৰু ধ্বংসকাৰী উপাদান নােহােৱাকৈ বৰ্তমান সমাজখনক পাবলৈ বিচাৰে৷ তেওঁলােকে শ্ৰমিক শ্ৰেণী নােহােৱাকৈ পুঁজিপতি শ্ৰেণীৰ কামনা কৰে৷ নিজৰ সম্পূৰ্ণ আধিপত্য থকা জগৎখনৰ শ্ৰেষ্ঠতাৰ কথাকে বুৰ্জোৱা শ্ৰেণীয়ে স্বভাৱতে কল্পনা কৰে; আৰু বুৰ্জোৱা সমাজতন্ত্ৰই এই সুবিধাজনক ধাৰণাটোকে বঢ়িয়াকৈ সজাই-পৰাই কম-বেছি পৰিমাণে সম্পূৰ্ণ নানান ব্যৱস্থাৰ ৰূপ দিয়ে৷ এই সমাজব্যৱস্থাক শ্ৰমিক শ্ৰেণীয়ে মানি চলাৰ প্ৰয়ােজনত আৰু তাৰ যােগেদি পােনে পােনে সামাজিক নতুন জেৰুজালেম পাবলৈ হ’লে শ্ৰমিক শ্ৰেণী বৰ্তমান সমাজৰ চাৰিসীমাৰ ভিতৰতে থাকিব লাগিব আৰু বুৰ্জোৱা শ্ৰেণীৰ সম্পৰ্কে সকলােবিলাক ঘৃণনীয় ধাৰণা মনৰপৰা দূৰ কৰিব লাগিব৷ আচলতে তেওঁলােকে কেৱল ইয়াকেই বিচাৰে৷

বেছি কাৰ্যকৰী অথচ কম প্ৰণালীবদ্ধ এটা দ্বিতীয় ৰূপ এই সমাজতন্ত্ৰৰ আছে৷ কেৱল ৰাজনৈতিক কোনাে সংস্কাৰে নহয়, বৰঞ্চ জীৱনধাৰণৰ বৈষয়িক অৱস্থাৰ পৰিৱৰ্তন আৰু আৰ্থিক সম্পৰ্কৰ পৰিৱৰ্তনেহে মাথােন শ্ৰমিকসকলৰ কাৰণে উপকাৰ সাধিব পাৰে বুলি প্ৰচাৰ কৰি প্ৰত্যেকটো বৈপ্লৱিক আন্দোলনকে শ্ৰমিক শ্ৰেণীৰ সন্মুখত হেয় প্ৰমাণ কৰিবলৈ ই চেষ্টা কৰিছিল৷ জীৱনধাৰণৰ বৈষয়িক অৱস্থাৰ পৰিৱৰ্তনৰ অৰ্থ যে বুৰ্জোৱা উৎপাদন সম্পৰ্কৰ উচ্ছেদ – যিটো সম্ভৱ একমাত্ৰ বিপ্লৱৰ যােগে – সেই কথা এইধৰণৰ সমাজতন্ত্ৰই কিন্তু কোনােপধ্যে বুজি নাপায়৷ এই সমাজতন্ত্ৰই বুজে মাথােন বৰ্তমান চলি থকা উৎপাদনী সম্পৰ্কবিলাকৰ ওপৰতে ভিত্তি কৰি হােৱা প্ৰশাসনিক সংস্কাৰ, গতিকে এনে যিবােৰ সংস্কাৰে পুঁজি আৰু শ্ৰমৰ মাজৰ সম্পৰ্ক কোনাে প্ৰকাৰে ব্যাহত নকৰিব, কিন্তু অন্ততঃ বুৰ্জোৱা চৰকাৰৰ শাসনব্যৱস্থা সহজ কৰি তুলিব আৰু খৰচ কমাই আনিব৷ কেৱল শুনিবলৈ ভাল লগা কথা কোৱাতেই বুৰ্জোৱা সমাজতন্ত্ৰৰ আচল প্ৰকাশ৷

অবাধ বাণিজ্য : সিও শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ কাৰণেই; সংৰক্ষণ শুল্ক : সিও শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ কাৰণেই; জে’লৰ সংস্কাৰ : সিও শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ কাৰণেই৷ বুৰ্জোৱা সমাজতন্ত্ৰৰ এয়ে হ’ল শেষ আৰু একমাত্ৰ গুৰুত্বসহকাৰে কোৱা কথা৷

বুৰ্জোৱা সমাজতন্ত্ৰক চমুকৈ ক’ব পাৰি এনেদৰে : বুৰ্জোৱাসকল শ্ৰমিক শ্ৰেণীৰ মঙ্গলৰ কাৰণেই বুৰ্জোৱা৷

৩। সমালােচনামূলক-কাল্পনিক সমাজতন্ত্ৰ আৰু সাম্যবাদ

বৰ্তমান কালৰ প্ৰতিটো ডাঙৰ বিপ্লৱত যি সাহিত্যই শ্ৰমিক শ্ৰেণীৰ দাবীক সদায়ে ভাষা দিছে, উদাহৰণস্বৰূপে বাবিওফ আৰু অন্যান্যসকলৰ ৰচনা, আমি ইয়াত তাৰ উল্লেখ কৰিব খােজা নাই৷

সামন্তবাদী সমাজৰ উচ্ছেদ সাধনৰ সময়ত, যি সময়ত উত্তেজনা সকলােতে বিয়পি পৰিছিল, তেতিয়া শ্ৰমিক শ্ৰেণীয়ে নিজৰ উদ্দেশ্য লাভৰ কাৰণে পােনপটীয়াভাৱে প্ৰথমে যিবােৰ চেষ্টা কৰিছিল, স্বভাৱতেই সেই চেষ্টা বিফল হৈছিল, কাৰণ সেই সময়ত শ্ৰমিক শ্ৰেণীৰ অৱস্থা অপৈণত আছিল আৰু শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ কাৰণে আৱশ্যকীয় অৰ্থনৈতিক পৰিবেশৰো অভাৱ আছিল৷ সেই অৱস্থাৰ তেতিয়াও সৃষ্টি হােৱাই নাছিল আৰু একমাত্ৰ সমাগত বুৰ্জোৱা সমাজৰ তলতহে সেই অৱস্থা গঢ়ি উঠাটো সম্ভৱ আছিল৷ শ্ৰমিক শ্ৰেণীৰ এই প্ৰথম পৰ্যায়ত বিপ্লৱসমূহৰ লগে লগে যি বৈপ্লৱিক সাহিত্যৰ সষ্টি হৈছিল, অনিবাৰ্যভাৱেই তাৰ কিছু প্ৰতিক্ৰিয়াশীল চৰিত্ৰও আছিল৷ সকলাে বিষয়ৰে প্ৰতি বৈৰাগ্য আৰু সমাজত সকলােকে অতি স্থূলভাৱে সমান কৰাৰ শিক্ষা মাথােন এই সাহিত্যই দিছিল৷

প্ৰকৃতপক্ষে যাক সমাজতান্ত্ৰিক আৰু কমিউনিষ্ট পদ্ধতি বুলি ক’ব পাবি, অৰ্থাৎ চাঁ-চিমো, ফুৰিয়ে, ওৱেন আদিৰ পদ্ধতিসমূহ, উল্লেখ কৰা বুৰ্জোৱা আৰু শ্ৰমিক শ্ৰেণীৰ প্ৰাথমিক অপৈণত সংগ্ৰামৰ সময়তেই উদ্ভৱ হৈছিল। (‘বুৰ্জোৱা আৰু সৰ্বহাৰা’ পৰিচ্ছেদ দ্ৰষ্টব্য)

এই পদ্ধতি উদ্ভাৱন কৰোতাসকলে প্ৰকৃত শ্ৰেণী-বিৰােধ দেখা পাইছিল আৰু চলিত সমাজব্যৱস্থাৰ পচি যাবলৈ ধৰা উপাদানবােৰৰ ক্ৰিয়াও দেখিবলৈ পাইছিল৷ কিন্তু তেতিয়াও চালুকীয়া অৱস্থাত থকা শ্ৰমিক শ্ৰেণীটো তেওঁলােকৰ দৃষ্টিত কোনাে ঐতিহাসিক উদ্যম নথকা বা কোনো স্বতন্ত্ৰ ৰাজনৈতিক আন্দোলন নথকা শ্ৰেণী হিচাপেই মাথােন ধৰা দিছিল৷

শ্ৰমশিল্প বিকাশৰ লগত সমানে খােজত খােজ মিলাই শ্ৰেণী-বিৰােধ আগ বাঢ়ে৷ সেইকাৰণে তেওঁলােকে যিধৰণে তেতিয়াৰ অৰ্থনৈতিক অৱস্থাটো দেখিছিল সেই অৱস্থাই শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ কাৰণে বাস্তৱ অৱস্থা গঢ়ি তুলিব পৰা নাছিল৷ গতিকে তেওঁলােকে এনে অৱস্থাৰ সৃষ্টি কৰিব পৰা এক নতুন সমাজবিজ্ঞান আৰু সামাজিক বিধি-বিধানৰ অন্বেষণ কৰিবলৈ ধৰিলে৷

তেওঁলােকৰ মতেৰে, ঐতিহাসিক ক্ৰিয়াই তেওঁলােকৰ ব্যক্তিগত উদ্ভাৱন ক্ৰিয়াৰ ওচৰত হাৰ মানিব লাগিব, মুক্তিৰ কাৰণে ঐতিহাসিকভাৱে তৈয়াৰ হোৱা অৱস্থাই ঠাই এৰি দিব লাগিব কাল্পনিক অৱস্থাক, আৰু ক্ৰমাগত স্বতঃস্ফূৰ্তভাৱে গঢ় লৈ অহা সৰ্বহাৰাৰ শ্ৰেণী-সংগঠনে বাট এৰি দিব লাগিব এই উদ্ভাৱন কৰোতাসকলে বিশেষভাৱে ৰচনা কৰা এক সমাজ সংগঠনক৷ তেওঁলােকৰ দৃষ্টিত ভৱিষ্যতৰ ইতিহাস হ’ল তেওঁলােকৰেই সামাজিক পৰিকল্পনাৰ প্ৰচাৰ আৰু কাৰ্যক্ষেত্ৰত ৰূপায়ণ৷

পৰিকল্পনা ৰচনা কৰাৰ সময়ত তেওঁলােক প্ৰধানতঃ শ্ৰমিক শ্ৰেণীটোৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰাৰ বিষয়ত সচেতন আছিল, কাৰণ এই শ্ৰেণীটোৱেই আটাইতকৈ বেছি কষ্ট সহ্য কৰিবলগা হয়৷ শ্ৰমিক শ্ৰেণীটো সবাতােকৈ বেছি নিষ্পেষিত – একমাত্ৰ এই কাৰণতেহে মাথােন তেওঁলােকৰ দৃষ্টিত শ্ৰমিক শ্ৰেণীৰ অস্তিত্ব আছিল৷

শ্ৰেণী-সংগ্ৰামৰ চালুকীয়া অৱস্থাৰ কাৰণে, আৰু তেওঁলােকে নিজে যি পৰিবেশত বাস কৰিছিল তাৰ কাৰণে এনেধৰণৰ সমাজতন্ত্ৰীসকলে নিজকে সকলাে প্ৰকাৰৰ শ্ৰেণী-সংঘাতৰ বহু ওপৰত বুলি ভাবি লৈছিল৷ তেওঁলােকে সমাজৰ প্ৰত্যেকজন মানুহৰে, আনকি আটাইতকৈ সুবিধাভােগীজনৰো অৱস্থাৰ উন্নতি কৰিবলৈ বিচাৰিছিল৷ সেইকাৰণে তেওঁলােকৰ আৱেদন আছিল সমগ্ৰ সমাজৰ উদ্দেশ্যে, সাধাৰণভাৱে তাত কোনাে শ্ৰেণীগত পাৰ্থক্য নাছিল৷ অকল সেয়ে নহয়, তেওঁলােকে সকলােৰে আগতে শাসক শ্ৰেণীৰ প্ৰতিহে আৱেদন জনাইছিল৷ কিয়নাে তেওঁলােকে ভাবিছিল, তেওঁলােকৰ পদ্ধতিৰ কথা যদি এবাৰ জনসাধাৰণে বুজি পায়, তেন্তে তেওঁলােকৰ পৰিকল্পনাই যে সমাজৰ পক্ষে সম্ভৱপৰ আটাইতকৈ ভাল পৰিকল্পনা, সেই কথা জানাে নেদেখাকৈ থাকিব পাৰিব?

সেইকাৰণে তেওঁলােকে সকলাে প্ৰকাৰৰ ৰাজনৈতিক, বিশেষকৈ সমস্ত বৈপ্লৱিক আন্দোলন অগ্ৰাহ্য কৰে৷ শান্তিপূৰ্ণ উপায়েৰেই তেওঁলােকে তেওঁলােকৰ উদ্দেশ্য পূৰণ কৰিবলৈ বিচাৰে৷ তেওঁলােকৰ চেষ্টা স্বভাৱতে বিফল হ’বলৈ বাধ্য, সৰু সৰু পৰীক্ষাবিলাকৰ মাজেদি আৰু নিজে দেখুওৱা দৃষ্টাত্তৰ বলেৰেই তেওঁলােকে নতুন সমাজৰ পৰিত্ৰাণৰ পথ ৰচনা কৰিব খোজে৷

ভৱিষ্যৎ সমাজৰ সম্পৰ্কে এনেধৰণৰ মনে-গঢ়া ছবি অঁকা হৈছিল যি সময়ত, সেই সময়ত শ্ৰমিক শ্ৰেণীৰ অৱস্থা আছিল একেবাৰে চালুকীয়া আৰু সাধাৰণভাৱে সমাজৰ সমূহীয়া পুনৰ্গঠনৰ কাৰণে সেই শ্ৰেণীৰ প্ৰাথমিক সহজাত আকাংক্ষাৰ লগত খাপ খােৱাকৈ ইয়াৰ নিজৰ অৱস্থা সম্বন্ধে ধাৰণাও আছিল কেৱল মনে-গঢ়াধৰণৰ৷

এই সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্যৰ ভিতৰত কিন্তু এটা সমালােচনামূলক উপাদানাে আছে৷ বৰ্তমান সমাজৰ প্ৰত্যেকটো নীতিকে তেওঁলােকে আক্ৰমণ কৰিছিল৷ সেইকাৰণে এই ৰচনাবোৰ শ্ৰমিক শ্ৰেণীৰ জ্ঞান বিকাশৰ পক্ষে মূল্যৱান তথ্য-পাতিৰে পূৰ্ণ আছিল৷ কাৰ্যকৰী ব্যৱস্থা হিচাপে সেই সাহিত্যত প্ৰস্তাৱ কৰা হৈছিল : নগৰ আৰু গাঁৱৰ মাজত থকা পাৰ্থক্যৰ অৱসান, পৰিয়াল প্ৰথাৰ উচ্ছেদ, ব্যক্তিগত লাভৰ কাৰণে শিল্প পৰিচালনা আৰু মজুৰি-শ্ৰম প্ৰথাৰ অৱসান, সামাজিক স্বাৰ্থসমন্বয়ৰ কথা ঘােষণা, ৰাষ্ট্ৰৰ কামক মাত্ৰ উৎপাদনৰ তত্ত্বাৱধান কৰালৈ পৰিৱৰ্তন কৰা৷ এই সকলােবিলাক প্ৰস্তাৱেই শ্ৰেণী-বিৰােধ নােহােৱা কৰাৰ কথালৈকে সম্পূৰ্ণভাৱে নিৰ্দেশ কৰিছিল৷ কিন্তু শ্ৰেণী-বিৰােধ তেতিয়া মূৰ দাঙি উঠিবলৈ ধৰিছিলহে মাত্ৰ৷ তথাপিও এই সাহিত্যত সিবােৰৰ প্ৰাথমিক, অস্পষ্ট আৰু অনিৰ্দিষ্ট ৰূপটো স্বীকাৰ কৰা হৈছিল৷ সেইকাৰণেই এই প্ৰস্তাৱবিলাক আছিল একেবাৰে মনে-গঢ়াধৰণৰ৷

সমালােচনামূলক-কাল্পনিক সমাজতন্ত্ৰ আৰু সাম্যবাদৰ তাৎপৰ্যৰ লগত ঐতিহাসিক অগ্ৰগতিৰ সম্পৰ্কটো বিপৰীতমুখী৷ যি অনুপাতে আধুনিক শ্ৰেণী সংগ্ৰাম বাঢ়ি যায় আৰু স্পষ্ট ৰূপ ধাৰণ কৰে সেই অনুপাতেই সংগ্ৰামৰপৰা দূৰত থকা এই মনে-গঢ়া দষ্টিভঙ্গী আৰু সংগ্ৰামৰ ওপৰত চলােৱা সকলাে মনে-গঢ়া আক্ৰমণৰ বাস্তৱ ক্ষেত্ৰত কোনাে মূল্য নাথাকে, আৰু তত্ত্বগত ক্ষেত্ৰতাে সকলাে ন্যায্য যুক্তি হেৰুৱাই পেলায়৷ সেইকাৰণে এই পদ্ধতি প্ৰথমে ৰচনা কৰোতাসকল বহু দিশত বিপ্লৱী আছিল যদিও তেওঁলােকৰ অনুগামীসকল কিন্তু প্ৰত্যেক ক্ষেত্ৰত প্ৰতিক্ৰিয়াশীল গােষ্ঠীত মাত্ৰ পৰিণত হৈছিল৷ শ্ৰমিক শ্ৰেণীৰ প্ৰগতি-অভিমুখী ঐতিহাসিক অগ্ৰগতিৰ বিৰুদ্ধে তেওঁলোকৰ গুৰুসকলৰ মূল কথাবিলাকতে আঁকোৰগোজালি মাৰি ধৰি থাকিছিল৷ সেইকাৰণে তেওঁলােকে শ্ৰেণী সংগ্ৰাম নিৰ্জীৱ কৰিবৰ কাৰণে আৰু শ্ৰেণী-বিৰোধ মিটমাট কৰিবলৈ অনবৰতে চেষ্টা চলাই গৈছিল৷ তেওঁলােকে এতিয়াও সপােন দেখে তেওঁলােকৰ সামাজিক কল্পনাবিলাসী ধাৰণাবিলাকে পৰীক্ষামূলক বাস্তৱ ৰপ পােৱাৰ, অ’ত-ত’ত ফালানষ্টেৰ প্ৰতিষ্ঠা কৰাৰ, ‘হােম কলােনি’ স্থাপন আৰু ‘লিটল আইকেৰিয়া’**** গঢ়ি তােলাৰ, নৱ জেৰুজালেমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সংস্কৰণ হিচাপে – আৰু এই কাল্পনিক ভূস্বৰ্গ বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে তেওঁলােক বুৰ্জোৱা শ্ৰেণীৰ অনুকম্পা আৰু ধন ভিক্ষা কৰিবলৈও বাধ্য হৈছিল৷ ক্ৰমে ক্ৰমে এওঁলােকো ওপৰত উনুকিয়াই অহা প্ৰতিক্ৰিয়াশীল অথবা ৰক্ষণশীল সমাজতন্ত্ৰীৰ শাৰীলৈ নামি যাবলগাত পৰে৷ তেওঁলােকৰ লগত এওঁলােকৰ পাৰ্থক্য হ’ল এয়ে যে এওঁলােক খাপ খুৱাই পণ্ডিতালি কথা কোৱাত বেছি পটু, আৰু স্বীয় সমাজবিজ্ঞানৰ অলৌকিক শক্তি সম্বন্ধে কুসংস্কাৰেৰে ভৰা আঁকোৰগােজ বিশ্বাসাে এওঁলােকৰ অতি দৃঢ়৷

সেই কাৰণে তেওঁলােকে শ্ৰমিক শ্ৰেণীৰ সকলাে ৰাজনৈতিক সংগ্ৰামৰ তীব্ৰ বিৰােধিতা কৰিছিল৷ তেওঁলােকৰ মতে তেনেধৰণৰ সংগ্ৰাম, নতুন মুক্তিৰ পথত অন্ধ অবিশ্বাসৰ পৰিণতি হিচাপেই মাথােন আহি পৰা সম্ভৱ৷

ইংলেণ্ডত ওৱেন-পন্থীসকলে, ফ্ৰান্সত ফুৰিয়ে-পন্থীসকলে যথাক্ৰমে চাৰ্টিষ্ট আৰু সংস্কাৰবাদীসকলৰ বিৰােধিতা কৰে৷

টোকাসমূহ :

  • ১৬৬০ চনৰপৰা ১৬৮৯ চনলৈ ইংৰাজী ৰেষ্টোৰেচন নহয়, ১৮১৪ৰপৰা ১৮৩০ চনলৈ ফৰাচী ৰেষ্টোৰেশন৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা৷)
    • কথাটো বিশেষকৈ জাৰ্মানিৰ ক্ষেত্ৰত প্ৰযােজ্য৷ তাত অভিজাত ভূস্বামী আৰু জমিদাৰসকলে তেওঁলােকৰ জমিদাৰিবােৰৰ ডাঙৰ ডাঙৰ অংশবােৰত নিজেই গােমস্তা ৰাখি খেতি কৰায়, তদুপৰি নিজেই ব্যাপকভাৱে মিঠা বীট আৰু আলুৰ মদ তৈয়াৰ কৰে৷ এওঁলােকতকৈ অধিক অৱস্থাপন্ন ইংৰাজ অভিজাতসকল অন্ততঃ এতিয়াও ইয়াৰ ওপৰত আছে; কিন্তু এওঁলােকেও কম খাজনাৰ ক্ষতিপূৰণৰ বাবে কম-বেছি পৰিমাণে সন্দেহজনক জয়েণ্ট-ষ্টক কোম্পানি প্ৰতিষ্ঠাৰ অনিয়মিত কামত নিজৰ নাম ধাৰে দিবলৈ জানে৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা৷)
      • ১৮৪৮ চনৰ বৈপ্লৱিক ধুমুহাই এই অপৰিচ্ছন্ন প্ৰৱণতাক সাৰি-পুচি লৈ যায় আৰু সমাজতন্ত্ৰ লৈ ইয়াৰ প্ৰবক্তাসকলে জল্পনা-কল্পনা কৰাৰ বাসনাও নােহােৱা কৰে৷ এই প্ৰৱণতাৰ প্ৰধান প্ৰতিভূ আৰু ক্লাছিকেল প্ৰতিচ্ছবি হৈছে কাৰ্ল গ্ৰুন ডাঙৰীয়া। (১৮৯০ চনৰ জাৰ্মান সংস্কৰণত এঙ্গেলছৰ টীকা৷)
        • ‘ফালানষ্টেৰ’ হৈছে ফুৰিয়েৰ-কল্পিত সমাজতন্ত্ৰী উপনিৱেশ; কাবেই তেওঁৰ ইউটোপিয়া আৰু পৰৱৰ্তী আমেৰিকাস্থিত কমিউনিষ্ট উপনিৱেশক আইকেৰিয়া নাম দিয়ে৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা)

ওৱেনে তেওঁৰ আদৰ্শ কমিউনিষ্ট গােষ্ঠীবােৰক ‘হােম কলোনি’ বুলিছিল; ফুৰিয়েৰ-কল্পিত সৰ্বভােগ্য প্ৰাসাদৰ নাম ‘ফালানষ্টে’৷ যি ইউটোপীয় কল্পৰাজ্যৰ কমিউনিষ্ট প্ৰতিষ্ঠান কাবেই বৰ্ণনা কৰিছিল, তাৰেই নাম ‘আইকেৰিয়া’৷ (১৮৯০ চনৰ জাৰ্মান সংকৰণত এঙ্গেলছৰ টীকা৷)