কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/বুৰ্জোৱা আৰু সৰ্বহাৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ
কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিডৰিখ এঙ্গেলস

এতিয়ালৈকে দেখা পোৱা সকলো সমাজৰে ইতিহাস** হ'ল শ্ৰেণী সংগ্ৰামৰ ইতিহাস।

স্বাধীন মানুহ আৰু ক্ৰীতদাস, অভিজাত মানুহ আৰু সাধাৰণ মানুহ, জমিদাৰ আৰু ভূমিদাস, মধ্য যুগৰ গিল্ড মাষ্টাৰবিলাক আৰু তেওঁলোকৰ অধীনত থকা কৰ্মীসকল, এক কথাত, সকলো অত্যাচাৰী আৰু অত্যাচৰিত, নিষ্পেষিত হোৱাসকলৰ ভিতৰত সদায়ে পৰস্পৰ-বিৰোধী শক্তি হিচাপে অবিৰাম সংগ্ৰাম চলি আহিছে; এই সংগ্ৰাম হয়টো চলিছে কেতিয়াবা গোপনে, কেতিয়াবা দেখাদেখিভাৱে, প্ৰত্যেক সংগ্ৰামেই শেষ হৈছে হয় সমাজলৈ বৈপ্লৱিক পুনৰ্গঠন আনি নাইবা যুঁজ কৰা শ্ৰেণীবিলাকৰ উমৈহতীয়া ধ্বংসৰ মাজেদি।

ইতিহাসৰ প্ৰথম অৱস্থাত প্ৰায় সকলো ঠাইতে সমাজৰ বিভিন্ন শ্ৰেণী আৰু উচ্চ-নীচ ভাগ থকা সামাজিক অৱস্থাৰ জটিল সমাৱেশ দেখা যায়। পুৰণি কালৰ ৰোম ৰাজ্যত আছিল অভিজাত (ডাঙৰীয়া) শ্ৰেণী, যুঁজাৰু বীৰসকল, সাধাৰণ তৰপৰ মানুহ আৰু ক্ৰীতদাস। মধ্য যুগত আছিল সামন্ত প্ৰভুৰ দল, তলতীয়া ৰায়ট, গিল্ড মাষ্টাৰ, শিক্ষানবিছ আৰু ভূমিদাস। ইয়াৰো প্ৰায় সকলোবিলাক শ্ৰেণীৰে তলতীয়া হৈ থকা সৰু স্তৰবিলাক দেখা যায়।

সামন্ত সমাজ ভাঙি পৰাৰ ভেটিতে আজিৰ বুৰ্জোৱা সমাজ গঢ়ি উঠিছে, এই বুৰ্জোৱা সমাজেও শ্ৰেণী-সংগ্ৰাম শেষ কৰিব পৰা নাই। বৰং এই ব্যৱস্থাই মাথোন পুৰণিৰ ঠাইত নতুন নতুন শ্ৰেণীৰ সৃষ্টি কৰিছে, উৎপীড়নৰ নতুন নতুন ধৰণ আৰু পুৰণিৰ ঠাইত সংগ্ৰামৰ নতুন নতুন কৌশল।

আমাৰ যুগটোৰ অৰ্থাৎ বুৰ্জোৱা শ্ৰেণীৰ যুগটোৰ এটা বিশেষত্ব আছে: ই শ্ৰেণী সংগ্ৰামক আগতকৈ পোণপটীয়া কৰি তুলিছে; সমগ্ৰ সমাজ ক্ৰমে বেছি পৰিমাণে আজি দুই বিৰাট বিৰোধী শিবিৰত, পোণপটীয়াভাৱে মুখামুখী হোৱা দুই বিৰাট শ্ৰেণীত দুভাগ হৈ যাবলৈ ধৰিছে। সেই দুই শ্ৰেণী হ'ল বুৰ্জোৱা আৰু সৰ্বহাৰা।

মধ্য যুগৰ ভূমিদাসসকলৰপৰাই প্ৰথমে স্থাপিত হোৱা নগৰসমূহৰ অধিকাৰপ্ৰাপ্ত নাগৰিকৰ উদ্ভৱ হৈছে। এই নাগৰিকসকলৰপৰাই বুৰ্জোৱা শ্ৰেণীৰ প্ৰথম উপাদানবোৰ বিকশিত হয়।

আমেৰিকা আৰু আফ্ৰিকা মহাদেশৰ দক্ষিণ সীমাইদি ঘূৰি আহিব পৰাকৈ হোৱা সমুদ্ৰ পথৰ আৱিষ্কাৰে বাঢ়ি অহা বুৰ্জোৱা শ্ৰেণীৰ সন্মুখত নতুন নতুন কৰ্মক্ষেত্ৰ ৰচনা কৰিলে। পূৰ্ব ভাৰত আৰু চীনৰ বজাৰ, আমেৰিকাত উপনিবেশ স্থাপন , উপনিবেশসমূহৰ লগত বাণিক্ষ্য, সাধাৰণভাৱে হোৱ বিনিময় ব্যৱস্থা আৰু উত্পন্ন বস্তুৰ বৃদ্ধিয়ে বাণিজ্য, সাগৰেদি যাতায়াত আৰু শিল্পৰ ক্ষেত্ৰলৈ আগতে কোনো দিনে নোহোৱা ধৰণৰ প্ৰেৰণা আনি দিয়ে আৰু থৰক-বৰক হৈ পৰা সামন্ত সমাজত জন্ম পোৱা বৈপ্লৱিক শক্তিক বেগেৰে আগবাঢ়ি অহাৰ সমল যোগায়।

সামন্ত যুগত শিল্প আৰু শিল্পৰ উত্পাদন ব্যৱস্থাৰ ওপৰত আছিল সীমবদ্ধ শিল্প সঙ্ঘবোৰৰ (গিল্ড) একচেটিয়া অধিকাৰ। নতুন নতুন বজাৰৰ বাঢ়ি অহা প্ৰয়োজন সেই ব্যৱস্থাৰ উত্পাদনে পূৰণ কৰিব নোৱৰাত পৰিল। গতিকেই তাৰ ঠাইত আহি পৰিল কাৰখানাৰ যোগে উত্পাদনৰ ব্যৱস্থা। শিল্প সঙ্ঘৰ গৰাকীক নতুন কাৰখানাৰ মালিক মধ্যবিত্ত শ্ৰেণীয়ে একাষলৈ ঠেলি পথালে; আগৰ শিল্প সঙ্ঘবোৰৰ ইটো সিটোৰ্মাজত শ্ৰমৰ যি বিভাগ আছিল সি নোহোৱা হ'ল আৰু একেটা কৰখানাৰ ভিতৰতে শ্ৰমবিভাগ হ'বলৈ ধৰিলে।

ইতিমধ্যে বজাৰ আৰু বাঢ়ি গ'ল আৰু লগে লগেই বস্তুৰ চাহিদা বাঢ়ি যাবলৈ ধৰিলে। এই অৱস্থাত আনকি কাৰখানাৰ উত্পাদনেৰেও প্ৰয়োজন পূৰাব নোৱৰা হ'ল। এই অৱস্থাত ভাপ আৰু যন্ত্ৰৰ আৱিষ্কাৰে শিল্পৰ ক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনে। আগৰ সৰু কাৰখানাৰ ঠাইত বৃহত্‌ আকাৰৰ আধুনিক শিল্পপ্ৰতিষ্ঠান গঢ়ি উঠিল, আগৰ ব্যৱসায়ীৰ মধ্য শ্ৰেণীৰ ঠাই দখল কৰিলে শিল্পৰ কোটিপতিয়ে, সমুদায় শিল্প বাহিনীৰ মালিক, আধুনিক বুৰ্জোৱাই।

আধুনিক শিল্পই পৃথিৱী জুৰি বজাৰ বহলালে, আমেৰিকাৰ আৱিষ্কাৰে ইয়াৰ কাৰণে আগতেই মাট মুকলি ক্ৰি ৰাখিছিল। এই বাঢ়ি যোৱা বিশ্ববজাৰে বাণিজ্যজ, জল আৰু স্থল পথেদি যাতায়াতৰ সুবিধা বহুদূৰ আগ বঢ়াই আনিলে। এই উন্নতিয়ে শিল্পৰ আৰু বেছি অগ্ৰগতি সাধন কৰে, এনেকৈয়ে যি পৰিমাণে শিল্প, বাণিজ্য, জলপথ, ৰেলপঠ বাঢ়ি গ'ল, ঠিক সেই পৰিমাণে বুৰ্জোৱা শ্ৰেণী শক্তিশালী হৈ আহিল, ই মূলধন বঢ়ালে আৰু মধ্যযুগৰ পৰা ঠাকি অহা সকলো শ্ৰীণীকে পিছ পেলাই নিজে আগবাঢ়ি গ'ল।

গতিকে দেখা যায়, আধুনিক বুৰ্জোৱা শ্ৰেণীটোৰ নিজৰে বিকাশ ঘটাৰ পিছতে আছে ক্ৰমোন্নতিৰ এক দীঘলীয়া ইতিহাস, উত্পাদন প্ৰণালী আৰু বিনিময়ৰ ব্য়ৱস্থাত লেথাৰি-নিছিগাকৈ ঘটি অহা ৰূপান্তৰসমূহৰ অৱদান।