কথা-গীতা/দ্বিতীয় অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৬৮ ] শোক কৰিতে যোগ্য নহৱা। আত্মাৰ জন্ম মৰণ নাই পদে শোক কৰিতে নলাগে, আক কহিলো। যদি বোলা আত্মা দেহৰ লগতে জন্ম হয়, দেহৰ মৰণে মৰয়, তথাপি তুমি শোক কৰিতে যোগ্য নহৱা, তাৰ যুক্তি শুনা। জন্ম হৈলে আপুনাৰ কৰ্ম্মে মৰণ নিশ্চয় হৈব, মৃতকৰো সেই দেহৰ কৰ্ম্মে জন্মো অবশ্যে হৈব, এতেকে অপৰিহাৰ্য্য কাৰ্যত তুমি বিদ্বন্ত হুয়া কেনে শোক কৰা। দেহাদিৰ স্বভাৱ দেখি দেহোপাধিয়ে আত্মাৰ জন্ম মৰণ মানি, শোক কৰিতে নাপাৱা। অব্যক্ত প্ৰধান হন্তে, সকল শৰীৰ উৎপন্ন হুয়াছে; মাঝত মাত্ৰ ব্যক্ত হুয়াছে; পুনু অব্যক্ততে লয় হৈবেক। এতেকে দেহাদি প্ৰপঞ্চ স্বপ্ন সম তাত কেনে তুমি শোক কৰা। যদি বোলা তেবে কেনে বিদ্বন্তসবে শোক কৰে; সিয়ো আত্মাৰ অজ্ঞানত ঘটে। বিবেকী জনো শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে আত্মাক দেখিয়ো, আশ্চৰ্য্য হেন দেখে; সৰ্ব্বগত নিত্য জ্ঞানআনন্দ আত্মক সম্ভাবিবে নপাৰে; তেমনে কহিয়ো শুনিয়ো আত্মাক কেঞো নাজানে। এতেকে জানিবা, সকল দেহত আত্মাক নিত্য অবধ্য জানি তুমি কাকো লাগি শোক কৰিতে অৰ্হ নহবা। যি বুলিছা মোৰ শৰীৰ কাম্পে সি যুক্ত নহে। আত্মাৰ নাশ নাই পদে কম্পিবে নৰিহে; স্বধৰ্ম্ম দেখিয়ো কম্পিবে নাপাই। যি বুলিছা স্বজনক বধি শ্ৰেয়স নেদেখো, তাত শুনা। ন্যায় যুদ্ধ বিনে ক্ষত্ৰিয়ৰ আন শ্ৰেয়স নাই। মহা শ্ৰেয়স তোমাৰ আপুনি মিলিছে, তাত কেমনে কম্পা; ভাগ্যৱন্ত ক্ষত্ৰিয়সবে [ ৬৯ ] অপ্ৰাৰ্থিত এমন যুদ্ধক লভে; যাতো আক অনাবৃত স্বৰ্গদ্বাৰ বুলি। যদি তুমি এই ধৰ্ম্ম যুদ্ধ নকৰা, তেবে ধৰ্ম্ম কীৰ্ত্তি দুইকো এড়ি পাপক লভিবা; সকল লোকেও অকীৰ্ত্তি কহিব।. উত্তম জনৰ মৰণতো কৰি অকীৰ্ত্তি বড় দেখি। মহাৰথীসবে মানিব, অৰ্জ্জুন ভয়ে যুদ্ধত নিবৰ্ত্তিলা; যাৰা তোমাক বড় বুলি সতকাৰ কৰিছিল, তাৰাৰ আগত লঘু হৈবা। শত্ৰুসবে তোমাৰ সামৰ্থ্যক নিন্দি অনেক অবাক্য বুলিব; তাত পৰে আউৰ কি দুষ্‌খ আছে? যদি কৰ্ণাদি তোমাক বধে, তেবে স্বৰ্গ লভিবা; যদি তাৰাক জিনা, তেবে পৃথিবীক ভোগ কৰিবা; দুয়ো পক্ষে তোমাৰ লাভ দেখি। এতেকে নিশ্চয় কৰি যুদ্ধক উঠা। যি বুলিছা আৰাক মাৰি মঞি পাপক পাইম, তাত শুনা। সুখ-দুখ, লাভ-অলাভ, জয়-পৰাজয়ক সম দেখি হৰিষ বিষাদ নকৰি, স্বধৰ্ম্ম বুদ্ধিয়ে যুদ্ধ কৰিলে কদাচিতো পাপ নলভিবা। এমনে জ্ঞানযোগ উপসংহৰি তাৰ সাধন কৰ্ম্ম- যোগ কহিতে লাগিলা। জানা অৰ্জ্জুন, জ্ঞানযোগত কৰণীয় বুদ্ধি তোমাত কহিলো; তথাপি যদি তোমাৰ আত্মবোধ নহৈল, আবে জ্ঞানৰ সাধন কৰ্ম্মযোগত বুদ্ধি শুনা। তেবে ঈশ্বৰাৰ্পিত কৰ্ম্মযোগে চিত্ত শুদ্ধ হৈলে, ঈশ্বৰৰ প্ৰসাদে আত্মাক জানি কৰ্ম্ম এড়িবা। যদি বোলা কৃষি আদি কৰ্ম্মত কদাচিত বিঘ্ন বাহুল্যে ফলব্যভিচাৰ দেখি, তেমনে মন্ত্ৰাদি বৈগুণ্য কৰ্ম্ম- যোগতো হয়। তেবে কেমনে কৰ্ম্মযোগে কৰ্ম্মবন্ধ দূৰ কৰিব, তাত শুনা। এই ঈশ্বৰাৰ্পিত কৰ্ম্মযোগৰ অসম্ভৱ নাই, দোষো [ ৭০ ] নঘটে। ঈশ্বৰৰ উদ্দেশে বিঘ্নবৈগুণ্য নসম্ভবে। ই ধৰ্ম্মৰ অল্প আৰম্ভো সংসাৰত ৰক্ষা কৰে। কাম্য কৰ্ম্ম হেন কিঞ্চিত বৈগুণ্য মাত্ৰো বিফল নহে, আৰ যুক্তি শুনা। দুয়ো কৰ্ম্মৰ বৈষম্য দেখা। ঈশ্বৰ আৰাধন কৰ্ম্মযোগত পৰমেশ্বৰৰ সেৱায়ে মঞি নিশ্চয়ে তৰিম, এই নিশ্চয়াত্মিকা বৃদ্ধি একমাত্ৰ। অব্যৱসায়ী বহিৰ্মুখসবৰ আন কামনাই অনেক বুদ্ধি হয়, তাতে গুণকৰ্ম্মবশে বাহুল্য হয়; ঈশ্বৰ আৰাধন, নিত্য নৈমিত্তিক কৰ্ম্ম, কিঞ্চিদ্বৈগুণ্যেও নষ্ট নহে। যিমান শক্তি সেইমানকেসে বিধান কৰে। ঈশ্বৰ উদ্দেশে বিঘ্নবৈগুণ্যো দূৰ হয়; কাম্য কৰ্ম্ম, পুনু তেমন নহে। এতেকে দুয়ো কৰ্ম্মৰ মহা বৈষম্য বুঝিবা। যদি বোলা সকামী সবো দুষ্‌খমূল কামনাসব এড়ি একনিষ্ঠ হুয়া কেনে ঈশ্বৰক নভজে, তাত শুনা। যাৰা সবে পুষ্পিত বিষলতা, সম আপাত ৰমণীয় বেদৰ স্বৰ্গাদি ফল শ্ৰুতিবচনক পৰম ফল কৰি বোলে; যাতো বেদৰ স্তুতিপৰ বচনত প্ৰীত হুয়া জ্ঞান শূন্য হুয়াছে। এতেকে স্বৰ্গত পৰ ঈশ্বৰকো প্ৰাপ্য কৰি নোবোলে। কামে আকুলচিত্ত হুয়া স্বৰ্গকে মহাপুৰুষাৰ্থ বুলি মানে। স্বৰ্গভোগ অন্তৰে জন্ম ধৰি কৰ্ম্ম কৰি পুনু স্বৰ্গ পাইবো বুলি মানে; ভোগ ঐশ্বৰ্য্যক পাইবাক লাগি নানা কৰ্ম্মসবো কৰে; সদাই ভোগ ঐশ্বৰ্য্যক আসক্তি কৰি থাকে; বেদৰ পুষ্পিত বাক্যে চিত্তকো হৰিছে। এতেকে তাৰাসব একনিষ্ঠ হুয়া পৰমেশ্বৰক ভজিবে নপাৰে। যদি বোলা স্বৰ্গাদি যেবে পৰম ফল নহে, তেবে কেনে বেদে [ ৭১ ] তাৰ সাধন কৰি, কৰ্ম্মসব বিধান কৰে, তাত শুনা। সকামী লোকক প্ৰতিসে বেদে কৰ্ম্মফল কহে, তুমি নিষ্কামী হুৱা। নিষ্কামী হৈবাৰ উপায় শুনা। সুখ দুষ্‌খক সহা, মহাধৈৰ্য্যক আশ্ৰয় কৰা, অপ্ৰাপ্ত বস্তুক স্বীকাৰ এড়া, প্ৰাপ্ত বস্তুকো ৰক্ষা তেজা, তেবে নিষ্কামী অৱশ্যে হৈবা। যদি বোলা, বেদোক্ত নানা ফল এড়ি নিষ্কাম হুয়া পৰমেশ্বৰৰ আৰাধনত যি ব্যৱসায় বুদ্ধি কহিলা, আক কুবুদ্ধিসে বুলি, তাত শুনা। যেন বাপী কূপ তড়াগত যিমান স্নানপানাদি কাৰ্য্য হয়, সিমান কাৰ্য্য মহাহ্ৰদত একে ঠাই হয়; তেমনে সকল বেদোক্ত কৰ্ম্মত যিমান ফল হয়, সিমান ফল নিশ্চয়াত্মিকাবুদ্ধিযুক্ত ব্ৰহ্মনিষ্ঠৰ হয়। ব্ৰহ্মানন্দত ক্ষুদ্ৰানন্দসব অন্তৰ্ভাব হুয়া আছে। ব্ৰহ্মানন্দ ৰসৰ লৱলেশ কণাক প্ৰাণীসবে আস্বাদন কৰে। এতেকে আক সুবুদ্ধি কৰি জানিবা। তেবে সকল কৰ্ম্মৰ ফল পৰমেশ্বৰ আৰাধনতে মোৰ হৈব বুলি প্ৰৱৰ্ত্তিব। তাক নিবাৰি বোলন্ত তত্ত্বজ্ঞানাৰ্থী তোমাৰ কৰ্ম্মতেসে অধিকাৰ। বন্ধহেতু ফলত কামনা নহৌক। যদি বোলা, কৰ্ম্ম কৰিলে ফল আপুনি হৈব, তাত শুনা। কামনা কৰিলেসে ফল হয়; অকামীত ফল তোমাৰ নহৈব। বন্ধভয়ে কৰ্ম্ম অকৰণতো নিষ্ঠা নকৰিবা; কিন্তু পৰমেশ্বৰত একনিষ্ঠা হুয়া আসক্তি এড়ি কৰ্ম্মসব কৰা। তাৰ ফল, জ্ঞানৰ সিদ্ধি অসিদ্ধিতো সম হুয়া, কেবল ঈশ্বৰত অৰ্পণ কৰি কৰা; যাতে সম ভাৱক যোগ বুলি কহে। ঈশ্বৰাৰ্পিত কৰ্ম্মত কৰি, কাম্য কৰ্ম্ম অত্যন্ত অপকৃষ্ট, এতেকে তুমি ঈশ্বৰত

 
[ ৭২ ]
 

শৰণ লৈয়া, জ্ঞান সাধন নিষ্কাম কৰ্ম্মযোগ আচৰা। সকামী জনক অতি কৃপণ জানিবা। নিষ্কাম কৰ্ম্মযোগী অতি শ্ৰেষ্ঠ, যাতো সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্ম্মসব কৰা; সেই কৰ্ম্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব; যেমনে কৰ্ম্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিবেকীসবে, কৰ্ম্মজন্য ফলসৰ ঈশ্বৰত অৰ্পি কৰ্ম্ম বন্ধ এড়াই, নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। যদি বোলা, মঞি কেতিয়া সেই ফল পাইবু, তাত শুনা। এমনে পৰমেশ্বৰক আৰাধন কৰিতে, যেখন তান প্ৰসাদে, দেহত অভিমান এড়ি তোমাৰ বুদ্ধি সবাতে বিৰক্ত হুয়া, ঈশ্বৰত নিশ্চল হুয়া ৰহে, তেখনে মোক্ষক লভিবা।  সেই জ্ঞানীৰ লক্ষণ জানিতে, অৰ্জ্জুনে পুছন্ত। হে কেশৱ, স্থিতপ্ৰজ্ঞৰ কি লক্ষণ, কেমন বচন, আচৰণ, ব্ৰজন, তাক মোত কহা। ভগৱন্তে বোলন্ত, জানা অৰ্জ্জুন, সাধক পুৰুষৰ যি জ্ঞান সাধন, সিদ্ধিৰ তাকে লক্ষণ বুঝিবা। এতেকে সিদ্ধিৰ লক্ষণ সব শুনা। যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক: স্থিতপ্ৰজ্ঞ বুলি। আৰো তাৰ কিছো লক্ষণ শুনা, দুষ্‌খতো মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে, কাহাতো প্ৰীতি ভয় নকৰে, এমনে ‘স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে’ প্ৰশ্নৰ উত্তৰ কহন্ত। কোনো ঠাই স্নেহ নাচৰে, যেন কূৰ্ম্মে অনায়াসে কৰচৰণমুখক সঙ্কোচ কৰে, তেমনে জ্ঞানীয়ো আন বিষয়ৰ পৰা ইন্দ্ৰিয়ক ৰাখে। যদি বোলা ইন্দ্ৰিয়সবৰ [ ৭৩ ] বিষয়ত অপ্ৰবৃত্তিয়ো স্থিতপ্ৰজ্ঞৰ লক্ষণ হৈবাক নৰিহে। জৰ, আতুৰ, উপবাসপৰৰো বিষয়ত অপ্ৰবৃত্তি দেখি, তাত শুনা। জৰ আদিৰ বিষয়ত অপ্ৰবৃত্তি দেখি, তথাপি তাৰাৰ মনত বিষয়ৰ ৰাগ থাকে; স্থিতপ্ৰজ্ঞৰ পুনু সিয়ো নাই। ইন্দ্ৰিয় নিয়মন নহৈলে স্থিতপ্ৰজ্ঞ নঘটে, এতেকে সাধক অৱস্থাত মহাযত্ব কৰিতে লাগে। বিবেকী জনৰো মোক্ষক যত্ন কৰিতেয়ো ক্ষোভক ইন্দ্ৰিয়সব হঠাতে মনক হৰে। এতেকে যোগী ইন্দ্ৰিয়ক নিয়মি মৎপৰ হুয়া ৰহিব। যাৰ ইন্দ্ৰিয় অধীন হৈল, তাৰ বুদ্ধি স্থিৰ হৈল জানিবা। আসন প্ৰশ্নৰো আতে উত্তৰ বুঝিবা। বাহ্য় ইন্দ্ৰিয় নিয়ম নহৈলে দোষ কহি, মন নিয়ম নকৰিলে দোষ কহন্ত। গুণ বুদ্ধি বিষয়ক চিন্তিলে পুৰুষৰ তাতে আসক্তি হয়। তবে তাত কাম জন্মে, কামৰ প্ৰতিঘাটে ক্ৰোধ হয়। ক্ৰোধ হৈলে কাৰ্য্য অকাৰ্য্য বিবেক গুচে। তেবে তাৰ শাস্ত্ৰ আচাৰ্য্য উপদেশত ভ্ৰম হয়, তেবে পুৰুষৰ বুদ্ধি নাশ হয়; বুদ্ধিনাশ হৈলে মৃতক সম হয়। যদি বোলা ইন্দ্ৰিয়সব সততে বিষয়ত প্ৰৱৰ্ত্তে তাক নিৰোধন অশক্য, এতেকে ইদোষ এড়া নযায়, কেমনে স্থিত প্ৰজ্ঞ হৈব, তাত শুনা। যাৰ মন ইন্দ্ৰিয় বশবৰ্ত্তী হৈল, সি ৰাগ দ্বেষ এড়ি বিষয় ভোগ কৰিতেও শান্তিক লভে। শান্তচিত্ত পুৰুষৰ সকল দুষ্‌খ নষ্ট হয়, বুদ্ধিয়ো স্থিৰ হয়। অজিতেন্দ্ৰিয় পুৰুষৰ, শাস্ত্ৰ আচাৰ্য্যৰ উপদেশেও আত্মাবিষয় বুদ্ধি নঘটে, ধ্যানো নাই, ধ্যান নহৈলে শাস্তিয়ো নাই। অশান্তৰ কৈত মোক্ষ [ ৭৪ ] হয়, আৰ হেতু শুনা। ইন্দ্ৰিয় বশ্য নহৈলে, স্বেচ্ছায় বিষয়ত প্ৰৱৰ্ত্তে, তাৰ মধ্যত একে ইন্দ্ৰিয় মনে পুৰুষৰ বুদ্ধি হৰে, সকল ইন্দ্ৰিয় হৰিব তাক কি বুলিম। যেন প্ৰমত্ত কৰ্ণধাৰ হৈলে বায়ুএ নৌকাক সৰ্ব্বতো ভ্ৰমাই, তেমনে অজ্ঞানীৰ মনো বিষয়ত ফুৰে। এতেকে যাৰ ইন্দ্ৰিয়সব বিষয়ত হন্তে সততে নিবৰ্ত্তন হৈল, তাকে স্থিতপ্ৰজ্ঞ বুঝিবা। যদি বোলা সুপ্ত হেন সকল ইন্দ্ৰিয়ৰ ব্যাপাৰ শূন্য কোনো জন নেদেখি, এতেকে ই লক্ষণক আমি সম্ভাবিবে নপাৰি, তাত শুনা। যি ব্ৰহ্মনিষ্ঠাত সকল লোকৰ ব্যাপাৰ নাই, তাতে যিতো জিতেন্দ্ৰিয় হুয়া জাগি থাকে, যি বিষয়নিষ্ঠাত লোকসব প্ৰৱৰ্ত্তে তাত বিবেকীসবো ব্যাপাৰ নকৰে। যেন দিনান্ধ উলূকসব ৰাত্ৰিতেসে দেখে, দিনত চক্ষু মেলি থাকিতেও নে- দেখে, তেমনে বিবেকীসবো আহাৰাদি কৰিতেও ব্ৰহ্মতেসে দৃষ্টি, বিষয়ত নথাকে। যদি বোলা বিষয়ত দৃষ্টি নহৈলে কেমনে ভোগ কৰে তাত শুনা। যেন নানা নদী পূৰিত সমুদ্ৰক আন জলসব প্ৰবিষ্ট হয়, তথাপি সাগৰে মৰ্য্যাদা নেৰে, তেমনে বিবেকীক প্ৰাৰব্ধ কৰ্ম্মে বিষয় ভোগ কৰাই কিন্তু স্বৰূপত চালিবে নপাৰে। সেই জনে মোক্ষ লভে, কাম ভোগ- পৰে নাপাই। এতেকে যি প্ৰাপ্ত কামভোগসব এড়ি, অপ্ৰাপ্ততে পৃহা নকৰি, অহঙ্কাৰ মমকাৰ তেজি আত্মত মন দিয়া প্ৰাৰব্ধ ভোগে, যি মিলাৱে তাকে ভোগ কৰে, সেইজনে মোক্ষ লভে। [ ৭৫ ]  আকে উপসংহৰি কহন্ত। ঈশ্বৰ আৰাধিতে এই ব্ৰহ্মনিষ্ঠাক ঈশ্বৰ প্ৰসাদে পায়া পুৰুষ সংসাৰী নহে, সততে ব্ৰহ্মনিষ্ঠাত থাকি সংসাৰী নহৈব তাক কি বুলিম। অন্তকালত ক্ষণমাত্ৰ এই ব্ৰহ্মনিষ্ঠাত ৰহি ব্ৰহ্মানন্দ লভে। যি ভগৱন্তে শোকপঙ্কমগ্ন অৰ্জ্জুন ভক্তক সাংখ্যযোগ উপদেশে উদ্ধাৰ কৰিলা, সেই কৃষ্ণত মঞি শৰণ পশিলো।

ইতি শ্ৰীভগৱদ্গীতাসূপনিষৎসু গীতাকথায়াং সাংখ্যযোগোনাম
দ্বিতীয়োহধ্যায়ঃ॥২৷

 হে সামাজিকসব দেখ ভগৱন্তৰ লোকক কৃপা। অৰ্জ্জুনক উপলক্ষ কৰি সকল লোক তৰিবাক প্ৰতি গীতাশাস্ত্ৰ কহিলা। এতেকে বি সুবুদ্ধি হয় তেবে সত্বৰে হৰিক ভজা। আয়ু পুনু পদ্মপত্ৰ জল সম স্থিৰ নহে। হে কৃষ্ণ ভক্তৱৎসল কৰুণাসাগৰ যেমনে তোমাৰ চৰণ পদ্মত মোৰ মন ভ্ৰমৰ ৰহে তেমনে দায়া কৰা। কৌটিবাৰ প্ৰণাম কৰি কাৰ্পণ্য কৰোঁ। সামাজিক সবো ডাকি হৰি বোল হৰি।

যোভক্তমোহমপহাপয়িতুং জগাদ দেহাত্মবোধমথকৰ্ম্মতদঙ্গভূতম্।
জিজ্ঞাসবে কৰুণয়া স্থিতপ্ৰজ্ঞচিহ্লং তস্মৈ নমোহস্তু গুৰৱে যদুনন্দনায়॥